--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেটাৰী ৰিক্সাত এজন ডাকঘৰৰ কৰ্মচাৰীয়ে কঢ়িয়াই নিছিল এই বৃহৎ অংকৰ ধন

ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে বৃহৎ অংকৰ ধন । বেটাৰী ৰিক্সাত এজন ডাকঘৰৰ কৰ্মচাৰীয়ে কঢ়িয়াই নিছিল এই বৃহৎ অংকৰ ধন।কৰ্মচাৰী জনৰ লগত শিৱসাগৰৰ পৰা ডিমৌলৈ নাছিল কোনো সুৰক্ষা কৰ্মীৰ লোক ।ধন লৈ উধাও হোৱা দুই দুৰ্বৃত্তৰ সন্ধানত ডিমৌ আৰু নিতাইপুখুৰী আৰক্ষীৰ অভিযান


বিপুল দত্ত নামৰ শিৱসাগৰৰ ডাকঘৰৰ কেছ বিষয়াজনে শিৱসাগৰৰ পৰা নিতাইপুখুৰী ডাকঘৰলৈ বুলি নিছিল ১০ লক্ষাধিক টকা। ডিমৌৰ পৰা নিতাইপুখুৰীস্থিত ডাকঘৰৰ অভিমুখে বেটেৰী ৰিক্সাৰে গৈ থকা সময়তে বিপুল দত্তক ডিমৌৰ সমীপৰ ৰাইচাইত বাজাজ পালচাৰত অহা দুই দুৰ্বৃত্তই মাৰপিত কৰি কাঢ়ি লৈ যায় টকা ভৰ্তি বেগটো।


উল্লেখ্য যে ডাকঘৰৰ কেছ বিষয়া বিপুল দত্তই আন দিনটো এনেদৰে নগদ ধন জিলাখনৰ বিভিন্ন ডাকঘৰত দিয়াৰ ব্যৱস্থা কৰে। কিন্তু আনদিনাৰ দৰে আজি বিপুল দত্তৰ লগত কোনো সুৰক্ষা কৰ্মী নাছিল। আজি বিপুল দত্তৰ লগত ডাকঘৰৰ উৰ্দ্ধতন কতৃপক্ষই কোনো সুৰক্ষা কৰ্মী নপঠোৱাৰ ফলতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ পালে বুলি ক'ব পাৰি। কি পৰিস্থিতিত শিৱসাগৰ জিলা ডাকঘৰৰ উৰ্দ্ধতন কতৃপক্ষই কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ প্ৰায় ত্ৰিশ কিলোমিটাৰ পথ অতিক্ৰমি ইমান ডাঙৰ অংকৰ ধন কেৱল এজন ব্যক্তিৰ হাতত সৰবৰাহ কৰিছিল সেয়াও এক বিচাৰ্যৰ বিষয়।


বৰ্তমান ঘটনাস্থলীত নিতাইপুখুৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান। আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ