--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহি প্রধানমন্ত্রী মোদীয়ে ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ শুভ উদ্বোধন কৰি অসমবাসীলৈ উছর্গা কৰিব।

ডিজিটেল ডেস্ক: পুনৰ অসম ভ্ৰমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। অহা ১৪ ফেব্ৰুৱাৰীত অসমলৈ আহি প্রধানমন্ত্রী মোদীয়ে ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ শুভ উদ্বোধন কৰি অসমবাসীলৈ উছর্গা কৰিব। 


 

উল্লেখযোগ্য যে ২০১৬ চনত বিজেপি অসমত শাসনলৈ অহাৰ পাছৰে পৰা যোৱা ১০ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ ছয়খন দলঙৰ নিৰ্মাণকার্য সম্পূৰ্ণ হৈছে। ৫৫ বছৰ ধৰি অসমত ক্ষমতাত থকা পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কেৱল তিনিখনহে দলং নিৰ্মাণ কৰিছিল। তাৰ বিপৰীতে বিজেপি চৰকাৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ কৰাই নহয়, এতিয়ালৈ ১ হাজাৰ কিল'মিটাৰতকৈ অধিক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথ নির্মাণেৰে ৰাজ্যৰ যাতায়াত ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰিছে। 


কালি এই কথা সদৰী কৰে ৰাজ্যিক বিজেপিয়ে। এক বিবৃতিত দলটোৱে অহা ১৪ ফেব্ৰুৱাৰীতেই ৰাজ্যিক বিজেপিয়ে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰকাৰ্যৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব বুলি প্রকাশ কৰে। 


 


গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্যৰ ৩০ হাজাৰতকৈও অধিক বুথৰ সভাপতিকে ধৰি ১ লাখকৈও অধিক কাৰ্যকৰ্তাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ ৰণশিঙা বজাব। আনহাতে, কালি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই বিজেপিৰ সংকল্প-পত্ৰ প্ৰস্তুতৰ বাবে পৰামৰ্শ গ্রহণ বাহনৰ শুভ উদ্বোধন কৰে। 


উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ২০২৬ বিধানসভা নিৰ্বাচনৰ প্ৰভাৰী বৈজয়ন্তা জয় পাণ্ডা, নির্বাচনৰ আহ্বায়ক তথা লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিজেপিৰ প্ৰভাৰী তথা সাংসদ সম্ভীত পাত্ৰ। ৰাইজে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শক আদেশ হিচাপে লৈ ৰাজ্যিক বিজেপিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত জনতাৰ মাজলৈ গৈ সংকল্প-পত্ৰ প্ৰস্তুত কৰিব বুলিও বিবৃতিটোত প্রকাশ কৰে। আনহাতে, ৰাজ্যিক বিজেপিয়ে পৰামৰ্শ প্ৰেৰণৰ বাবে ৭০০২১২৬১২৬ ফ'ন নম্বৰ মুকলি কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ