--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেটাৰী ৰিক্সাত এজন ডাকঘৰৰ কৰ্মচাৰীয়ে কঢ়িয়াই নিছিল এই বৃহৎ অংকৰ ধন

ডিজিটেল ডেস্কঃ শিৱসাগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।দিনদুপৰতে দুৰ্বৃত্তই লুটি নিলে বৃহৎ অংকৰ ধন । বেটাৰী ৰিক্সাত এজন ডাকঘৰৰ কৰ্মচাৰীয়ে কঢ়িয়াই নিছিল এই বৃহৎ অংকৰ ধন।কৰ্মচাৰী জনৰ লগত শিৱসাগৰৰ পৰা ডিমৌলৈ নাছিল কোনো সুৰক্ষা কৰ্মীৰ লোক ।ধন লৈ উধাও হোৱা দুই দুৰ্বৃত্তৰ সন্ধানত ডিমৌ আৰু নিতাইপুখুৰী আৰক্ষীৰ অভিযান


বিপুল দত্ত নামৰ শিৱসাগৰৰ ডাকঘৰৰ কেছ বিষয়াজনে শিৱসাগৰৰ পৰা নিতাইপুখুৰী ডাকঘৰলৈ বুলি নিছিল ১০ লক্ষাধিক টকা। ডিমৌৰ পৰা নিতাইপুখুৰীস্থিত ডাকঘৰৰ অভিমুখে বেটেৰী ৰিক্সাৰে গৈ থকা সময়তে বিপুল দত্তক ডিমৌৰ সমীপৰ ৰাইচাইত বাজাজ পালচাৰত অহা দুই দুৰ্বৃত্তই মাৰপিত কৰি কাঢ়ি লৈ যায় টকা ভৰ্তি বেগটো।


উল্লেখ্য যে ডাকঘৰৰ কেছ বিষয়া বিপুল দত্তই আন দিনটো এনেদৰে নগদ ধন জিলাখনৰ বিভিন্ন ডাকঘৰত দিয়াৰ ব্যৱস্থা কৰে। কিন্তু আনদিনাৰ দৰে আজি বিপুল দত্তৰ লগত কোনো সুৰক্ষা কৰ্মী নাছিল। আজি বিপুল দত্তৰ লগত ডাকঘৰৰ উৰ্দ্ধতন কতৃপক্ষই কোনো সুৰক্ষা কৰ্মী নপঠোৱাৰ ফলতে এই অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ পালে বুলি ক'ব পাৰি। কি পৰিস্থিতিত শিৱসাগৰ জিলা ডাকঘৰৰ উৰ্দ্ধতন কতৃপক্ষই কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাকৈ প্ৰায় ত্ৰিশ কিলোমিটাৰ পথ অতিক্ৰমি ইমান ডাঙৰ অংকৰ ধন কেৱল এজন ব্যক্তিৰ হাতত সৰবৰাহ কৰিছিল সেয়াও এক বিচাৰ্যৰ বিষয়।


বৰ্তমান ঘটনাস্থলীত নিতাইপুখুৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে অভিযান। আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ