--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চীনে ইয়াৰ শেহতীয়া প্রযুক্তিৰে নির্মিত অস্ত্র-শস্ত্রসমূহ পাকিস্তানক পৰীক্ষণৰ সুযোগ দি দেশখনৰে এটা নিকট প্রতিৰক্ষা সম্পর্ক বজাই ৰাখিছে।

ডিজিটেল ডেস্ক : পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত আৰু চীনে ইয়াৰ সামৰিক প্ৰযুক্তি পৰীক্ষণ কৰিবলৈ পাকিস্তানক এটা 'জীৱন্ত পৰীক্ষাগাৰ' হিচাপে ব্যৱহাৰ কৰি আছে। ভাৰতীয় সেনাৰ উপ-সেনাধ্যক্ষ (সক্ষমতা বিকাশ) লেফটেনেন্ট জেনেৰেল ৰাহুল আৰ সিঙে শেহতীয়াভারে পাকিস্তান আৰু ভাৰতৰ মাজত হোৱা সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰি এইদৰে কয়। উল্লেখযোগ্য যে ২২ এপ্রিলৰ পহলগাম-কাণ্ডৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছিল। ভাৰতে 'অপাৰেশ্যন সেন্দূৰ'ৰ জৰিয়তে পাকিস্তানৰ নটা সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত কৰিছিল।


তদুপৰি, লস্কৰ-এ-টয়বা, জৈছ-এ মহম্মদ, হিজবুল মুজাহিদিনৰ মুখ্য কাৰ্যালয়, প্রশিক্ষণ শিবিৰ ধ্বংস কৰিছিল আৰু শতাধিক সন্ত্রাসবাদীক হত্যা কৰিছিল। লেফটেনেন্ট জেনেৰেল সিঙে কয় যে 'অপাৰেশ্যন সেন্দূৰ'ৰ পৰা ভাৰতে যথেষ্ট শিক্ষা আহৰণ কৰিলে। ভাৰতীয় সেনাই চীনৰ কূট কৌশলৰ বিষয়ে 'অপাৰেশ্যন সেন্দূৰ'ৰ সময়ত তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। সিঙে কয় যে চীন-পাকিস্তানৰ প্ৰতিৰক্ষা সম্পর্ক পৰম্পৰাগতভাৱে হোৱা অস্ত্ৰ সৰবৰাহতেই সীমাবদ্ধ থকা নাই। চীনে ইয়াৰ শেহতীয়া প্রযুক্তিৰে নির্মিত অস্ত্র-শস্ত্রসমূহ পাকিস্তানক পৰীক্ষণৰ সুযোগ দি দেশখনৰে এটা নিকট প্রতিৰক্ষা সম্পর্ক বজাই ৰাখিছে। আনকি পাক-ভাৰতৰ যুদ্ধৰ সময়ত চীনে ইয়াৰ উপগ্ৰহীয় নিৰীক্ষণ পদ্ধতিৰে ভাৰতীয় সেনাৰ গতি-বিধিৰ বিষয়ে তথ্য পাকিস্তানক যোগান ধৰিছিল।


সেনাৰ উপ-সেনাধ্যক্ষজনে কয় যে সীমান্তৰ সিপাৰে ভাৰতৰ দুটা প্রতিপক্ষ আছে। পাকিস্তানক সন্মুখত লৈ চীনে পাকিস্তানক সম্ভৱপৰ সকলো সমর্থন আগবঢ়াইছিল পাক-ভাৰতৰ যুদ্ধৰ সময়ত। তুৰস্কয়ো পাকিস্তানক পাৰ্যমানে সহায় কৰিছিল। সিঙে কয় যে ষ্টকহোম ইণ্টাৰনেশ্যনেল পীচ বিছাৰ্ছ ইনষ্টিটিউটৰ মতে, ২০১৫ চনত চীনে পাকিস্তানক ৮.২ বিলিয়ন ডলাৰৰ অস্ত্র-শস্ত্ৰ বিক্ৰী কৰিছে। ২০২০ আৰু ২০২৪ চনৰ মাজত চীন বিশ্বৰ চতুৰ্থ বৃহত্তম অস্ত্ৰ ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে। চীনে ইয়াৰ দুই-তৃতীয়াংশ বা ৬৩

শতাংশ অস্ত্র-শস্ত্র পাকিস্তানলৈ ৰপ্তানি কৰে। পাকিস্তান চীনৰ অস্ত্র-শস্ত্ৰৰ বৃহৎ গ্রাহক হিচাপে পৰিগণিত হৈছে। শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ সংঘৰ্ষৰ সময়ত চীনে বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্ৰৰ যোগান ধৰিছিল পাকিস্তানক। আনহাতে, শেহতীয়াকৈ চীনৰে সহযোগিতা কৰি পাকিস্তানে ইয়াৰ যুঁজাৰু বিমান জে এফ-১৭ বিকশিত কৰাৰ লগতে শেহতীয়া প্রযুক্তিৰ জে-১০ চি যুঁজাৰু বিমানো নিৰ্মাণ কৰিছে। পাকিস্তানে চীনৰ পঞ্চম জেনেৰেশ্যনৰ যুদ্ধ বিমান ছেনয়াং জে-৩৫ ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে বুলি সিঙে কয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ