--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ১০ টকাৰ স্মাৰক মুদ্রা সম্পৰ্কে কৰা এই প'ষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা

ডিজিটেল ডেস্ক : ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে ১০ টকাৰ এটা স্মাৰক মুদ্রা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব। কিন্তু ইয়াৰ পূৰ্বেই সামাজিক মাধ্যমত এই ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো সম্বলিত এটা প'ষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। যাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো প্রতিক্রিয়া প্রকাশ কৰিছে।


মুখ্যমন্ত্ৰীয়ে কয়- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ১০ টকাৰ স্মাৰক মুদ্রা সম্পৰ্কে কৰা এই প'ষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা। অনুগ্ৰহ কৰি এনেধৰণৰ ভ্ৰান্ত তথ্য প্ৰচাৰ নকৰিব। অসম আৰক্ষীয়ে এনে বিষয়ত তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰে।'


উল্লেখযোগ্য যে দেৰগাঁৱৰ ভাস্কৰ বৰা নামৰ এজন ব্যক্তিয়ে ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো সংলগ্ন কৰি সামাজিক মাধ্যমত এইদৰে লিখিছে, 'সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই 'ভাৰত ৰত্ন' দাদা চাহেব ফাল্কে সন্মান, যি পাব লাগে সকলো পালে, এনেদৰে মুখাবয়ৱ সলনি কৰি আৰু সন্মান নিদিয়া হ'লেও হ'লেহেঁতেনে। এইজন আমাৰ চকুৰ আগত ভাহি থকা ভূপেন হাজৰিকাজনতো নহয় কদাপিও।' ইফালে এই প'ষ্টৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। এতিয়া প্রশ্ন হৈছে কোনে কি উদ্দেশ্যে ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে?


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ