--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়।

ডিজিটেল ডেস্ক: বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় পূজা। এই পূজাৰ মাধ্যমে বড়ো লোকসকলে বাথৌ ব্ৰাইক পূজা কৰে। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে। বড়ো-কছাৰীসকলৰ বিশ্বাস মতে আদি দেৱতা শিৱই তেওঁলোকৰ পিতৃদেৱতা। 


বাথৌ পূজাত সিজু আৰু তুলসী গছৰ দুটা ডাল একেলগ কৰি তাৰে বাথৌ বেদীত শান্তিয়নী পানী ছটিওৱাৰ পাছত সেই ডাল দুটা বেদীৰ সোঁমাজতে ৰোপণ কৰা হয়। বেদীত সিজুডালৰ তলতে এটা ঘূৰণীয়া শিল আৰু কুকুৰা কণী দি বাথৌ দেৱতাক পূজা কৰা হয়। পূজাত মদ-মাংস আদিৰে নৈৱেদ্য আগবঢ়োৱা হয়। পূজাত দেওধনিয়ে নৃত্য কৰাৰ লগতে ভৱিষ্যৎ বাণীও কৰে। আনহাতে বাথৌক সন্তুষ্ট কৰিবলৈ খেৰাই নৃত্যও কৰা হয়। 


বড়োসকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগতভাৱে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা-অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’ অৰ্থাৎ শিৱ দেৱতা হ’ল সৰ্বশক্তিমান ঈশ্বৰ। তেওঁলোকে শিৱক জীৱৰ স্ৰষ্টা বুলি বিশ্বাস কৰে। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে আৰু তেওঁৰ পূজা তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অপৰিহাৰ্য অংগ। 


বাথৌৰ আশীৰ্বাদ প্ৰদানৰ ক্ষমতা আৰু ভক্তক সকলো ধৰণৰ অশুভতাৰ পৰা ৰক্ষা কৰাৰ ক্ষমতা আছে বুলি বিশ্বাস কৰা হয়। সাধাৰণতে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় আৰু কেইবাদিনো চলি থাকে। এই উৎসৱৰ সময়ত বড়ো লোকসকলে নিজৰ ঘৰ আৰু মন্দিৰবোৰ ফুল আৰু ৰঙীন পোহৰেৰে সজাই, পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰে। বাথৌক চাউল, মাংস আৰু মদ আদিও আগবঢ়ায় আৰু প্ৰচুৰ শস্য চপোৱা আৰু দুষ্ট আত্মাৰ পৰা সুৰক্ষাৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ