--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰ্ষজোৰা জন্ম শতবার্ষিকী অনুষ্ঠান সেইদিনাই সমাপ্ত হ'ব। একেদৰে ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

ডিজিটেল ডেস্ক: সংগীতসূর্য ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান অহা ৮ ছেপ্টেম্বৰত নতুন দিল্লীত বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব। 


কালি কেবিনেট বৈঠকৰ পাছতেই এই কথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়, 'সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান আৰু সংগ্ৰহালয় স্থাপনৰ সন্দৰ্ভত কেবিনেটত কেইবাটাও সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী সমাৰোহৰ সামৰণী অনুষ্ঠান ৮ ছেপ্টেম্বৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰা হ'ব। 


বৰ্ষজোৰা জন্ম শতবার্ষিকী অনুষ্ঠান সেইদিনাই সমাপ্ত হ'ব। একেদৰে ৩২ কোটি টকা ব্যয় সাপেক্ষে ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই সংগ্রহালয়টো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্থাপন কৰা হ'ব, য'ত হাজৰিকাৰ সৈতে জড়িত হৈ থকা বিভিন্ন সম্পদৰাজি সংৰক্ষণ কৰা হ'ব। এই সংগ্ৰহালয়টো স্থাপনৰ বাবে ১৩ কোটি টকা নর্থ-ইষ্ট কাউঞ্চিলে দিব আৰু ২০ কোটি টকা অসম চৰকাৰে ব্যয় কৰিব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু