--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে ৰূপৰ মূল্যই ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতি কিলোগ্ৰামত ৪ লাখ টকাৰ ঐতিহাসিক উচ্চতম স্তৰত উপনীত হৈছিল। যাৰ পিছতেই প্ৰতি কিলোগ্ৰামত ৪,২০,০৪৮ টকাৰ অভিলেখো সৃষ্টি কৰিছিল।

ডিজিটেল ডেস্ক: সোণ আৰু ৰূপৰ বজাৰত দেখা পোৱা গৈছে এক আচৰিত পৰিবৰ্তন। যি সময়ত সোণ–ৰূপৰ দাম ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছিল, ঠিক সেই সময়তে হঠাৎ এদিনতে মূল্য হ্ৰাস পোৱাত গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত আৰম্ভ হৈছে চৰ্চা। বিশেষকৈ বিনিয়োগকাৰীসকলৰ বাবে এই পৰিবৰ্তন এক বিপদসংকুল সংকেত হিচাপে পৰিগণিত হৈছে। বৃহস্পতিবাৰে ৰূপৰ মূল্য ১.২৮ লাখ টকা হ্ৰাস পোৱাৰ বিপৰীতে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৪২ হাজাৰতকৈ অধিক হ্ৰাস পাইছে।


অৱশ্যে ঐতিহাসিক স্তৰত উপনীত হোৱা বহুমূলীয়া ধাতুৰ মূল্য যথেষ্ট হ্ৰাস পাব বুলি বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছিল। বৰ্তমান সেই ভবিষ্যতবাণীকেই সত্য বুলি প্ৰমাণিত কৰি হ্ৰাস পালে সোণ-ৰূপৰ মূল্য। কেৱল এদিনৰ ভিতৰতেই হ্ৰাস পোৱা মূল্যই এতিয়া চকু কপালত তুলিছে সকলোৰে। 


মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে ৰূপৰ মূল্যই ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰতি কিলোগ্ৰামত ৪ লাখ টকাৰ ঐতিহাসিক উচ্চতম স্তৰত উপনীত হৈছিল। যাৰ পিছতেই প্ৰতি কিলোগ্ৰামত ৪,২০,০৪৮ টকাৰ অভিলেখো সৃষ্টি কৰিছিল। কিন্তু ইমান উচ্চ স্তৰত উপনীত হোৱা ৰূপে হঠাতে বিনিয়োগকাৰীৰ ওপৰত তীব্ৰ আঘাত কৰি মাত্ৰ এদিনতে এই উচ্চ স্তৰৰ ১,২৮,১২৬ টকা তললৈ নামি আহে।


কেৱল ৰূপেই নহয়, সোণৰ ক্ষেত্ৰতো একেই অৱস্থা দেখা পোৱা গৈছে। মাত্ৰ এটা ব্যৱসায়িক দিনতে ১০ গ্ৰাম ২৪ কেৰেট সোণৰ হাৰ ৩৩,১১৩ টকা হ্ৰাস পাইছে। ৰূপৰ দাম তীব্ৰ হ্ৰাসৰ সমান্তৰালকৈ সোণৰ মূল্যও হ্ৰাস পায়। সোণৰ মূল্য যদি উচ্চ স্তৰৰ পৰা হ্ৰাস পোৱাৰ কথা বিবেচনা কৰোঁ, তেন্তে বৃহস্পতিবাৰে ৰূপৰ দৰেই সোণৰ হাৰো তীব্ৰভাৱে বৃদ্ধি পাইছিল আৰু সৰ্বোচ্চ ১,৯৩,০৯৬ টকাত উপনীত হৈছিল, কিন্তু তাৰ পিছত হঠাতে ইমানেই হ্ৰাস পায় যে এই উচ্চ স্তৰৰ পৰা প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য ৪২,২৪৭ টকা সস্তা হৈ পৰিল।


ঐতিহাসিক স্তৰত উপনীত হোৱাৰ পিছত বিনিয়োগকাৰীয়ে সোণ আৰু ৰূপত লাভ বুকিং কৰিবলৈ আৰম্ভ কৰে আৰু বিক্ৰীৰ চাপৰ ফলত দুয়োটাৰে দাম বহু পৰিমাণে হ্ৰাস পায়। কেৱল সোণ-ৰূপেই নহয়, তেওঁলোকৰ ই.টি.এফৰো পতন ঘটে। আমেৰিকান ডলাৰৰ বৃদ্ধিয়েও এই মূল্য হ্ৰাসৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰে। সাধাৰণতে যেতিয়া আমেৰিকান ডলাৰ শক্তিশালী হয়, তেতিয়া আন দেশৰ বিনিয়োগকাৰীৰ বাবে সোণ আৰু ৰূপ ক্ৰয় কৰাটো অধিক ব্যয়বহুল হৈ পৰে আৰু ইয়াৰ চাহিদা কমি যায়, যাৰ ফলত মূল্য কম হয়।


এই মূল্য হ্ৰাসে সাধাৰণ গ্ৰাহকসকলৰ বাবে কিছু পৰিমাণে সকাহ কঢ়িয়াই আনিছে। বিয়া-বাৰু, উৎসৱ বা ব্যক্তিগত প্ৰয়োজনৰ বাবে সোণ–ৰূপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰা লোকসকলৰ বাবে এই সময়টো উপযুক্ত বুলি ধৰা হৈছে। আনহাতে, যিসকলে আগতে উচ্চ মূল্যত সোণ–ৰূপ ক্ৰয় কৰিছিল, তেওঁলোকৰ মাজত কিছু উদ্বেগো দেখা গৈছে। তথাপিও, অৰ্থনৈতিক বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে সোণ–ৰূপৰ দাম সদায় একে ধৰণে নাথাকে। সেয়েহে, বিনিয়োগ কৰাৰ আগতে বজাৰৰ গতি-বিধি ভালদৰে বিশ্লেষণ কৰাটো অত্যন্ত জৰুৰী। সাময়িক হ্ৰাসৰ পাছতো ভৱিষ্যতে পুনৰ মূল্য বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে বিশেষজ্ঞসকলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ