--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহি প্রধানমন্ত্রী মোদীয়ে ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ শুভ উদ্বোধন কৰি অসমবাসীলৈ উছর্গা কৰিব।

ডিজিটেল ডেস্ক: পুনৰ অসম ভ্ৰমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহি প্রধানমন্ত্রী মোদীয়ে ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ শুভ উদ্বোধন কৰি অসমবাসীলৈ উছর্গা কৰিব। 


 

উল্লেখযোগ্য যে ২০১৬ চনত বিজেপি অসমত শাসনলৈ অহাৰ পাছৰে পৰা যোৱা ১০ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ ছয়খন দলঙৰ নিৰ্মাণকার্য সম্পূৰ্ণ হৈছে। ৫৫ বছৰ ধৰি অসমত ক্ষমতাত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল তিনিখনহে দলং নিৰ্মাণ কৰিছিল। তাৰ বিপৰীতে বিজেপি চৰকাৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাই নহয়, এতিয়ালৈ ১ হাজাৰ কিল'মিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ নির্মাণেৰে ৰাজ্যৰ যাতায়াত ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰিছে। 


কালি এই কথা সদৰী কৰে ৰাজ্যিক বিজেপিয়ে। এক বিবৃতিত দলটোৱে অহা ১৪ ফেব্ৰুৱাৰীতেই ৰাজ্যিক বিজেপিয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰকাৰ্যৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব বুলি প্রকাশ কৰে। 


 


গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ ৩০ হাজাৰতকৈও অধিক বুথৰ সভাপতিকে ধৰি ১ লাখকৈও অধিক কাৰ্যকৰ্তাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাব। আনহাতে, কালি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বিজেপিৰ সংকল্প-পত্ৰ প্ৰস্তুতৰ বাবে পৰামৰ্শ গ্রহণ বাহনৰ শুভ উদ্বোধন কৰে। 


উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ২০২৬ বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, নির্বাচনৰ আহ্বায়ক তথা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ প্ৰভাৰী তথা সাংসদ সম্ভীত পাত্ৰ। ৰাইজে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শক আদেশ হিচাপে লৈ ৰাজ্যিক বিজেপিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত জনতাৰ মাজলৈ গৈ সংকল্প-পত্ৰ প্ৰস্তুত কৰিব বুলিও বিবৃতিটোত প্রকাশ কৰে। আনহাতে, ৰাজ্যিক বিজেপিয়ে পৰামৰ্শ প্ৰেৰণৰ বাবে ৭০০২১২৬১২৬ ফ'ন নম্বৰ মুকলি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৪ ফেব্ৰুৱাৰীত অসমলৈ প্রধানমন্ত্রী,উদ্বোধন কৰিব গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং
ভাৰতীয় চিনেমাৰ ‘হিমেন’লৈ মৰণোত্তৰ সন্মান: ধৰ্মেন্দ্ৰলৈ ২০২৬ বৰ্ষৰ পদ্মবিভূষণ
'ভাৰতীয় অন্তৰীক্ষ ষ্টেছন'ৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ
উৎকৃষ্ট সেৱাৰ বাবে অসমৰ ২৫জনলৈ ৰাষ্ট্ৰপতিৰ পদক
গণতন্ত্ৰ দিৱসত ইতিহাস ৰচনা: সঞ্জয় লীলা ভাঞ্চালীৰ ‘ভাৰত গাথা’ই মুহিলে দেশবাসীক
গৌৰৱৰ ক্ষণ; ১৫০ বছৰ সম্পূৰ্ণ হ’ল ‘বন্দে মাতৰম’ৰ, দেশজুৰি উদযাপন
ভাৰতত প্ৰতিবছৰে সংঘটিত হয় প্ৰায় ৪ লাখ ৬০ হাজাৰ পথ দুৰ্ঘটনা , প্ৰাণহানি ১ লাখ ৭২ হাজাৰ লোকৰ : পৰিমল শুক্লবৈদ্য
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কাৰ্যকালত বিপদ সংকেত : জ্যোতিষীয় গণনাৰ বিস্ফোৰক তথ্য
শুকান তুলসীৰ লগত জড়িত এই ভুল পৰিহাৰ কৰক; বিসৰ্জনৰ নিয়ম জানি লওক
চলিত বর্ষত ৭.৩% হ'ব ভাৰতৰ জি ডি পি
কাকপথাৰৰ ডিৰাক সোণজান গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা
কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ, আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি
মহিলাই খাবলৈ আৰম্ভ কৰক এই ছুপাৰফুডবোৰ; দুৰ্বলতা আৰু ভাগৰুৱা অৱস্থা দূৰ হ’ব
২১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প; ৩০ জানুৱাৰীত মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে