--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আজিৰ যুগত ভূ-জল সম্পদ কেৱল প্রাকৃতিক উৎস নহয়, ই এটা ৰাজনৈতিক, সামাজিক আৰু বিজ্ঞানভিত্তিক বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে, প্রায়োগিক ভূতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰখ্যাত ভূ-জল বিজ্ঞানী প্রাধ্যাপক অভিজিৎ মুখার্জীয়ে 'ভৱিষ্যতৰ ভাৰতৰ বাবে ভূগর্ভস্থ জল নিৰাপত্তা' (Groundwater Security for Future India) শীর্ষক এক আমন্ত্রিত বক্তৃতা প্রদান কৰে। কালি বিশ্ববিদ্যালয়ৰ ইন্দিৰা মিৰি আলোচনা কক্ষত এই আমন্ত্রিত বক্তৃতা অনুষ্ঠিত হয়।


প্রায়োগিক ভূতত্ত্ব বিভাগৰ বিভাগীয় প্রধান প্রাধ্যাপক তাপস কুমাৰ গোস্বামীৰ আদৰণী ভাষণৰ পাছতে অনুষ্ঠানটো আৰম্ভ হয়। তেওঁ পৰিৱেশ সম্পৰ্কীয় জৰুৰী চিন্তাৰ প্ৰেক্ষাপটত এই বক্তৃতাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। প্ৰাধ্যাপক গোস্বামীয়ে কয় যে আজিৰ যুগত ভূ-জল সম্পদ কেৱল প্রাকৃতিক উৎস নহয়, ই এটা ৰাজনৈতিক, সামাজিক আৰু বিজ্ঞানভিত্তিক বিষয় হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত এই বক্তৃতাটো বিশেষ গুৰুত্বপূৰ্ণ। এই অনুষ্ঠানটো উদ্বোধন কৰে ভূ-বিজ্ঞান আৰু শক্তি অনুষদৰ গুৰু, প্রাধ্যাপিকা সুব্রতা বৰগোহাঞি গগৈয়ে।


তেওঁ কয় যে ভূগৰ্ভৰ জল সংকট কেৱল বিজ্ঞানৰ বিষয় নহয়, ই কৃষি, স্বাস্থ্য, শিক্ষা আৰু অৰ্থনীতিৰ সৈতে জড়িত বহুমাত্রিক সমস্যা। এনে সমস্যাৰ সমাধানৰ বাবে আন্তঃবিভাগীয় জ্ঞান আৰু সহযোগিতা একান্তই প্রয়োজনীয়। আমন্ত্রিত বক্তৃতা অনুষ্ঠানৰ মূল বক্তা হিচাপে উপস্থিত থকা প্রাধ্যাপক অভিজিৎ মুখার্জী ভাৰতৰ শীর্ষস্থানীয় জলবিজ্ঞানী হিচাপে পৰিচিত। তেওঁ ২০২০ চনৰ শান্তি স্বৰূপ ভাটনাগৰ বঁটা আৰু ২০১৪ চনৰ ৰাষ্ট্ৰীয় ভূবিজ্ঞান বঁটা লাভ কৰে। বৰ্তমান তেওঁ ভাৰতীয় প্রযুক্তি প্রতিষ্ঠান (আই আই টি), খড়গপুৰত প্ৰাধ্যাপক হিচাপে কৰ্মৰত। তেওঁৰ বক্তৃতা শুনিবলৈ আগ্রহী হৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহুতো বিভাগৰ প্রাধ্যাপক-গৱেষক আৰু ছাত্র-ছাত্রীয়ে এই আমন্ত্রিত বক্তৃতা অনুষ্ঠানত উপস্থিত থাকে। বক্তৃতাৰ আৰম্ভণিতে প্রাধ্যাপক মুখার্জীয়ে ভাৰতত ভূগর্ভস্থ জল ব্যৱহাৰৰ ইতিবৃত্ত দাঙি ধৰে। মহেঞ্জোদাৰো আৰু হৰপ্পাৰ পুৰণি কুঁৱা আৰু জল সংৰক্ষণ ব্যৱস্থাৰ বৰ্ণনা কৰি তেওঁ প্রাচীন ভাৰতৰ জলবোধৰ ওপৰত আলোকপাত কৰে।


তাৰ পাছত তেওঁ বর্তমান ভাৰতত সৃষ্ট ভূগর্ভ জল সংকট, বিশেষকৈ কৃষিপ্রধান অঞ্চলসমূহ-পঞ্জাব, হাৰিয়ানা, পশ্চিম বংগ, বিহাৰ আৰু অসমৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগর্ভ জল ব্যৱহাৰ কৰে। ইয়াৰ ভিতৰত ভাৰতৰ ভূমিকা অগ্রণী। ভূ-জল সম্পদৰ উপযুক্ত ব্যৱস্থাপনা নোহোৱাৰ বাবেই ভূ-জল প্ৰদূষণ, ভূ-জল স্তৰৰ হ্ৰাস আৰু জনস্বাস্থ্য সংকটৰ সৃষ্টি হৈছে। নিজৰ বক্তব্যত তেওঁ ভূগর্ভত সঞ্চালিত বৃহৎ ভূতাত্ত্বিক প্রক্রিয়াই কিদৰে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়, তাৰ কথা ব্যাখ্যা কৰে। ভূত্বকৰ গঠন আৰু শিলস্তৰৰ বৈশিষ্ট্যৰ দ্বাৰা কিদৰে ভূ-জলৰ গতি, শুদ্ধতা আৰু সংৰক্ষণ প্ৰভাৱিত হয় সেয়া তেওঁ চিত্র, মানচিত্ৰ আৰু তথ্যৰ জৰিয়তে ব্যাখ্যা কৰে। বক্তব্যত প্রাধ্যাপক মুখার্জীয়ে এক অভিনৱ দৃষ্টিভংগীৰে তেওঁ বিজ্ঞান আৰু সমাজৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে অধ্যয়ন আৰু গৱেষণা কিতাপ আৰু প্ৰবন্ধত সীমাবদ্ধ হৈ থাকিলে ইয়াৰ প্ৰভাৱ সমাজত নপৰে। গৱেষণাৰ লক্ষ্য জনসাধাৰণৰ জীৱন সহজ আৰু সুস্থ কৰা হ'লেহে গৱেষণাই সমাজত প্রভাৱ পেলাবলৈ সক্ষম হয়। তেওঁৰ বক্তৃতাৰ অন্যতম আকর্ষণ আছিল ভূ-জলৰ অধ্যয়নত কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু মেচিন লার্নিঙৰ প্রয়োগ।


ইয়াৰ সহায়ত প্রাধ্যাপক মুখার্জীয়ে তেওঁ আৰু তেওঁৰ গৱেষক দলে প্রস্তুত কৰা এক বিস্তৃত অধ্যয়নত দেখুৱায় যে কিদৰে ভাৰতৰ বিভিন্ন ৰাজ্যত ভূগর্ভস্থ জল সংকট দিনকদিনে তীব্র হৈ পৰিছে। তেওঁ বিশেষকৈ অসমৰ মাটিত আছেনিক প্ৰদূষণ আৰু জলস্তৰৰ হ্ৰাসৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এনে সংকটৰ বাবে তেওঁ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা, বিশেষকৈ এম জি এনৰেগা আঁচনিৰ সহায়ত কিদৰে বহু অঞ্চলত জল সংৰক্ষণ, পুখুৰী খনন আৰু কৃষি উদ্যোগেৰে জলস্তৰ পুনৰুদ্ধাৰ হৈছে, সেই কথা উল্লেখ কৰে। তেওঁ বিজ্ঞানভিত্তিক, নীতি-নির্দেশনামূলক আৰু স্থানীয় সমাজক সংলগ্ন কৰাধৰণৰ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বক্তৃতাৰ অন্তত অনুষ্ঠিত মুকলি আলোচনা পর্বত প্রাধ্যাপক, গৱেষক আৰু ছাত্র-ছাত্রীসকল প্রাধ্যাপক অভিজিত মুখার্জীৰ সৈতে মত বিনিময় কৰে।


জল সংকটৰ বহু-পার্শ্বিকতা, পৰিৱেশগত প্রভাৱ আৰু ইয়াৰ সমাধানৰ পথসমূহক লৈ প্রশ্ন-উত্তৰ পৰ্বত বহুতো গুৰুত্বপূর্ণ তথ্য উন্মোচন হয়। অনুষ্ঠানৰ শেষত প্রায়োগিক ভূতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্রাঞ্জিত কলিতাই ধন্যবাদ জ্ঞাপন কৰে। তেওঁ আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰাৰ বাবে প্রাধ্যাপক অভিজিত মুখার্জীক ধন্যবাদ জনায় আৰু বিশ্ববিদ্যালয়ৰ প্ৰশাসনক এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এনে গৱেষণামূলক আৰু সমাজ প্রয়োজনীয় আলোচনাৰ আয়োজন আমাৰ ছাত্ৰ-গৱেষকসকলৰ বাবে এক নতুন দিশ প্রদর্শন কৰিব। এই আলোচনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হীৰক জয়ন্তীৰ অনুষ্ঠানত এটা গভীৰ পৰ্যবেক্ষণ আৰু বহুমাত্রিক আলোচনা আগবঢ়ালে, যি ভাৰতৰ জল সংকটৰ দিশত চিন্তন আৰু কাৰ্যপন্থাৰ পথ প্রশস্ত কৰিব।


উৎসঃ দৈনিক জনমভূমি

 






FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক