--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিল্পী ড° হেমচন্দ্ৰ গোস্বামীৰ লগতে মাজুলীৰ মুখা শিল্পীসকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি মুখা কলাই এক সাকাৰ ৰূপ পাইছে।

ডিজিটেল ডেস্ক: জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট মুখাশিল্পই মাজুলীৰ চামগুৰি সত্ৰৰ পদ্মশ্রী বঁটাপ্ৰাপক মুখাশিল্পী হেমচন্দ্র গোস্বামী আৰু তেওঁৰ শিষ্যগণৰ একাণপটীয়া প্ৰচেষ্টাৰ ফলত আন্তঃৰাষ্ট্ৰীয় সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। 


২০১৬ চনত লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম শুৱনি কৰিবলৈ সক্ষম হোৱা ড° হেমচন্দ্ৰ গোস্বামীৰ মুখা এইবাৰ সাত সাগৰ তেৰ নদী পাৰ হৈ যাত্ৰা আৰম্ভ কৰিছে আমেৰিকালৈ। পশ্চিমীয়া দেশ আমেৰিকাত কথা ক'ব চামগুৰি সত্ৰৰ মুখাই। ইতিমধ্যে হেমচন্দ্র গোস্বামীৰ চ'ৰাৰ পৰা আমেৰিকাৰ পৰ্যটকসকলে বিচৰাৰ দৰে নিৰ্মাণ কৰি মুখাসমূহ কুৰিয়াৰ সেৱাৰ জৰিয়তে উলিয়াই পঠিওৱা হৈছে। 


হেমচন্দ্ৰ গোস্বামীৰ পৰা জানিব পৰা মতে, আমেৰিকাৰ পৰ্যটকসকলে তেওঁলোকক ৰাৱণ, গণেশ, বৃষভ, হনুমান, জটায়ু, নন্দী, অসুৰৰ মুখা দুখন আৰু কালীনাগৰ মুখা নিৰ্মাণৰ বাবে আহ্বান জনাইছিল আৰু সেইমতে শিল্পীগৰাকী আৰু তেওঁৰ শিষ্যসকলে মুখা নিৰ্মাণ কৰি আমেৰিকালৈ পঠোৱাৰ ব্যৱস্থা কৰে। আমেৰিকাৰ পৰ্যটকসকলে মুখাসমূহ সুন্দৰভাৱে সংৰক্ষণ আৰু অভিনয়ৰ ব্যৱস্থা কৰিব বুলি শিল্পীগৰাকীক জনাইছে। 


উল্লেখযোগ্য যে বিশিষ্ট মুখাশিল্পী ড° হেমচন্দ্র গোস্বামী আৰু তেওঁৰ শিষ্যসকলে নিৰ্মাণ কৰা মুখাসমূহ কেৱল লণ্ডন আৰু আমেৰিকাতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ পৰ্যটকৰ ড্ৰয়িং ৰূম শুৱনি কৰি সত্ৰীয়া সংস্কৃতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকাই তুলিছে। শিল্পী ড° হেমচন্দ্ৰ গোস্বামীৰ লগতে মাজুলীৰ মুখা শিল্পীসকলৰ নেৰানেপেৰা প্ৰচেষ্টাৰ ফলত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি মুখা কলাই এক সাকাৰ ৰূপ পাইছে।


বিশেষকৈ মাজুলী চামগুৰি সত্ৰত নিৰ্মাণ হোৱা মুখা শিল্পই সমগ্ৰ বিশ্বতে প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিছে আৰু বিশ্ববাসীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মুখা শিল্পৰ বাবেই চামগুৰি সত্ৰৰ মুখা শিল্পীসকলে পদ্মশ্রী, সংগীত নাটক অকাদেমি, ডক্টৰেটকে ধৰি বিভিন্ন বঁটা বুটলিছে। 


উল্লেখযোগ্য যে মাজুলীলৈ অহা দেশী-বিদেশী পর্যটকসকল ঢপলিয়াই আহে চামগুৰি সত্ৰৰ মুখা শিল্প চাবলৈ আৰু মুখাৰ অভিনয় উপভোগ কৰিবলৈ। মুখা শিল্প উপভোগ কৰিবলৈ অহা বহু বিদেশী পর্যটকে মুখা কলাৰ প্ৰেমত পৰি মুখা নিৰ্মাণৰ প্ৰশিক্ষণ গ্রহণ কৰে। শেহতীয়াকৈ চামগুৰি সত্ৰলৈ আমেৰিকাৰ পৰা অহা পৰ্যটকৰ দলটো প্ৰেমত পৰিছিল মুখা শিল্পৰ আৰু পৰ্যটকৰ দলটোৰ লগত সহায়ক হিচাপে আহিছিল কলকাতাৰ এজন লোক। 


পৰ্যটকৰ দলটো আমেৰিকালৈ উভতি গৈ কলকাতাৰ যুৱকজনৰ সৈতে যোগাযোগ কৰি মাজুলী চামগুৰি সত্ৰত নিৰ্মাণ কৰিবলৈ দিলে উক্ত মুখাসমূহ আৰু সেইমতেই মুখাৰ আমেৰিকা যাত্ৰা আৰম্ভ হয়। এতিয়া মাজুলীবাসীৰ আশা, চামগুৰি সত্ৰৰ শিল্পীসকলে একাগ্ৰতাৰে ধৰি ৰখা শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট মুখাশিল্প কেৱল লণ্ডন আৰু আমেৰিকাতে নহয় সমগ্ৰ বিশ্বৰ যাদুঘৰসমূহত স্থান লাভ কৰক, যাতে মুখাৰ জৰিয়তে মহাপুৰুষজনাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ