--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মহিলাসকলক মুখ আৱৰি ৰাখি কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা দিয়া হৈছে।

ডিজিটেল ডেস্কঃ  কাজাখস্তান, যিখন দেশৰ জনসংখ্যাৰ ৭০ শতাংশই হৈছে মুছলমান সম্প্রদায়ৰ, এই দেশখনত নিৰাপত্তাৰ বাবে ৰাজহুৱা স্থানত 'নিকাব'ৰ দৰে মুখ ঢকা কাপোৰ পৰিধান কৰাটো নিষিদ্ধ কৰা হৈছে। এই ব্যৱস্থা নিষিদ্ধ কৰি দেশখনে ইয়াৰ ধৰ্মনিৰপেক্ষতা বজাই ৰখাটো নিশ্চিত কৰিলে।


দেশখনৰ ৭০ শতাংশ লোকে ইছলাম ধৰ্মত বিশ্বাস কৰে, দেশখনৰ ৰাষ্ট্ৰপতি মুছলমান, সেইখন দেশতে মহিলাসকলক মুখ আৱৰি ৰাখি কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা দিয়া হৈছে। কাজাখস্তানৰ সংসদে অলপতে এই সন্দর্ভত এখন গুৰুত্বপূর্ণ আইনৰ বাবে প্রস্তাৱ গ্রহণ কৰে। দেশখনত ধর্মীয় মৌলবাদ আৰু সুৰক্ষাজনিত সমস্যা বৃদ্ধি হোৱাৰ সময়তে দেশখনৰ সংসদে এই সিদ্ধান্ত লয়। এই আইনৰ অধীনত এতিয়া দেশখনত 'নিকাব' আৰু মুখ ঢাকি ৰখা সকলো কাপোৰ ৰাজহুৱা স্থানত নিষিদ্ধ কৰা হৈছে।


এই বিধেয়কখন এতিয়া কাজাখস্তানৰ ৰাষ্ট্ৰপতি কাছায়ুম জৰ্মাট টোকায়েভৰ ওচৰলৈ চূড়ান্ত অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে। সুৰক্ষাজনিত কাৰণত দেশখনত 'বোৰ্খা' আৰু 'হিজাব' নিষিদ্ধ কৰা হৈছে বুলি দেশখনৰ চৰকাৰী বিষয়াসকলে কয়। উল্লেখযোগ্য যে মুখত কাপোৰৰ আৱৰণ ৰখাৰ বাবে কোনো ব্যক্তিক চিনাক্ত কৰাত জটিলতাৰ সৃষ্টি হয় বাবেই দেশখনৰ আইন বলৱকাৰী সংস্থাবোৰে জনসাধৰণৰ সুৰক্ষাৰ প্রতি ভাবুকি অনা এই 'নিকাব' নিষিদ্ধ কৰিবলৈ আইন অনাৰ প্ৰস্তাৱ লৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ