--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত‍্যাক লৈ পত্নী কন্যা সহ চাৰিজনক আটক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ।‌ হত‍্যাকাৰী পত্নী কন‍্যাক ফাঁচীৰ দাবীৰে বৰবৰুৱা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ স্থানীয় সহস্ৰাধিক পুৰুষ মহিলাৰ।

ডিজিটেল ডেস্কঃ নৃশংস হত‍্যাৰ বলি হোৱা বৰবৰুৱাৰ উত্তম গগৈৰ চাৰি হত্যাকাৰীক আটক।বৰবৰুৱা আৰক্ষীয়ে আটক‌ কৰিলে উত্তম গগৈৰ পত্নী, কন্যা সহ দুই চুপাৰী কিলাৰক পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু ১০ লাখ টকা দি হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক ।   



বৰবৰুৱাৰ উত্তম গগৈৰ নৃশংস হত‍্যাক লৈ পত্নী কন্যা সহ চাৰিজনক আটক ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষীৰ।‌ হত‍্যাকাৰী পত্নী কন‍্যাক ফাঁচীৰ দাবীৰে বৰবৰুৱা আৰক্ষী থানাত উত্তাল প্ৰতিবাদ স্থানীয় সহস্ৰাধিক পুৰুষ মহিলাৰ। যোৱা ২৫ জুলাইত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ হত্যাকাণ্ড।


বৰবৰুৱাৰ লাহনগাঁৱৰ উদীয়মান ব‍্যৱসায়ী উত্তম গগৈ ওৰফে চেং কাইক কোনো দুৰ্বৃত্তই ঘৰত অকলে থকা অৱস্থাত নিশা নৃশংস ভাৱে হত‍্যা কৰিছিল। মৃতদেহ উদ্ধাৰ হোৱা শুৱনি কোঠাটোৰ বিভিন্ন সামগ্ৰী ছেদেলি ভেদেলি কৰি মুল‍্যবান বয়- বস্তু লৈ গৈছিল হত‍্যাকাৰীয়ে।


ই এক ডকাইটিৰ ঘটনা বুলি অনুমান কৰা হৈছিল যদিও আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু চাঞ্চল্যকৰ তথ্য। জানিব পৰা অনুসৰি উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক নিজৰ পত্নী আৰু কন্যাই চুপাৰী কিলাৰ লগাই হত্যা কৰিছিল। কিয় এই হত্যাকাণ্ড কৰিছিল সেই কথা সঠিককৈ জানিব পৰা হোৱা নাই যদিও আজি পুৱাই বৰবৰুৱা আৰক্ষীয়ে আটক কৰিছে উত্তম গগৈৰ পত্নী ববী সোনোৱাল গগৈ, কন্যা আৰু কন্যাৰ প্ৰেমিক জামিৰা মটক গাঁৱৰ দীপজ্যোতি বুঢ়াগোহাঁই আৰু তেওঁৰ সহযোগী জামিৰা পাত্ৰ গাঁৱৰ গৌৰাঙ্গ পাত্ৰক।


আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা অনুসৰি পত্নী, কন্যাই দুই চুপাৰী কিলাৰক সোণৰ গহনা আৰু কেইবা লাখ টকা দি খাদ‍্যৰ লগত নিচাযুক্ত দ্ৰব্য মিহলি কৰি টোপনি যোৱাৰ পিছত মৰিয়াই মৰিয়াই হত্যা কৰাইছিল উদীয়মান ব‍্যৱসায়ী উত্তম গগৈক।


এই হত্যাকাণ্ড কৰি ডকাইটিৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল। উত্তম গগৈক হত্যা কৰি ২৬ তাৰিখে পুৱতি নিশা ৩ বজাত উত্তম গগৈৰ ঘৰৰ পৰা ৰঙা ৰঙৰ এখন বাহনত ওলাই গৈছিল চাৰি হত‍্যাকাৰী। বৰবৰুৱা আৰক্ষীৰ তৎপৰতাত এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে। আৰক্ষীৰ জেৰাৰ পাছতহে এতিয়া হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্যৰ কাৰণ জানিব পৰা যাব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ