--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান আপোন বিহুটিক সকলোৰে হৃদয়ত উপলব্ধ কৰাৰ মানসেৰে বিদ্যালয়ত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই।

ডিজিটেল ডেস্ক: যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়কৰ জ্যোতি বিদ্যাপীঠে বিগত বছৰৰ দৰে এইবাৰো এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ।বিহুৰ বন্ধৰ পাচত শুক্ৰবাৰে বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীক জাতীয় সাজ পৰিধান কৰাই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰে। 


উল্লেখযোগ্য যে প্ৰাৰ্থনা সভাতেই শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনায়। তাৰপাছত সকলো নিজ নিজ শ্ৰেণীকোঠাত বহি পাঠদান গ্ৰহণ কৰে আৰু কোঠাতে গুৰুক সেৱা কৰি আশীৰ্বাদ লয়। ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান আপোন বিহুটিক সকলোৰে হৃদয়ত উপলব্ধ কৰাৰ মানসেৰে বিদ্যালয়ত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই।


ইপিনে শ্ৰেণীকোঠাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলে একেলগে বিহু প্ৰদৰ্শনও কৰে। এই ক্ষেত্ৰত অভিভাৱকসকলেও পূৰ্ণ সমৰ্থন আগবঢ়াই অনাগত দিনতো এইদৰে ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাই তুলিছে সকলোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু