--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • টিলাপাৰাত হাজাৰ হাজাৰ আৰক্ষী-কনিষ্টবলৰ তহল। আজি সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ হাজাৰ পৰিয়াললৈ জিলা প্ৰশাসনে দিছে অন্তিম জাননী

ডিজিটেল ডেস্কঃ বিলাসীপাৰাত চলিব অসম ইতিহাসৰ অন্যতম সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ বাবে প্ৰশাসনে মজুত কৰি ৰাখিছে হাজাৰ হাজাৰ আৰক্ষী-কনিষ্টবল।


টিলাপাৰাত হাজাৰ হাজাৰ আৰক্ষী-কনিষ্টবলৰ তহল। আজি সন্তোষপুৰ, চৰুৱাবাখৰা আৰু চিৰাকুটাৰ হাজাৰ পৰিয়াললৈ জিলা প্ৰশাসনে দিছে অন্তিম জাননী। মাইক্ৰফোন যোগে ৬ জুলাই লৈ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে। 

অৱশ্যে ভূমিহীন লোকক ধুবুৰী জিলাৰ বয়জেৰ আলগাত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব বুলি জাননীত উল্লেখ কৰিছে প্ৰশাসনে। উচ্ছেদৰ জাননী পোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা গাঁৱৰ পৰিয়ালৰ মাজত।


উল্লেখ্য যে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চল সমূহৰ ৪ হাজাৰ বিঘা ভূমি অধিগ্ৰহণ কৰিছে চৰকাৰে।  ইতিমধ্যে এই অঞ্চলত দুবাৰকৈ ভূমি পৰ্যবেক্ষণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এবাৰ এই ভূমি পৰ্যবেক্ষণ কৰিছে আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা