--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ আশংকা বৃদ্ধি কৰা পাকিস্তানৰ এই নতুন পাৰমাণৱিক কাৰ্যসূচীৰ বাবে পাকিস্তান-আমেৰিকা সম্পৰ্কত ফাট মেলাৰ উপক্ৰম হৈছে

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে আঘাত হানিব পৰাকৈ পাকিস্তানী সামৰিক বাহিনীয়ে চীনৰ সমর্থনত এটা পৰমাণুচালিত আন্তঃৰাষ্ট্ৰীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰ বিকশিত কৰাৰ দিশত কাম কৰি আছে।



ভাৰতে পাকিস্তানত চলোৱা 'অপাৰেশ্যন সেন্দুৰ'ত বিধবস্ত হোৱা পাকিস্তানী সামৰিক বাহিনীয়ে শেহতীয়াকৈ চুবুৰীয়া মিত্রদেশ চীনৰ সহযোগত এই পাৰমাণৱিক শক্তি বিকশিত কৰাৰ কাৰ্যত লিপ্ত হৈছে।


ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে ভাৰতৰ প্রতি এই উদ্বেগজনক খবৰ প্রকাশ কৰিছে। আমেৰিকাৰ চোৰাংচোৱাৰ খবৰৰ উদ্ধৃতি দি দেশৰ বৈদেশিক পৰিক্ৰমা ম্যালয়ে কয় যে পাকিস্তানে এই ইণ্টাৰকণ্টিনেন্টেল বেলিস্টিক মিছাইল (আই চি বি এম) বিকশিত কৰি আছে।


আমেৰিকাৰ বিৰুদ্ধে পাৰমাণৱিক আক্ৰমণৰ আশংকা বৃদ্ধি কৰা পাকিস্তানৰ এই নতুন পাৰমাণৱিক কাৰ্যসূচীৰ বাবে পাকিস্তান-আমেৰিকা সম্পৰ্কত ফাট মেলাৰ উপক্ৰম হৈছে।নেডাৰলেণ্ডৰ দ্য হেগত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনত নাটোৰ দেশসমূহৰ নেতাই এই সিদ্ধান্ত লয়। নাটোৰ ৩২খন দেশৰ নেতাই শীর্ষ সন্মিলনৰ পাছত চূড়ান্ত বিবৃতিৱীুলৱূপৰ৬নীুন দি কয় যে ২০৩৫ চনৰ ভিতৰত নাটোৰ দেশসমূহৰ প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে জি ডি পিৰ ৫% বার্ষিক বিনিয়োগ কৰিব।


আনহাতে, নাটোৰ অন্যতম দেশ স্পেইনে ইতিমধ্যে কৈছে যে দেশখনে এই লক্ষ্য পূৰণ কৰিব নোৱাৰিব। স্পেইনে ট্রাম্পৰ এই প্ৰস্তাৱক বিৰোধিতা কৰি আজি শীর্ষ সম্মিলনখনত নেতাসকলৰ পৰা একাষৰীয়াকৈ থকা দেখা যায়।


আনহাতে, কানাডায়ো এই লক্ষ্যত উপনীত হ'ব নোৱাৰিব বুলি ঘোষণা কৰে। ইফালে, ৰাছিয়া আৰু ইউক্রেইনৰ সীমান্তত থকা পোলেণ্ড, তিনিখন বাল্টিক ৰাষ্ট্ৰ আৰু নর্ডিক দেশে জি ডি পিৰ ৫% শতাংশ ব্যয়ৰ সিদ্ধান্ত গ্রহণ কৰি ব্রিটেইন, ফ্রান্স, জার্মানি আৰু নেডাৰলেণ্ডৰ সৈতে সহমত ব্যক্ত কৰে। বিশেষকৈ ৰাছিয়াক প্রতিহত কৰাৰ বাবে আমেৰিকাৰ সমর্থনত নাটোৰ দেশসমূহে এই সিদ্ধান্ত লৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু