--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • বিত্ত মন্ত্ৰীয়ে দাখিল কৰা 'অৰ্থনৈতিক সমীক্ষা'ত বিত্তীয় বর্ষ ২০২৭ৰ বাবে ভাৰতৰ বিকাশৰ সম্ভাব্য হাৰ ৭ শতাংশৰ ওচৰত ৰখা হৈছে।

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে বৃহস্পতিবাৰে লোক সভা আৰু ৰাজ্য সভাত 'অর্থনৈতিক সমীক্ষা ২০২৫-২৬' (ইক'নমিক ছার্ভে ২০২৫-২৬) দাখিল কৰে। তেওঁ কয়, 'সমীক্ষাত কোৱা হৈছে যে 'স্বদেশী'ৰ পৰা 'কৌশলগত পুনৰুদ্যমী' (ষ্ট্ৰেটেজিক ৰেজিলিয়েন্স) তথা 'কৌশলগত অপৰিহাৰ্যতা 'লৈ (ষ্ট্ৰেটেজিক ইনডিছপেনছেবিলিটী) প্রগতিয়ে বিশ্বক চিন্তা কৰি 'ভাৰতীয় সামগ্ৰী ক্ৰয় কৰা'ৰ পৰিৱৰ্তে 'কোনো চিন্তা নকৰাকৈ ভাৰতীয় সামগ্রী ক্ৰয় কৰিবলৈ বাধ্য কৰিব।' 


বিত্ত মন্ত্ৰীয়ে দাখিল কৰা 'অৰ্থনৈতিক সমীক্ষা'ত বিত্তীয় বর্ষ ২০২৭ৰ বাবে ভাৰতৰ বিকাশৰ সম্ভাব্য হাৰ ৭ শতাংশৰ ওচৰত ৰখা হৈছে। আনহাতে, প্রকৃত মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ হাৰ ৰখা হৈছে ৬.৮-৭.২ শতাংশৰ মাজত। এয়া হৈছে বৰ্তমানৰ বিত্তীয় বৰ্ষৰ বাবে অনুমান কৰা ৭.৪ শতাংশতকৈ অলপমান কম। ইফালে 'ফাৰ্ষ্ট এডভান্স এষ্টিমেট'ৰ মতে ২০২৬ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰকৃত জি ডি পিৰ হাৰ ৭.৪ শতাংশ আৰু মুঠ মূল্য সংযোজিত (জি ভি এ) বিকাশৰ হাৰ ৭.৩ শতাংশ হোৱাৰ আশা কৰা হৈছে। সমীক্ষা মতে কেন্দ্রীয় চৰকাৰৰ ৰাজহ ২০২৫ বিত্তীয় বর্ষত জি ডি পিৰ ৯.২ শতাংশলৈ বৃদ্ধি পাইছে। 


২০২৫ বৰ্ষৰ মাৰ্চ মাহলৈ প্রধানমন্ত্রী জন ধন যোজনাৰ অধীনত ৫৫.০২ কোটি বেংক একাউন্ট খোলা হৈছে। ইয়াৰে ৩৬.৬৩ কোটি আছে গ্রাম্য আৰু অর্ধনগৰীয়া অঞ্চলত। ২০০৫ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতীয় পণ্যদ্ৰব্যৰ ৰপ্তানি ১ শতাংশৰ পৰা ১.৮ শতাংশলৈ বৃদ্ধি পাইছে। মেনুফেকচাৰিং খণ্ডত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম আৰু দ্বিতীয় ত্রৈমাসিকত বিকাশ হৈছে ক্রমে ৭.৭২ শতাংশ আৰু ৯.১৩ শতাংশ। ২০২৫ বিত্তীয় বর্ষত সেৱা ৰপ্তানি ১৩.৬ শতাংশ বৃদ্ধি পাই ৩৮৭.৬ বিলিয়ন ডলাৰ হৈছে, যি হৈছে সৰ্বকালৰ সৰ্বাধিক। ভাৰতৰ বিদেশী মুদ্ৰাৰ ভঁৰাল ২০২৬ চনৰ ১৬ জানুৱাৰীত ৭০১.৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। 


আনহাতে, দেশত এপ্রিল-ডিচেম্বৰ ২০২৫-ত মুদ্রাস্ফীতি হৈছে গড়ে ১.৭ শতাংশ। আনহাতে, ঋণ আৰু জি ডি পিৰ অনুপাতো ২০২০ চনৰ পৰা ৭.১ শতাংশলৈ হ্রাস পাইছে। বিত্তীয় বর্ষ ২০১৪-ৰ পৰা বিত্তীয় বর্ষ ২০২৫লৈ হাই-স্পীড কৰিডৰ প্ৰায় দহ গুণ বৃদ্ধি পাইছে (৫৫০ কিল'মিটাৰৰ পৰা ৫,৩৬৪ কিল মিটাৰলৈ)। তেনেদৰে ২০১৪-ৰ ৭৪টাৰ পৰা ২০২৫ত ১৬৪টালৈ বিমান বন্দৰ বৃদ্ধিৰে ভাৰত হৈ পৰিছে বিশ্বৰ তৃতীয় সর্ববৃহৎ ঘৰৰুৱা পৰিবহণ বজাৰ। পুনৰনৱীকৰণ শক্তি আৰু প্ৰতিষ্ঠা কৰা সৌৰ ক্ষমতাতো ভাৰত বিশ্বৰ ভিতৰত তৃতীয় হৈছে। ইফালে নিটি আয়োগে গণনা কৰা বহুমাত্রিক দৰিদ্ৰতা সূচকাংকত ২০০৫-০৬ চনৰ ৫৫.৩ শতাংশৰ পৰা ২০২২-২৩ চনত ১১.২৮ শতাংশলৈ হ্রাস পাইছে। সমীক্ষা মতে ২০২৬ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্রৈমাসিকত মুঠ ৫৬.২ কোটি লোকে কর্মসংস্থান লাভ কৰিছে। 


আনহাতে, কিদৰে কৃত্রিম বুদ্ধিমত্তাই (এ আই) ভাৰতৰ শ্ৰমৰ বজাৰক পুনৰ গঢ় দিছে তথা এ আয়ে ব্যাপকভাৱে মানুহৰ কর্মসংস্থান হ্রাস কৰিব বুলি হোৱা ধাৰণাৰ বিপৰীতে সমীক্ষাত মূল্যায়ন কৰা হৈছে। মুখ্য অর্থনৈতিক উপদেষ্টা অনন্ত নাগেশ্বৰণে পাছত সংবাদমেলত কয় যে বর্তমান পোৱা প্ৰমাণে 'এ আইৰ বাবে কৰ্মসংস্থান নাইকিয়া হ'ব' বুলি কৰা ভৱিষ্যদ্বাণীক সমর্থন নকৰে। অর্থনৈতিক সমীক্ষাত ১৫-২৯ বছৰ বয়সৰ লোকৰ মাজত সামাজিক মাধ্যমৰ নিচা আৰু ইণ্টাৰনেট ব্যৱহাৰৰ সহজলভ্যতাৰ বিপদাশংকাৰ উল্লেখো কৰা হৈছে। এই সমীক্ষাত ডিজিটেল স্বাস্থ্য আৰু অনলাইনত উপভোগ কৰা কণ্টেণ্টৰ ধৰণৰ বিষয়ত মনোযোগ দিবলৈ কোৱা হৈছে। সমীক্ষাত দেশৰ ১২০ লাখ 'গিগ' শ্রমিকৰ বাবে বিনিময়ৰ (ৰেগুলেশ্যন) দ্বাৰা সুৰক্ষা বিচৰা হৈছে। উল্লেখযোগ্য যে এজন ঠিকাদাৰৰ অধীনত কাম কৰা অস্থায়ী শ্রমিক (ছুইগি, জমেট' আদিৰ দৰে)।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement