--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰিপাব্লিকান নেতা বাডী কার্টাৰে এই মনোনয়ন-পত্র জমা দিয়ে। কার্টাৰে মধ্য প্রাচ্যত দ্রুতভাৱে বিয়পি পৰা সংঘৰ্ষক বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসাধাৰণ আৰু ঐতিহাসিক ভূমিকাৰ বাবে ট্রাম্পক কৃতিত্ব দিয়ে

ডিজিটেল ডেস্ক : ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি স্থাপনত ভূমিকা গ্ৰহণ কৰাৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে।


ৰিপাব্লিকান নেতা বাডী কার্টাৰে এই মনোনয়ন-পত্র জমা দিয়ে। কার্টাৰে মধ্য প্রাচ্যত দ্রুতভাৱে বিয়পি পৰা সংঘৰ্ষক বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসাধাৰণ আৰু ঐতিহাসিক ভূমিকাৰ বাবে ট্রাম্পক কৃতিত্ব দিয়ে।


জর্জিয়াৰ সাংসদ কার্টাৰে নৰৱেৰ নোবেল সমিতিলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি ট্রাম্পক নোবেল বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনায়। ইফালে ইউক্রেইনৰ জ্যেষ্ঠ ৰাজনীতিবিদ আৰু নোবেল বঁটাৰ বাবে ট্রাম্পৰ নাম সমর্থন কৰা ইউক্রেইনৰ সাংসদ আলেকজেণ্ডাৰ মেৰঝকোৱে এই মনোনয়ন প্রত্যাহাৰ কৰে।


ইউক্রেইনৰ যুদ্ধ শেষ কৰাৰ বাবে দিয়া প্রতিশ্রুতি ট্রাম্পে ৰক্ষা কৰিব নোৱৰাৰ বাবে ইউক্রেইনৰ নেতা গৰাকীয়ে ট্রাম্পৰ মনোনয়ন প্রত্যাহাৰ কৰে। যোৱা বৰ্ষৰ নবেম্বৰত মোৰমোকোঙে নোবেল বঁটাৰ বাবে নাম মনোনীত কৰিছিল। ইতিমধ্যে পাকিস্তান চৰকাৰে ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰিছিল যদিও দেশখনৰ সংসদে এই প্রস্তাৱক ঘোৰ বিৰোধিতা কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ