--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ১০ টকাৰ স্মাৰক মুদ্রা সম্পৰ্কে কৰা এই প'ষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা

ডিজিটেল ডেস্ক : ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ নামেৰে ১০ টকাৰ এটা স্মাৰক মুদ্রা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব। কিন্তু ইয়াৰ পূৰ্বেই সামাজিক মাধ্যমত এই ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো সম্বলিত এটা প'ষ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। যাক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো প্রতিক্রিয়া প্রকাশ কৰিছে।


মুখ্যমন্ত্ৰীয়ে কয়- সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ নামেৰে ১০ টকাৰ স্মাৰক মুদ্রা সম্পৰ্কে কৰা এই প'ষ্ট সম্পূৰ্ণৰূপে ভুৱা আৰু মিছা। অনুগ্ৰহ কৰি এনেধৰণৰ ভ্ৰান্ত তথ্য প্ৰচাৰ নকৰিব। অসম আৰক্ষীয়ে এনে বিষয়ত তাৎক্ষণিকভাৱে আইনী ব্যৱস্থা গ্রহণ কৰিব পাৰে।'


উল্লেখযোগ্য যে দেৰগাঁৱৰ ভাস্কৰ বৰা নামৰ এজন ব্যক্তিয়ে ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো সংলগ্ন কৰি সামাজিক মাধ্যমত এইদৰে লিখিছে, 'সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই 'ভাৰত ৰত্ন' দাদা চাহেব ফাল্কে সন্মান, যি পাব লাগে সকলো পালে, এনেদৰে মুখাবয়ৱ সলনি কৰি আৰু সন্মান নিদিয়া হ'লেও হ'লেহেঁতেনে। এইজন আমাৰ চকুৰ আগত ভাহি থকা ভূপেন হাজৰিকাজনতো নহয় কদাপিও।' ইফালে এই প'ষ্টৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে। এতিয়া প্রশ্ন হৈছে কোনে কি উদ্দেশ্যে ১০ টকাৰ স্মাৰক মুদ্ৰাৰ ফটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে?


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ