--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে এই প্রকল্প উদ্বোধন কৰে

ডিজিটেল ডেস্ক: কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ কলাজলত কালি উত্তৰ-পূৰ্বাঞ্চলৰ প্রথমটো ব্যক্তিগত ৰে'ল ষ্টেছন আৰু ৰে'ল কৰিডৰ মুকলি কৰা হয়। স্থানীয় ব্যৱসায়ী কনক ডেকাই নির্মাণ কৰা এই প্রকল্পটো কালি মাংগলিক কার্যসূচীৰে শুভাৰম্ভ কৰা হয়। 


কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে এই প্রকল্প উদ্বোধন কৰে। ভাৰতীয় ৰে'লৰ মানচিত্ৰত এই কৰিডৰটো বাইহাটা ৰে'ল গুডছ বেৰন (বি আৰ জি বি) নামেৰে নামকৰণ কৰা হৈছে। কালিৰ পৰা ইয়াত নিয়মিতভাৱে মালবাহী ৰে'লসেৱা আৰম্ভ হৈছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত থকা এই শুভাৰম্ভণী অনুষ্ঠানত দুখনকৈ ট্রেইন ক্ৰয় কৰাৰো সকলো যাৱতীয় কার্য সম্পাদন কৰাৰ কথাও সদৰী কৰে কমলপুৰৰ যুৱ ব্যৱসায়ী কনক ডেকাই। 


যুৱ ব্যৱসায়ীজনে সম্পূর্ণ নিজা প্রচেষ্টাত নিজ ব্যাৱসায়িক ক্ষেত্ৰত এই ৰে'ল কৰিডৰ নিৰ্মাণ কৰিছে। ব্যক্তিগত প্ৰচেষ্টাত ৰে'ল কৰিডৰ নিৰ্মাণ কৰা এয়া উত্তৰ-পূবৰ ভিতৰতে প্রথম বুলি চিহ্নিত হৈছে। ইতিমধ্যে ভাৰতীয় ৰে'ল মানচিত্ৰত কনক ডেকাৰ ব্যক্তিগত ৰে'ল ষ্টেছনৰ নাম সংযোজিত হৈছে। ৰে'ল মানচিত্ৰত বি আৰ জি বি নামেৰে ষ্টেছন ক'ড লাভ কৰাৰ পাছতে কালিৰে পৰা ৰে'লসেৱা আৰম্ভ হয়। 


উল্লেখযোগ্য যে 'প্রধানমন্ত্রী গতি শক্তি আঁচনি'ৰ অধীনত এই প্রকল্প নিৰ্মাণ কৰা হৈছে। প্রায় তিনিশ বিঘা ভূমিত নিৰ্মাণ কৰা এই প্রকল্পত প্রায় এহেজাৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন লাভ কৰিব বুলি কনক ডেকাই সংবাদ মাধ্যমক সদৰী কৰে। ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্রকল্পত টাটা, মহেন্দ্রা, সোণালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্রতিষ্ঠানে ল'জিষ্টিক সেৱা গ্রহণ কৰিব বুলি উল্লেখ কৰে ব্যৱসায়ী ডেকাই। বহিঃৰাজ্যৰ পৰা গাড়ীকে ধৰি অন্যান্য সামগ্ৰীসমূহ ৰে'লযোগে আহি কনক ডেকাৰ এই ৰে'ল টার্মিনেলত আনল'ডিং হোৱাৰ লগতে এই প্রকল্পস্থলীতে থকা ৱেৰ হাউছত মজুতকৰণৰ সুযোগ লাভ কৰিব। 


প্রণিধানযোগ্য যে এডভান্টেজ আছাম-২ত স্বাক্ষৰিত প্রায় ৫০০ কোটি টকাৰ চুক্তি মর্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই এই প্রকল্প স্থাপন কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰা প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূর্ণ হোৱাত কালি বিধায়ক দিগন্ত কলিতাই আনুষ্ঠানিকভাৱে প্রকল্পটো মুকলি কৰে। প্ৰকল্পটো মুকলি কৰি বিধায়ক কলিতাই প্রকল্পটোৰ জৰিয়তে প্রায় এহেজাৰ স্থানীয় নিবনুৱা যুৱক-যুৱতীয়ে প্রত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপনৰ সুযোগ পাব বুলি আশা প্রকাশ কৰে। 


কালিৰ এই অনুষ্ঠানত জাগীৰোড ছেমি কণ্ডাক্টৰ মুখ্য ল'জিষ্টিক বিষয়াগৰাকীও উপস্থিত থাকে। আনহাতে, ২০২৪ চনত মুখ্যমন্ত্রীয়ে এই বৃহৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল যদিও এইবেলি উদ্বোধনী অনুষ্ঠানত নির্বাচনী ব্যস্ততাৰ বাবে ড° শৰ্মা উপস্থিত থাকিব নোৱাৰিলে বুলি জানিব পৰা গৈছে। স্থানীয় যুৱ সমাজকর্মী কুশল গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত জিলা বিজেপিৰ নেতা ৰমেশ শইকীয়া আৰু ভাস্কৰ কলিতা, কমলপুৰৰ ৰাজহ চক্ৰ বিষয়া বিক্রমজিৎ বৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement