--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথে অংশ লৈছিল এই প্ৰতিযোগিতাত।

ডিজিটেল ডেস্ক: ঘোষণা হ’ল ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত অনুষ্ঠিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা-২০২৬ৰ ফলাফল। প্ৰতিগৰাকী বিহু নাচনীয়ে লতাশিল বিহু সম্ৰাজ্ঞী হোৱাৰ সপোন বুকুত পুহি ৰাখে। এইবাৰ গুৱাহাটী সংগীতা ৰাভাৰ শিৰত জিলিকিল লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীৰ ‘বিহু সম্ৰাজ্ঞী’ মুকুট।


বিহু সম্ৰাজ্ঞী সংগীতা ৰাভালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় বিহু সম্ৰাজ্ঞীৰ বেজ, বিহু সম্ৰাজ্ঞীৰ দণ্ড, ৰূপৰ মুকুট, সোণৰ অলংকাৰ, মানপত্ৰ, ১ লাখ ৭১ হাজাৰ ১০১ টকাৰ চেক, এটি চলন্ত ট্ৰফী, এটি স্থায়ী ট্ৰফী, পৰিশ গামখাৰুৰ তৰফৰ পৰা অসমীয়া গহণা, অন্য নগদ ৩০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, নগদ ১০ হাজাৰ টকা, চেনক’ৰ ফালৰ পৰা অলংকাৰ, পাৰ্নিল পেলেচৰ ফালৰ পৰা এটি উপহাৰ, আন্তিৰ দোকানৰ এটি উপহাৰ, ফ্ৰীজ, ৱাশ্বিং মেচিন, এটি নিম গছৰ পুলি, দুলহনৰ এখন শাৰী আৰু এটি জাপি।


মুঠ ৬ গৰাকী প্ৰতিযোগীয়ে অংশ লৈছিল বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত।


গুৱাহাটীৰ সংগীতা ৰাভা, নাহৰকটীয়াৰ কৃষ্ণাশ্ৰী বুঢ়াগোঁহাই, ধেমাজিৰ পাহাৰী বুঢ়াগোঁহাই, নগাঁৱৰ নিৰ্জুমা কাকতি, মৰাণৰ নিমিশা দিহিঙীয়া আৰু সৰভোগৰ পম্পী নাথে অংশ লৈছিল এই প্ৰতিযোগিতাত।


বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বিচাৰক আছিল অজিত গগৈ, প্ৰবীন শইকীয়া আৰু জয়া শীল ঘোষ।


আনহাতে লতাশিলৰ বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই। বিহুৰাণীৰ খিতাপ লাভ কৰে লখিমপুৰৰ বৰষা বুঢ়াগোঁহাইয়ে।


দুয়োগৰাকী বিজয়ীক মানপত্ৰ, নগদ ধন, সোণৰ গহণা, বিভিন্ন উপহাৰেৰে পুৰস্কৃত কৰা হয়। বিহু কুঁৱৰী কৃষ্ণা হাতীবৰুৱালৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হয় মানপত্ৰ, ৩১ হাজাৰ টকাৰ চেক, এটা ৰূপৰ মুকুট, ট্ৰফী, সোণৰ অলংকাৰ, এল গোপালৰ তৰফৰ পৰা অলংকাৰ, চেনক’ৰ তৰফৰ পৰা অলংকাৰ, এটি ভি আই পি, পাৰ্নিল পেলেচৰ এটি উপহাৰ, দুলহনৰ এখন শাৰী, এটি গছপুলি।



গুৱাহাটী বিহু সন্মিলনী ২০২৬ৰ শ্ৰেষ্ঠ ঢুলীয়াৰ খিতাপ লাচিত গগৈলৈ। গুৱাহাটী বিহু সন্মিলনী ২০২৬ৰ শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ গোবিন চন্দ্ৰ গগৈলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু