--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৫ জুলাইৰ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অংগৰাগ পাপন মহন্তই ৷ অনুষ্ঠানৰ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণে ৷

ডিজিটেল ডেস্কঃ উত্তৰ আমেৰিকাৰ প্ৰৱাসী অসমীয়াসকলে আয়োজন কৰা বাৰ্ষিক অধিৱেশনখনত ৪ জুলাই দিনাৰ অনুষ্ঠান উদ্বোধন কৰে Consul General সোমনাথ ঘোষে ৷


বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে পুৱাৰ ভাগত কণমানিসকলৰ বাবে এখনি চিত্ৰাংকণ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ লগতে “পোহৰ “ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত কণমানিহঁতে বিভিন্ন গীত নৃত্য পৰিৱেশন কৰাৰ লগতে অসমৰ নানান জাতি জনজাতিৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এক ফেশ্ব’ন শ্বটো অংশ লয় ৷


তাৰোপৰি অসমৰ পৰা আমন্ত্ৰিত ফেশ্বন ডিজাইনাৰ মিত্ৰানী কাকতি আৰু অনুৰাধা কুলিৰো এখনি বিশেষ ফেশ্বন শ্ব’ অনুষ্ঠিত হয় ৷ য’ত ক্ৰমে বৰষাৰাণী বিষয়া আৰু দিপলীনা ডেকাই Showstopper হিচাপে অংশ গ্ৰহণ কৰে ৷ নিশাৰ ভাগত অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ এক বাৰেৰহনীয়া নৃত্যানুষ্ঠানৰো আয়োজন কৰা হয়৷ য’ত উদ্যোক্তা মণ্ডলীৰ মহিলা সকলে অংশ গ্ৰহণ কৰে ৷ লগতে সংগীতানুষ্ঠান পৰিৱেশন কৰে দিপলীনা ডেকাই ৷


উল্লেখযোগ্য যে, ৫ জুলাইৰ অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব অংগৰাগ পাপন মহন্তই ৷ অনুষ্ঠানৰ এক বিশেষ কাৰ্যসূচীত অংশ ল’ব অসমৰ উদ্যোগপতি ড° সঞ্জীৱ নাৰায়ণে ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু