--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা ভাৰতকে ধৰি দেশবোৰৰ বিৰুদ্ধে আমেৰিকাই ৫০০% শুল্ক আৰোপৰ প্ৰস্তাৱ কৰা এখন বিধেয়ক মার্কিন ছিনেটত গৃহীত হোৱাৰ দিশে আগবাঢ়িছে

ডিজিটেল ডেস্ক : আমেৰিকাই শেহতীয়াকৈ গ্ৰহণ কৰা এক পদক্ষেপে ভাৰতকে ধৰি বিশ্বৰ অৰ্থনীতিত ধুমুহাৰ সৃষ্টি কৰিব পাৰে। ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰা দেশবোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ আগবাঢ়িছে আমেৰিকা।


ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা ভাৰতকে ধৰি দেশবোৰৰ বিৰুদ্ধে আমেৰিকাই ৫০০% শুল্ক আৰোপৰ প্ৰস্তাৱ কৰা এখন বিধেয়ক মার্কিন ছিনেটত গৃহীত হোৱাৰ দিশে আগবাঢ়িছে।


প্ৰস্তাৱিত বিধেয়কখনৰ প্ৰতি দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰো সমর্থন আছে। আমেৰিকাৰ মতে, যিবিলাক দেশে নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও এতিয়াও ৰাছিয়াৰ সৈতে বাণিজ্য কৰি আছে সেই দেশবোৰৰ বিৰুদ্ধে এই ব্যৱস্থা গ্রহণ কৰা হ'ব।


'এ বি চি নিউজ'ত দিয়া এক সাক্ষাৎকাৰত ৰিপাব্লিকান চিনেটৰ গ্রাহাম লিণ্ডেছে আজি এই কথা প্রকাশ কৰে। গ্রাহামে কয়, 'যদি আপুনি ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰি আছে আৰু ইউক্রেইনক সহায় কৰা নাই তেতিয়া আপোনাৰ দেশৰ পৰা আমেৰিকালৈ অহা সামগ্রীত ৫০০% শুল্ক আৰোপ কৰা হ'ব। ভাৰত আৰু চীনে পুটিনৰ (ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন) পৰা ৭০% খাৰুৱা তেল ক্ৰয় কৰি আছে। তেওঁলোকে ৰাছিয়া যুদ্ধ প্রণালী অব্যাহত ৰাখিছে।' এই বিধেয়কখন আগষ্ট মাহত চিনেটত উত্থাপন কৰা হ'ব।


ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰি থকা ৰাছিয়াৰ বাবে সংকট সৃষ্টি কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ প্রকাশ কৰে। আমেৰিকাৰ সংসদে এই বিধেয়কত অনুমোদন জনালে ভাৰত আৰু চীনকে ধৰি কেইবাখনো দেশৰ অৰ্থনীীতিত ব্যাপত প্ৰভাৱ পেলাব। ইয়াৰ প্ৰভাৱ বিশ্বৰ অর্থনীতিতো পৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও ভাৰত আৰু চীনকে ধৰি একাংশ দেশে ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰি আছে। আমেৰিকাৰ ৫০০% শুল্ক আৰোপৰ এই পদক্ষেপে ভাৰতৰ ফাৰ্মাচিউটিকেল, বস্ত্ৰ আৰু তথ্য প্রযুক্তি খণ্ডক প্ৰভাৱিত কৰিব পাৰে। গ্রাহামে কয় যে তেওঁ কালি ট্রাম্পৰ সৈতে গ'লফ খেলি থকাৰ সময়ত বিধেয়কখন সংসদত উত্থাপনৰ বাবে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সেউজ সংকেত দিয়ে। গ্রাহামে ট্রাম্পৰ কথা উল্লেখ কৰি কয়, 'কালি তেওঁ প্ৰথমবাৰৰ বাবে ক'লে- এতিয়া আপোনাৰ বিধেয়কখন আগবঢ়াই নিয়াৰ সময় হৈছে।' উল্লেখযোগ্য যে গ্রাহামে এই বিধেয়কখন প্রস্তুত কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু