--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এফালে চৰকাৰে 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ দৰে শ্ল'গান দিছে। কিন্তু অসমত ইয়াৰ বিপৰীত পৰিস্থিতি দেখা গৈছে।

ডিজিটেল ডেস্ক: ভাৰতীয় চাহ ব'র্ডে (টী ব'র্ড অব ইণ্ডিয়া) অসমৰ চাহৰ 'ৰাজধানী' যোৰহাটৰ চাহ নিলাম কেন্দ্ৰ বন্ধ কৰি দিয়াত তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।


দেশৰ বিভিন্ন প্রান্তত এখন ৰাজ্যত দুটাকৈ চাহ নিলাম কেন্দ্র আছে যদিও দেশৰ ভিতৰত সবাতোকৈ বেছি চাহ উৎপাদন কৰা অসমত এতিয়া মাথোঁ থাকি গ'ল এটা চাহ নিলাম কেন্দ্ৰ। দেশৰ মুঠ উৎপাদনৰ ৫০ শতাংশ চাহ অসমত উৎপাদন হয় যদিও ভাৰত চৰকাৰৰ অধীনৰ চাহ ব'র্ডে নিৰ্বাচনৰ পিছতে হঠকাৰী সিদ্ধান্ত গ্রহণ কৰি অসমৰ দ্বিতীয়টো যোৰহাটস্থিত চাহ নিলাম কেন্দ্র বন্ধ কৰি দিছে। 


এফালে চৰকাৰে 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ দৰে শ্ল'গান দিছে। কিন্তু অসমত ইয়াৰ বিপৰীত পৰিস্থিতি দেখা গৈছে। চাহ ব'ৰ্ডে জোৰকৈ চাহ নিলাম ব্যৱস্থাৰ জৰিয়তে বিক্ৰী বাধ্যতামূলক কৰিছে। আনফালে একে সময়তে 'চাহৰ ৰাজধানী' বুলি পৰিচিত যোৰহাটৰ নিলাম ব্যৱস্থা বন্ধ কৰিছে। এয়া অসমবাসীৰ বাবে এক আৱেগিক আক্রমণ আৰু অসমীয়াৰ প্ৰতি আঘাতজনক সিদ্ধান্ত বুলি অভিযোগ উত্থাপন হৈছে। 


প্রতিযোগিতাৰ যুগত প্রশ্ন উত্থাপিত হৈছে যে চাহ ব'র্ডে কিয় যোৰহাট চাহ নিলাম কেন্দ্ৰটো বন্ধ কৰি দিলে? অসমে ভাৰতৰ প্ৰায় ৫০ শতাংশ চাহ উৎপাদন কৰে, এতিয়া অসমত এটা নিলাম কেন্দ্ৰ কেৱল গুৱাহাটী চাহ নিলাম কেন্দ্র থাকিল। আনহাতে পশ্চিম বংগত ২টা আৰু নীলগিৰিত ২টা নিলাম কেন্দ্র আছে। এই সিদ্ধান্তৰ আঁৰত ষড়যন্ত্র লুকাই আছে বুলি অভিযোগ উত্থাপন হৈছে। 


কেন্দ্ৰটো বন্ধ হোৱাত চাহ উদ্যোগৰ সৈতে জড়িত লোকসকল গভীৰ চিন্তাত পৰিছে। তদুপৰি দেখা গৈছে যে গুৱাহাটী চাহ নিলাম কেন্দ্রত সঠিক আন্তঃগাঁথনিৰ অভাৱ। সীমিত সংখ্যক ক্রেতা আছে আৰু একে ক্রেতাই ভিন ভিন নামত নিলামত অংশ লোৱাৰ অভিযোগো উত্থাপিত হৈ আহিছে। ইফালে অসমত কোনো এজন যুৱকে যদি নিজৰ চাহ পেকেট ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে তেওঁ পোনে পোনে চাহ নিলাম কেন্দ্ৰৰ পৰা চাহ কিনিব নোৱাৰে। চাহ নিলাম কেন্দ্ৰৰ ক্রেতা হ'বলৈ পুৰণি ক্ৰেতাৰ অনুমতি বা স্বীকৃতি ল'ব লাগে। উদাহৰণস্বৰূপে, আজি যদি অসমৰ কোনো যুৱকে চাহ ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবে, তেন্তে তেওঁ চাহ নিলাম কেন্দ্ৰৰ পৰা চাহ কিনিব নোৱাৰে? তেওঁ প্রথমে নিজৰ নাম পঞ্জীয়ন কৰিব লাগে তাৰ পিছত গুৱাহাটী নিলাম কেন্দ্ৰৰ পুৰণি সদস্যৰ পৰা অনুমতি ল'বলগীয়া হয়। গুজৰাট বা ৰাজস্থানত বহি থকা কোনো লোকৰ পৰা স্বীকৃতি দিয়াৰ পিছতহে অসমীয়া যুৱকে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা চাহ ক্ৰয় কৰিব পাৰে? কলকাতা, মুম্বাই, গুজৰাট, ৰাজস্থানৰ সদস্যৰ পৰা অনুমতি লৈহে অসমৰ যুৱকে চাহ ক্ৰয় কৰিব পাৰে। 


গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ বৃহৎ বৃহৎ যিসকল ক্রেতা আছে সকলো ক্রেতা বহিৰাগত। ক্রেতাসকলৰ কাৰ্যালয় আছে কলকাতাত। গুৱাহাটীস্থিত চাহ নিলাম কেন্দ্ৰৰ ক্রেতা সদস্যসকলৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিহে অসমৰ মানুহ সদস্য হ'ব পাৰে। প্ৰকৃততে এজন লোকে ক্রেতা হ'বলৈ আবেদন দিয়াৰ পিছতে প্রয়োজনীয় ট্রেড চার্টিফিকেটসহ অন্যান্য নথি দিয়াৰ পিছতে চাহ ক্ৰয়ৰ অনুমতি লাভ কৰিব লাগে। কিন্তু গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বহিৰাগত ক্ৰেতাৰ বাহিৰে অসমৰ যুৱকে চাহ ক্ৰয় কৰিবলৈ সদস্য হ'ব নোৱাৰে। তাৰ কাৰণ হৈছে বহিৰাগত ব্যৱসায়ীয়ে অনুমতি নিদিয়ে। এই অভিযোগ দীর্ঘদিনীয়া। কিন্তু যোৰহাট কেন্দ্ৰটোত অসমীয়া ব্যৱসায়ীয়ে অনায়াসে ক্রেতা হ'ব পৰাৰ সুবিধা আছিল যদিও কেন্দ্ৰটোকে বন্ধ কৰি দিয়া হ'ল। গুৱাহাটী কেন্দ্রটোত অসমৰ এজন যুৱকে উদ্যোগপতি হ'ব বিচাৰিলেও তেওঁ চাহ নিলাম কেন্দ্রত ক্রেতা হ'ব নোৱাৰে কিয়? এয়া গুৰুত্বপূৰ্ণ প্রশ্ন। 


চাহ নিলাম কেন্দ্রত সকলো আগ্রহী ক্রেতাক সুযোগ দিয়া উচিত আৰু চাহ কিনাৰ সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰা উচিত বুলি দাবী উত্থাপন হৈছে? তেনে কৰিলে চাহ নিলাম কেন্দ্রত সঁচা অর্থত ন্যায়সংগত প্রতিযোগিতা স্থাপন হ'ব আৰু চাহ উদ্যোগটো অধিক শক্তিশালী হ'ব বুলি বহু ব্যৱসায়ী আৰু চাহ খেতিয়কে দাবী কৰিছে। এগৰাকী অসমৰ উদ্যোগীয়ে কয় যে চাহ ব'ৰ্ডে অধিসূচনা জাৰি কৰি বাধ্যতামূলক কৰিলে যে ডাচ এশ শতাংশ আৰু গ্রেড ৫০ শতাংশ নিলাম যোগে বিক্ৰী কৰিব লাগিব। এই সময়ত আমি নিজৰ চাহ নিজে বিক্ৰী কৰিব নোৱাৰোঁ আৰু নিলাম বাধ্যতামূলক কৰা হৈছে। কিন্তু চাহ খেতিয়ক আৰু ব্যৱসায়ীক মাধমাৰ দি যোৰহাট চাহ নিলাম কেন্দ্ৰ ইয়াৰ পৰা উঠাই নিলে। বাকী ঠাইত দুটাকৈ চাহ নিলাম কেন্দ্র আছে। অসমতহে কেৱল এটা চাহ নিলাম কেন্দ্র থাকি গ'ল। এইখন অসমত ভাৰতৰ ৫০ শতাংশ চাহ উৎপাদন কৰে। এয়া অসমৰ চাহ খেতিৰ প্ৰতি কৰা ষড়যন্ত্র। কেন্দ্ৰীয় চৰকাৰে দেশক 'আত্মনিৰ্ভৰ' কৰাৰ যি শ্ল'গান দি আহিছে সেই শ্ল'গান এক মিছা বুলি প্রতিপন্ন হোৱা বুলি দাবী কৰিছে বহু চাহ খেতিয়কে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ