--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • বাংলাদেশী বিদেশীৰ প্ৰসংগই সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ মাজতে ৰাজ্যৰ মুখ্য নির্বাচন আয়ুক্তই সকলো জিলাৰ আয়ুক্ত আৰু নির্বাচন বিষয়াক ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ বাবে সাজু হ'বলৈ বিশেষ নির্দেশ জাৰি কৰিছে।

ডিজিটেল ডেস্ক : বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৫০ লক্ষাধিক ভুৱা ভোটাৰ ধৰা পেলাই দেশৰ ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰা ভোটাৰ তালিকাৰ স্পেচিয়েল ইন্টেনছিভ ৰিভিজ'ন অর্থাৎ ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্রক্রিয়া এইবাৰ অসমতো ১৫/২০ দিন পাছতেই আৰম্ভ হ'ব।


বাংলাদেশী বিদেশীৰ প্ৰসংগই সমগ্ৰ ৰাজ্য উত্তাল কৰি থকাৰ মাজতে ৰাজ্যৰ মুখ্য নির্বাচন আয়ুক্তই সকলো জিলাৰ আয়ুক্ত আৰু নির্বাচন বিষয়াক ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী প্ৰক্ৰিয়াৰ বাবে সাজু হ'বলৈ বিশেষ নির্দেশ জাৰি কৰিছে।


মুখ্য নির্বাচন আয়ুক্তই সকলো জিলাৰ নিৰ্বাচন বিষয়াৰ লগতে সকলো জিলাৰ ই আৰ অ' আৰু এই আৰ অ'সকলক নিজৰ জিলাতে থকাৰ নিৰ্দেশ দিয়াৰ লগতে ডাটা এন্ট্রি অ'পাৰেটৰক অতিৰিক্ত কামৰ বোজা নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে।


আনহাতে, ছেপ্টেম্বৰ মাহত হ'ব লগা বি টি চিৰ নিৰ্বাচনত বি টি চিৰ পাঁচখন জিলাৰ নিৰ্বাচন বিষয়াসকলক নির্বাচনী প্রক্রিয়াত জড়িত নকৰি বিকল্প ব্যৱস্থা কৰিবলৈ নির্দেশনা দিছে। ৰাজ্যৰ মুখ্য নির্বাচন আয়ুক্তই প্ৰেৰণ কৰা এই নির্দেশত স্পষ্টভাবে উল্লেখ আছে যে ২০০৫ চনৰ ভোটাৰ তালিকাৰ আধাৰত অসমত ১৫/২০ দিনৰ ভিতৰত ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী প্রক্ৰিয়া আৰম্ভ কৰা হ'ব আৰু সূচী ঘোষণা কৰা হ'ব।


উল্লেখযোগ্য যে ইতিমধ্যেই নির্বাচন আয়োগৰ ৱেবছাইটত অসমৰ ২০০৫ চনৰ ভোটাৰ তালিকা প্রকাশ কৰা হৈছে আৰু সকলো স্বীকৃতিপ্রাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিলৈ আয়োগে এই তালিকা প্ৰেৰণ কৰিব। নির্দেশনা- পত্ৰক অত্যন্ত জৰুৰী বুলি গ্রহণ কৰিবলৈ আহ্বান জনাই মুখ্য নির্বাচন আয়ুক্তই নির্দেশনাটোত নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰা জিলা যোগাযোগ কেন্দ্ৰ সক্ৰিয় কৰা হ'ব বুলি জানিবলৈ দিছে।


উল্লেখযোগ্য যে অসমৰ জনগাঁথনি পৰিৱৰ্তনৰ সাম্প্ৰতিক ভয়াৱহ পৰিস্থিতি আৰু ২০২৬ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ৰাজ্যখনত হ'ব লগা ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী অত্যন্ত তাৎপর্যপূর্ণ আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কাৰণ নির্বাচন আয়োগে বিহাৰত চলোৱা এই প্ৰক্ৰিয়াত ধৰা পৰিছিল যে ম্যানমাৰ, নেপাল আদিৰ নাগৰিকৰো বিহাৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট আছে। মৃত ব্যক্তি, স্থানান্তৰিত হোৱা ব্যক্তিৰ নামতো বিহাৰত পৰিছিল লাখ লাখ ভোট। গতিকে বাংলাদেশীৰ সমস্যাত জৰ্জৰ অসমত কি পৰিস্থিতি হ'বগৈ পাৰে সেয়া এতিয়া কল্পনা কৰাও কঠিন।


আন এক গুৰুত্বপূৰ্ণ কথা এয়ে যে ৰাজ্যত আৰম্ভ হ'ব লগা ভোটাৰ তালিকাৰ ব্যাপক সংশোধনী প্রক্রিয়াক লৈ দুটা বিপৰীত মেৰুত অৱস্থান কৰিছে ৰাজ্যৰ দুই প্রধান ৰাজনৈতিক দল কংগ্ৰেছ আৰু বিজেপি। কালি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই নির্বাচন আয়োগৰ এনে পদক্ষেপক আদৰণি জনোৱাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিশেষ ব্যাপক সংশোধনী প্রক্রিয়া সম্পর্কত সংসদত বিশেষ আলোচনা দাবী কৰাৰ লগতে নির্বাচন আয়োগক শাসকীয় বিজেপি দলে নিজৰ মতে ব্যৱহাৰ কৰাৰ অভিযোগ তুলিছিল।


একে সময়তে কিন্তু কংগ্রেছকে ধৰি বিৰোধী দলসমূহে বিজেপিয়ে ভোট চুৰি কৰি অৰ্থাৎ ভুৱা ভোটাৰৰ যোগে নির্বাচন জয় কৰাৰো অভিযোগ তুলি আহিছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ এনে স্ব-বিৰোধী স্থিতিৰ মাজতে খিলঞ্জীয়া মানুহক কিন্তু নির্বাচন আয়োগৰ এই পদক্ষেপে বিশেষ উৎসাহী কৰি তুলিছে। অৱশ্যে অসমত হ'ব লগা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্রক্রিয়াত নির্বাচন আয়োগে ভোটাৰৰ কোনসমূহ নথি-পত্র গ্রহণযোগ্য বুলি ধৰে সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। উল্লেখযোগ্য যে বিহাৰত হোৱা ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী প্রক্রিয়াত মুঠ ১১টা নথিক নির্বাচন আয়োগে মান্যতা প্রদান কৰিছিল। সেই ১১টা নথি হ'ল- কেন্দ্ৰ, ৰাজ্য বা ব্যক্তিগত খণ্ডৰ চাকৰিয়াল বা পেঞ্চনাৰ হিচাপে পৰিচয় পত্র।


১৯৮৭ চনৰ ১ জুলাইৰ পূৰ্বে কেন্দ্ৰ বা ৰাজ্য চৰকাৰ, স্থানীয় প্রশাসন, বেংক, ডাকঘৰ, এল আই চি বা ব্যক্তিগত প্রতিষ্ঠানে প্রদান কৰা পৰিচয় পত্র। জন্মৰ প্ৰমাণ পত্র (নির্দিষ্ট অথ'ৰিটিয়ে প্রদান কৰা)। পাছপ'র্ট। স্বীকৃতিপ্রাপ্ত বিদ্যালয়, বিশ্ববিদ্যালয়ে প্রদান কৰা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্র। স্থায়ী নাগৰিকৰ প্ৰমাণ পত্র। বন অধিকাৰ চার্টিফিকেট। অ' বি চি/এছ চি/এছ টি বা নির্দিষ্ট অথ'ৰিটিয়ে প্রদান কৰা জাতিগত প্রমাণ পত্র ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী।


ৰাজ্য চৰকাৰ বা স্থানীয় প্রশাসনে প্রস্তুত কৰা ফেমিলি ৰেজিষ্টাৰ। চৰকাৰৰ দ্বাৰা প্ৰদান কৰা ভূমি বা ঘৰ আবণ্টনৰ চার্টিফিকেট। এইক্ষেত্রত ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডক নির্বাচন আয়োগে বৈধ নথিৰূপে মান্যতা প্রদান নকৰাত বিৰোধী পক্ষই দেশজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। উচ্চতম ন্যায়ালয়েও এই দুবিধ নথিক গ্রাহ্য কৰিবলৈ নিৰ্বাচন আয়োগক পৰামৰ্শ দিছিল। অসমৰ ক্ষেত্রত আয়োগে কি ব্যৱস্থা লয় সেয়া এতিয়ালৈকে প্রকাশ কৰা নাই।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement