--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • বিশ্ব ব্ৰহ্মাণ্ডৰ বয়স যেতিয়া ১৫০ বছৰ হৈছিল সেই সময়তে এই তাৰকাৰাজ্যৰ সৃষ্টি হৈছিল।

ডিজিটেল ডেস্ক: ভাৰতৰ দুগৰাকী জ্যোতির্বিজ্ঞানীয়ে মহাকাশ বিজ্ঞানত এক ইতিহাসৰ সৃষ্টি কৰে। তেওঁলোকে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰম্ভণিৰ সময়ছোৱাত সৃষ্টি হোৱা এখন নতুন তাৰকাৰাজ্য আৱিষ্কাৰ কৰে। বিশ্ব ব্ৰহ্মাণ্ডৰ বয়স যেতিয়া ১৫০ বছৰ হৈছিল সেই সময়তে এই তাৰকাৰাজ্যৰ সৃষ্টি হৈছিল। 


ভাৰতীয় বিজ্ঞানী দুজনে আৱিষ্কাৰ কৰা এই তাৰকাৰাজ্যখনৰ নাম দিছে অলকানন্দা। অলকানন্দাৰ সৃষ্টি হৈছিল আজিৰে পৰা ১৩৮০ কোটি বছৰৰ আগতে। অলকানন্দা আমাৰ হাতীপটি তাৰকাৰাজ্যৰ দৰেই দেখিবলৈ অতি সুন্দৰ আৰু সর্পিল আকাৰৰ। তেওঁলোকে অলকানন্দাৰ আৱিষ্কাৰ কৰে বিশ্বৰ আটাইতকৈ শক্তিশালী দূৰবীন জেমছ ৱেব মহাকাশ দূৰবীনৰ জৰিয়তে। ইউৰোপৰ প্ৰসিদ্ধ বার্তালোচনী এষ্ট্র'নমী আৰু এষ্ট্ৰ'ফিজিক্সৰ নৱেম্বৰ সংখ্যাত এই বিষয়ে প্রকাশ পাইছে। অলকানন্দাৰ আৱিষ্কাৰে বিশ্ব ব্রহ্মাণ্ডৰ প্ৰতি থকা ধাৰণা সলনি কৰিব পাৰে। 


উল্লেখযোগ্য যে বিজ্ঞানীসকলে পূৰ্বতে কৰা অনুমানৰ মতে, মহা নিনাদৰ কেইলাখমান বছৰৰ পাছলৈ এক সৰু অনিয়মীয়া আৰু জটিল তাৰকাৰাজ্যৰ গঠন হৈছিল। বিশাল আকাৰৰ আৰু সুন্দৰ সর্পিল আকৃতিৰ তাৰকাৰাজ্য গঠন হোৱাৰ বাবে কেইবাশ কোটি বছৰৰ প্ৰয়োজন হৈছিল। কিন্তু পুনেৰ ৰাশি জৈন আৰু অধ্যাপক যোগেশ বডাডেকাৰে আৱিষ্কাৰ কৰা তৰাকাৰাজ্যৰ পূৰ্বৰ এই সকলো ধাৰণা সলনি কৰি দিলে। ভাৰতীয় বিজ্ঞানী দুজনে এই তাৰকাৰাজ্যখনৰ নাম হিমালয়ৰ পৱিত্ৰ নদী অলকানন্দাৰ নামেৰে নামকৰণ কৰে। এই তৰাকাৰাজ্যখন বহলে প্রায় ৩০ হাজাৰ আলোকবর্ষ অৰ্থাৎ আমাৰ হাতীপটি তাৰকাৰাজ্যৰ প্ৰায় এক তৃতীয়াংশ। অলকানন্দা তাৰকাৰাজ্যত প্রায় ১০০০ কোটি নক্ষত্র থকা বুলি অনুমান কৰা হৈছে। 


তাৰকাৰাজ্যখনত নতুন নক্ষত্ৰৰ গঠন প্রক্রিয়া হাতীপটি তাৰকাৰাজ্যতকৈ ২০-৩০ গুণ অধিক। অলকানন্দা তাৰকাৰাজ্যৰ দুটা সর্পিল বাহু, মাজভাগ উজ্জ্বল ওফন্দি উঠা আৰু বাহু থকা তথা মণি-মুকুতাৰ মালাৰ দৰে। এন চি আৰ এ টি আই এফ আৰত গৱেষণা কৰি থকা ৰাশি জৈনে জেম ৱেবৰৰ তথ্যৰ পৰা মহাকাশত থকা প্রায় ৭০ হাজাৰ পিণ্ড নিৰীক্ষণ কৰিছিল। হঠাতে তেওঁৰ চকুত পৰে একেবাৰে স্পষ্ট, সুন্দৰ সর্পিল তাৰকাৰাজ্য। তেওঁ প্রথমে এই তাৰকাৰাজ্যখনক তেওঁৰ গুৰু অধ্যাপক যোগেশ ৱডাডেকাৰক দেখুৱায়। ৱডাডেকাৰে প্ৰথমে ইয়াক বিশ্বাসেই কৰিব পৰা নাছিল। উল্লেখযোগ্য যে এই তাৰকাৰাজ্যখনৰ সৃষ্টি হোৱাৰ সময়ত বিশ্ব ব্ৰহ্মাণ্ডৰ বয়স বৰ্তমানৰ প্রায় ১০% আছিল। ৰাশি জৈনৰ এই আৱিষ্কাৰে বিশ্ব ব্ৰহ্মাণ্ড যে ভবাতকৈ বহুত আগতেই পৰিপক্ক হৈ পৰিছিল তাকেই প্ৰমাণ কৰিলে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ