--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ৰ’প ৱে’ৰে এদিনতে ১৬৫০০গৰাকী যাত্ৰীয়ে যাত্রা কৰিব পাৰিব।

ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে সুখবৰ। অচিৰেই কামাখ্যা ৰে’ল ষ্টেছনৰ পৰা শক্তিপীঠ কামাখ্যা মন্দিৰলৈ নিৰ্মাণ কৰা হ’ব এটা ৰ’প ৱে’। ২১৩.২৪ কোটি টকা ব্যয়েৰে আধুনিক প্রযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব এই ৰ’প ৱে’। 


সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰিয়ে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এই ৰ’প ৱে’ৰে এদিনতে ১৬৫০০গৰাকী যাত্ৰীয়ে যাত্রা কৰিব পাৰিব। আনহাতে, ১.৪৩ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই ৰ’প ৱে’ৰে কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে সময় লাগিব মাত্র ছয় মিনিট। সম্প্রতি কামাখ্যা ৰে'ল ষ্টেছনৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱাৰ বাবে সময় লাগে বিছ মিনিট। 


উল্লেখযোগ্য যে ভাৰতৰ শক্তিপীঠসমূহৰ ভিতৰত গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো অন্যতম। অসম চৰকাৰে কামাখ্যা মন্দিৰৰ বাবে বিশেষ পৰিকল্পনা হাতত লৈছে। সেই অনুসৰি বাৰাণসীৰ কাশী-বিশ্বনাথ মন্দিৰ কৰিডৰৰ আৰ্হিত গুৱাহাটীৰ কামাখ্যা মন্দিৰত এটা কৰিডৰ নিৰ্মাণৰো পৰিকল্পনা কৰিছে চৰকাৰে। ইয়াৰ ফলত তীর্থযাত্ৰীৰ বহুখিনি সুবিধা হ'ব। পিছে কৰিডৰৰ পূর্বেই মন্দিৰক সংযোগ কৰি নিৰ্মাণ কৰিবলগীয়া ৰ’প ৱে’ই কামাখ্যালৈ যাতায়াত ব্যৱস্থা সুচল কৰাই নহয়, পর্যটন ক্ষেত্ৰখনৰো উন্নয়ন যে কৰিব সেয়া নিশ্চিত।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ