--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীনে ইয়াৰ শেহতীয়া প্রযুক্তিৰে নির্মিত অস্ত্র-শস্ত্রসমূহ পাকিস্তানক পৰীক্ষণৰ সুযোগ দি দেশখনৰে এটা নিকট প্রতিৰক্ষা সম্পর্ক বজাই ৰাখিছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত আৰু চীনে ইয়াৰ সামৰিক প্ৰযুক্তি পৰীক্ষণ কৰিবলৈ পাকিস্তানক এটা 'জীৱন্ত পৰীক্ষাগাৰ' হিচাপে ব্যৱহাৰ কৰি আছে। ভাৰতীয় সেনাৰ উপ-সেনাধ্যক্ষ (সক্ষমতা বিকাশ) লেফটেনেন্ট জেনেৰেল ৰাহুল আৰ সিঙে শেহতীয়াভারে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰি এইদৰে কয়। উল্লেখযোগ্য যে ২২ এপ্রিলৰ পহলগাম-কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। ভাৰতে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে পাকিস্তানৰ নটা সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰিছিল।


তদুপৰি, লস্কৰ-এ-টয়বা, জৈছ-এ মহম্মদ, হিজবুল মুজাহিদিনৰ মুখ্য কাৰ্যালয়, প্রশিক্ষণ শিবিৰ ধ্বংস কৰিছিল আৰু শতাধিক সন্ত্রাসবাদীক হত্যা কৰিছিল। লেফটেনেন্ট জেনেৰেল সিঙে কয় যে 'অপাৰেশ্যন সেন্দূৰ'ৰ পৰা ভাৰতে যথেষ্ট শিক্ষা আহৰণ কৰিলে। ভাৰতীয় সেনাই চীনৰ কূট কৌশলৰ বিষয়ে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। সিঙে কয় যে চীন-পাকিস্তানৰ প্ৰতিৰক্ষা সম্পর্ক পৰম্পৰাগতভাৱে হোৱা অস্ত্ৰ সৰবৰাহতেই সীমাবদ্ধ থকা নাই। চীনে ইয়াৰ শেহতীয়া প্রযুক্তিৰে নির্মিত অস্ত্র-শস্ত্রসমূহ পাকিস্তানক পৰীক্ষণৰ সুযোগ দি দেশখনৰে এটা নিকট প্রতিৰক্ষা সম্পর্ক বজাই ৰাখিছে। আনকি পাক-ভাৰতৰ যুদ্ধৰ সময়ত চীনে ইয়াৰ উপগ্ৰহীয় নিৰীক্ষণ পদ্ধতিৰে ভাৰতীয় সেনাৰ গতি-বিধিৰ বিষয়ে তথ্য পাকিস্তানক যোগান ধৰিছিল।


সেনাৰ উপ-সেনাধ্যক্ষজনে কয় যে সীমান্তৰ সিপাৰে ভাৰতৰ দুটা প্রতিপক্ষ আছে। পাকিস্তানক সন্মুখত লৈ চীনে পাকিস্তানক সম্ভৱপৰ সকলো সমর্থন আগবঢ়াইছিল পাক-ভাৰতৰ যুদ্ধৰ সময়ত। তুৰস্কয়ো পাকিস্তানক পাৰ্যমানে সহায় কৰিছিল। সিঙে কয় যে ষ্টকহোম ইণ্টাৰনেশ্যনেল পীচ বিছাৰ্ছ ইনষ্টিটিউটৰ মতে, ২০১৫ চনত চীনে পাকিস্তানক ৮.২ বিলিয়ন ডলাৰৰ অস্ত্র-শস্ত্ৰ বিক্ৰী কৰিছে। ২০২০ আৰু ২০২৪ চনৰ মাজত চীন বিশ্বৰ চতুৰ্থ বৃহত্তম অস্ত্ৰ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। চীনে ইয়াৰ দুই-তৃতীয়াংশ বা ৬৩

শতাংশ অস্ত্র-শস্ত্র পাকিস্তানলৈ ৰপ্তানি কৰে। পাকিস্তান চীনৰ অস্ত্র-শস্ত্ৰৰ বৃহৎ গ্রাহক হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ সময়ত চীনে বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰৰ যোগান ধৰিছিল পাকিস্তানক। আনহাতে, শেহতীয়াকৈ চীনৰে সহযোগিতা কৰি পাকিস্তানে ইয়াৰ যুঁজাৰু বিমান জে এফ-১৭ বিকশিত কৰাৰ লগতে শেহতীয়া প্রযুক্তিৰ জে-১০ চি যুঁজাৰু বিমানো নিৰ্মাণ কৰিছে। পাকিস্তানে চীনৰ পঞ্চম জেনেৰেশ্যনৰ যুদ্ধ বিমান ছেনয়াং জে-৩৫ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে বুলি সিঙে কয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু