--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰিপাব্লিকান নেতা বাডী কার্টাৰে এই মনোনয়ন-পত্র জমা দিয়ে। কার্টাৰে মধ্য প্রাচ্যত দ্রুতভাৱে বিয়পি পৰা সংঘৰ্ষক বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসাধাৰণ আৰু ঐতিহাসিক ভূমিকাৰ বাবে ট্রাম্পক কৃতিত্ব দিয়ে

ডিজিটেল ডেস্ক : ইজৰাইল আৰু ইৰানৰ মাজত যুদ্ধ-বিৰতি স্থাপনত ভূমিকা গ্ৰহণ কৰাৰ বাবে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পক ২০২৬ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰা হৈছে।


ৰিপাব্লিকান নেতা বাডী কার্টাৰে এই মনোনয়ন-পত্র জমা দিয়ে। কার্টাৰে মধ্য প্রাচ্যত দ্রুতভাৱে বিয়পি পৰা সংঘৰ্ষক বন্ধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অসাধাৰণ আৰু ঐতিহাসিক ভূমিকাৰ বাবে ট্রাম্পক কৃতিত্ব দিয়ে।


জর্জিয়াৰ সাংসদ কার্টাৰে নৰৱেৰ নোবেল সমিতিলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি ৰাষ্ট্ৰপতি ট্রাম্পক নোবেল বঁটা প্ৰদান কৰাৰ ক্ষেত্ৰত বিবেচনা কৰিবলৈ আহ্বান জনায়। ইফালে ইউক্রেইনৰ জ্যেষ্ঠ ৰাজনীতিবিদ আৰু নোবেল বঁটাৰ বাবে ট্রাম্পৰ নাম সমর্থন কৰা ইউক্রেইনৰ সাংসদ আলেকজেণ্ডাৰ মেৰঝকোৱে এই মনোনয়ন প্রত্যাহাৰ কৰে।


ইউক্রেইনৰ যুদ্ধ শেষ কৰাৰ বাবে দিয়া প্রতিশ্রুতি ট্রাম্পে ৰক্ষা কৰিব নোৱৰাৰ বাবে ইউক্রেইনৰ নেতা গৰাকীয়ে ট্রাম্পৰ মনোনয়ন প্রত্যাহাৰ কৰে। যোৱা বৰ্ষৰ নবেম্বৰত মোৰমোকোঙে নোবেল বঁটাৰ বাবে নাম মনোনীত কৰিছিল। ইতিমধ্যে পাকিস্তান চৰকাৰে ৰাষ্ট্ৰপতি ট্রাম্পৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰস্তাৱ কৰিছিল যদিও দেশখনৰ সংসদে এই প্রস্তাৱক ঘোৰ বিৰোধিতা কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি