--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা ভাৰতকে ধৰি দেশবোৰৰ বিৰুদ্ধে আমেৰিকাই ৫০০% শুল্ক আৰোপৰ প্ৰস্তাৱ কৰা এখন বিধেয়ক মার্কিন ছিনেটত গৃহীত হোৱাৰ দিশে আগবাঢ়িছে

ডিজিটেল ডেস্ক : আমেৰিকাই শেহতীয়াকৈ গ্ৰহণ কৰা এক পদক্ষেপে ভাৰতকে ধৰি বিশ্বৰ অৰ্থনীতিত ধুমুহাৰ সৃষ্টি কৰিব পাৰে। ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰা দেশবোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ আগবাঢ়িছে আমেৰিকা।


ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা ভাৰতকে ধৰি দেশবোৰৰ বিৰুদ্ধে আমেৰিকাই ৫০০% শুল্ক আৰোপৰ প্ৰস্তাৱ কৰা এখন বিধেয়ক মার্কিন ছিনেটত গৃহীত হোৱাৰ দিশে আগবাঢ়িছে।


প্ৰস্তাৱিত বিধেয়কখনৰ প্ৰতি দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰো সমর্থন আছে। আমেৰিকাৰ মতে, যিবিলাক দেশে নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও এতিয়াও ৰাছিয়াৰ সৈতে বাণিজ্য কৰি আছে সেই দেশবোৰৰ বিৰুদ্ধে এই ব্যৱস্থা গ্রহণ কৰা হ'ব।


'এ বি চি নিউজ'ত দিয়া এক সাক্ষাৎকাৰত ৰিপাব্লিকান চিনেটৰ গ্রাহাম লিণ্ডেছে আজি এই কথা প্রকাশ কৰে। গ্রাহামে কয়, 'যদি আপুনি ৰাছিয়াৰ পৰা সামগ্ৰী ক্ৰয় কৰি আছে আৰু ইউক্রেইনক সহায় কৰা নাই তেতিয়া আপোনাৰ দেশৰ পৰা আমেৰিকালৈ অহা সামগ্রীত ৫০০% শুল্ক আৰোপ কৰা হ'ব। ভাৰত আৰু চীনে পুটিনৰ (ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন) পৰা ৭০% খাৰুৱা তেল ক্ৰয় কৰি আছে। তেওঁলোকে ৰাছিয়া যুদ্ধ প্রণালী অব্যাহত ৰাখিছে।' এই বিধেয়কখন আগষ্ট মাহত চিনেটত উত্থাপন কৰা হ'ব।


ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰি থকা ৰাছিয়াৰ বাবে সংকট সৃষ্টি কৰাৰ বাবে এই পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ প্রকাশ কৰে। আমেৰিকাৰ সংসদে এই বিধেয়কত অনুমোদন জনালে ভাৰত আৰু চীনকে ধৰি কেইবাখনো দেশৰ অৰ্থনীীতিত ব্যাপত প্ৰভাৱ পেলাব। ইয়াৰ প্ৰভাৱ বিশ্বৰ অর্থনীতিতো পৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰা সত্ত্বেও ভাৰত আৰু চীনকে ধৰি একাংশ দেশে ৰাছিয়াৰ পৰা কম দামত খাৰুৱা তেল ক্ৰয় কৰি আছে। আমেৰিকাৰ ৫০০% শুল্ক আৰোপৰ এই পদক্ষেপে ভাৰতৰ ফাৰ্মাচিউটিকেল, বস্ত্ৰ আৰু তথ্য প্রযুক্তি খণ্ডক প্ৰভাৱিত কৰিব পাৰে। গ্রাহামে কয় যে তেওঁ কালি ট্রাম্পৰ সৈতে গ'লফ খেলি থকাৰ সময়ত বিধেয়কখন সংসদত উত্থাপনৰ বাবে মার্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সেউজ সংকেত দিয়ে। গ্রাহামে ট্রাম্পৰ কথা উল্লেখ কৰি কয়, 'কালি তেওঁ প্ৰথমবাৰৰ বাবে ক'লে- এতিয়া আপোনাৰ বিধেয়কখন আগবঢ়াই নিয়াৰ সময় হৈছে।' উল্লেখযোগ্য যে গ্রাহামে এই বিধেয়কখন প্রস্তুত কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ