--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান আপোন বিহুটিক সকলোৰে হৃদয়ত উপলব্ধ কৰাৰ মানসেৰে বিদ্যালয়ত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই।

ডিজিটেল ডেস্ক: যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়কৰ জ্যোতি বিদ্যাপীঠে বিগত বছৰৰ দৰে এইবাৰো এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে ।বিহুৰ বন্ধৰ পাচত শুক্ৰবাৰে বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীক জাতীয় সাজ পৰিধান কৰাই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰাখিবলৈ চেষ্টা কৰে। 


উল্লেখযোগ্য যে প্ৰাৰ্থনা সভাতেই শিক্ষক কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ ওলগ জনায়। তাৰপাছত সকলো নিজ নিজ শ্ৰেণীকোঠাত বহি পাঠদান গ্ৰহণ কৰে আৰু কোঠাতে গুৰুক সেৱা কৰি আশীৰ্বাদ লয়। ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা নিজৰ জাতীয় কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান আপোন বিহুটিক সকলোৰে হৃদয়ত উপলব্ধ কৰাৰ মানসেৰে বিদ্যালয়ত এনে পৰিবেশৰ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰে বিদ্যালয়ৰ কৰ্তৃপক্ষই।


ইপিনে শ্ৰেণীকোঠাৰ পাছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীসকলে একেলগে বিহু প্ৰদৰ্শনও কৰে। এই ক্ষেত্ৰত অভিভাৱকসকলেও পূৰ্ণ সমৰ্থন আগবঢ়াই অনাগত দিনতো এইদৰে ঐতিহ্য পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। বিদ্যালয়খনৰ এই পদক্ষেপক প্ৰশংসাৰে ওপচাই তুলিছে সকলোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ