--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত‍্যাক লৈ পত্নী কন্যা সহ চাৰিজনক আটক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ।‌ হত‍্যাকাৰী পত্নী কন‍্যাক ফাঁচীৰ দাবীৰে বৰবৰুৱা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ স্থানীয় সহস্ৰাধিক পুৰুষ মহিলাৰ।

ডিজিটেল ডেস্কঃ নৃশংস হত‍্যাৰ বলি হোৱা বৰবৰুৱাৰ উত্তম গগৈৰ চাৰি হত্যাকাৰীক আটক।বৰবৰুৱা আৰক্ষীয়ে আটক‌ কৰিলে উত্তম গগৈৰ পত্নী, কন্যা সহ দুই চুপাৰী কিলাৰক পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু ১০ লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক ।   



বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত‍্যাক লৈ পত্নী কন্যা সহ চাৰিজনক আটক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ।‌ হত‍্যাকাৰী পত্নী কন‍্যাক ফাঁচীৰ দাবীৰে বৰবৰুৱা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ স্থানীয় সহস্ৰাধিক পুৰুষ মহিলাৰ। যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।


বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংস ভাৱে হত‍্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মুল‍্যবান বয়- বস্তু লৈ গৈছিল হত‍্যাকাৰীয়ে।


ই এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। জানিব পৰা অনুসৰি উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল। কিয় এই হত্যাকাণ্ড কৰিছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও আজি পুৱাই বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী সোনোৱাল গগৈ, কন্যা আৰু কন্যাৰ প্ৰেমিক জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাঙ্গ পাত্ৰক।


আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি খাদ‍্যৰ লগত নিচাযুক্ত দ্ৰব্য মিহলি কৰি টোপনি যোৱাৰ পিছত মৰিয়াই মৰিয়াই হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক।


এই হত্যাকাণ্ড কৰি ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। উত্তম গগৈক হত্যা কৰি ২৬ তাৰিখে পুৱতি নিশা ৩ বজাত উত্তম গগৈৰ ঘৰৰ পৰা ৰঙা ৰঙৰ এখন বাহনত ওলাই গৈছিল চাৰি হত‍্যাকাৰী। বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ পাছতহে এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ