--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • ভাৰতত বাজেট দাখিলৰ ইতিহাস চালে দেখা যায় যে ২০১৭ চনৰ আগলৈকে বাজেট ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোতহে উত্থাপন কৰা হৈছিল।

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতিৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটো সমাগত। ১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে সংসদত উপস্থাপন কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ খতিয়ান অৰ্থাৎ কেন্দ্ৰীয় বাজেট ২০২৬। এই বাজেটক লৈ এতিয়া সমগ্ৰ দেশৰ চকু নিৱদ্ধ হৈ আছে। বিশেষকৈ ১ ফেব্ৰুৱাৰী তাৰিখটোৰ গুৰুত্ব আৰু চাকৰিয়াল শ্ৰেণীৰ বাবে হ'ব পৰা ঘোষণা সমূহক লৈ তীব্ৰ চৰ্চা চলিছে।


১ ফেব্ৰুৱাৰী কিয় গুৰুত্বপূৰ্ণ?


ভাৰতত বাজেট দাখিলৰ ইতিহাস চালে দেখা যায় যে ২০১৭ চনৰ আগলৈকে বাজেট ফেব্ৰুৱাৰী মাহৰ শেষৰ দিনটোতহে উত্থাপন কৰা হৈছিল। এই পুৰণি ব্ৰিটিছ পৰম্পৰাক মোদী চৰকাৰে ২০১৭ চনত সলনি কৰাৰ সিদ্ধান্ত লয়।


তৎকালীন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে বাজেটৰ তাৰিখ ১ ফেব্ৰুৱাৰীলৈ আগুৱাই অনাৰ অন্তৰালত আছিল এক শক্তিশালী ব্যৱহাৰিক কাৰণ। যিহেতু ভাৰতত ১ এপ্ৰিলৰ পৰা নতুন বিত্তীয় বৰ্ষ আৰম্ভ হয়, বাজেট ১ ফেব্ৰুৱাৰীত দাখিল কৰিলে চৰকাৰে সকলো আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পৰ্যাপ্ত সময় পায়। ইয়াৰ ফলত নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোৰ পৰাই নতুন আঁচনি আৰু পুঁজিৰ আবণ্টন সঠিকভাৱে কাৰ্যকৰী কৰাটো সম্ভৱ হৈ পৰে।


ছেকচন ৮০চি (Section 80C) আৰু মধ্যবিত্তৰ আশা


এইবাৰৰ বাজেটত আটাইতকৈ চৰ্চিত বিষয়টো হ’ল আয়কৰ ৰেহাইৰ সীমা। আয়কৰ আইনৰ ছেকচন ৮০চি-ৰ অধীনত থকা ১.৫ লাখ টকাৰ ৰেহাইৰ সীমাটো বিগত কেইবাবছৰ ধৰি একেই আছে। ক্ৰমাগতভাৱে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণে এই সীমা বৃদ্ধি কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে। বিশেষজ্ঞসকলৰ মতে, যদি এই সীমা বৃদ্ধি কৰা হয়, তেন্তে ই মধ্যবিত্ত তথা চাকৰিয়াল শ্ৰেণীৰ হাতত সঞ্চয়ৰ বাবে অধিক নগদ ধনৰ যোগান ধৰিব।


মিউচুৱেল ফাণ্ড আৰু বিনিয়োগকাৰীৰ বাবে সুখবৰ?

বাজেট ২০২৬-ত মিউচুৱেল ফাণ্ডৰ বিনিয়োগকাৰীসকলৰ বাবেও ডাঙৰ ঘোষণাৰ আশা কৰা হৈছে। মিউচুৱেল ফাণ্ড কোম্পানীসমূহৰ সংস্থা 'এম্ফি' (AMFI)-য়ে বিত্ত মন্ত্ৰালয়ক ইতিমধ্যে কিছুমান বিশেষ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল:


খুচুৰা বিনিয়োগকাৰীসকলক দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে বিশেষ কৰ ৰেহাই দিয়া।


মিউচুৱেল ফাণ্ডৰ জৰিয়তে সঞ্চয় বৃদ্ধিৰ বাবে অধিক সুযোগ প্ৰদান কৰা।


চৰকাৰে যদি এই পৰামৰ্শসমূহ গ্ৰহণ কৰে, তেন্তে ই কেৱল শ্বেয়াৰ বজাৰতে ইতিবাচক প্ৰভাৱ পেলাই ক্ষান্ত নাথাকি সৰু সৰু বিনিয়োগকাৰীসকলকো আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সহায় কৰিব।


বাজেট ২০২৬ কেৱল এটা চৰকাৰী দস্তাবেজ নহয়, ই হ'ব দেশৰ প্ৰগতিৰ ব্লুপ্ৰিণ্ট। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ, কৰ ৰেহাই আৰু উন্নয়নমূলক আঁচনিৰ মাজত বিত্তমন্ত্ৰীয়ে কেনেধৰণৰ সমতুল্যতা বজাই ৰাখে, সেয়া ১ ফেব্ৰুৱাৰীত স্পষ্ট হৈ পৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ