--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ৰ’প ৱে’ৰে এদিনতে ১৬৫০০গৰাকী যাত্ৰীয়ে যাত্রা কৰিব পাৰিব।

ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে সুখবৰ। অচিৰেই কামাখ্যা ৰে’ল ষ্টেছনৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰা হ’ব এটা ৰ’প ৱে’। ২১৩.২৪ কোটি টকা ব্যয়েৰে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব এই ৰ’প ৱে’। 


সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ৰ’প ৱে’ৰে এদিনতে ১৬৫০০গৰাকী যাত্ৰীয়ে যাত্রা কৰিব পাৰিব। আনহাতে, ১.৪৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’প ৱে’ৰে কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে সময় লাগিব মাত্র ছয় মিনিট। সম্প্রতি কামাখ্যা ৰে'ল ষ্টেছনৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে সময় লাগে বিছ মিনিট। 


উল্লেখযোগ্য যে ভাৰতৰ শক্তিপীঠসমূহৰ ভিতৰত গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো অন্যতম। অসম চৰকাৰে কামাখ্যা মন্দিৰৰ বাবে বিশেষ পৰিকল্পনা হাতত লৈছে। সেই অনুসৰি বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰ কৰিডৰৰ আৰ্হিত গুৱাহাটীৰ কামাখ্যা মন্দিৰত এটা কৰিডৰ নিৰ্মাণৰো পৰিকল্পনা কৰিছে চৰকাৰে। ইয়াৰ ফলত তীর্থযাত্ৰীৰ বহুখিনি সুবিধা হ'ব। পিছে কৰিডৰৰ পূর্বেই মন্দিৰক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া ৰ’প ৱে’ই কামাখ্যালৈ যাতায়াত ব্যৱস্থা সুচল কৰাই নহয়, পর্যটন ক্ষেত্ৰখনৰো উন্নয়ন যে কৰিব সেয়া নিশ্চিত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু