--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথে অংশ লৈছিল এই প্ৰতিযোগিতাত।

ডিজিটেল ডেস্ক: ঘোষণা হ’ল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা-২০২৬ৰ ফলাফল। প্ৰতিগৰাকী বিহু নাচনীয়ে লতাশিল বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন বুকুত পুহি ৰাখে। এইবাৰ গুৱাহাটী সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ মুকুট।


বিহু সম্ৰাজ্ঞী সংগীতা ৰাভালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় বিহু সম্ৰাজ্ঞীৰ বেজ, বিহু সম্ৰাজ্ঞীৰ দণ্ড, ৰূপৰ মুকুট, সোণৰ অলংকাৰ, মানপত্ৰ, ১ লাখ ৭১ হাজাৰ ১০১ টকাৰ চেক, এটি চলন্ত ট্ৰফী, এটি স্থায়ী ট্ৰফী, পৰিশ গামখাৰুৰ তৰফৰ পৰা অসমীয়া গহণা, অন্য নগদ ৩০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, চেনক’ৰ ফালৰ পৰা অলংকাৰ, পাৰ্নিল পেলেচৰ ফালৰ পৰা এটি উপহাৰ, আন্তিৰ দোকানৰ এটি উপহাৰ, ফ্ৰীজ, ৱাশ্বিং মেচিন, এটি নিম গছৰ পুলি, দুলহনৰ এখন শাৰী আৰু এটি জাপি।


মুঠ ৬ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত।


গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথে অংশ লৈছিল এই প্ৰতিযোগিতাত।


বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰক আছিল অজিত গগৈ, প্ৰবীন শইকীয়া আৰু জয়া শীল ঘোষ।


আনহাতে লতাশিলৰ বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই। বিহুৰাণীৰ খিতাপ লাভ কৰে লখিমপুৰৰ বৰষা বুঢ়াগোঁহাইয়ে।


দুয়োগৰাকী বিজয়ীক মানপত্ৰ, নগদ ধন, সোণৰ গহণা, বিভিন্ন উপহাৰেৰে পুৰস্কৃত কৰা হয়। বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় মানপত্ৰ, ৩১ হাজাৰ টকাৰ চেক, এটা ৰূপৰ মুকুট, ট্ৰফী, সোণৰ অলংকাৰ, এল গোপালৰ তৰফৰ পৰা অলংকাৰ, চেনক’ৰ তৰফৰ পৰা অলংকাৰ, এটি ভি আই পি, পাৰ্নিল পেলেচৰ এটি উপহাৰ, দুলহনৰ এখন শাৰী, এটি গছপুলি।



গুৱাহাটী বিহু সন্মিলনী ২০২৬ৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাচিত গগৈলৈ। গুৱাহাটী বিহু সন্মিলনী ২০২৬ৰ শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ গোবিন চন্দ্ৰ গগৈলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ