--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ধিঙলৈ আহি থকা পথতে ৰৈ বিহ পাণ কৰে দিপাংকৰে

ডিজিটেল ডেস্কঃ মৃত্যু এক শিল্প । জীৱনৰ কঠিন শিলত কটা নিৰ্লোপ ভাস্কৰ্য । মৃত্যু কাৰ কেতিয়া আহে সেয়া কোনেও নাজানে । কিন্তু সেই মৃত্যু যদি আকস্মিক হয়, সেই মৃত্যু যদি নিজ পত্নীৰ ভুলৰ বাবে হয়, সেই মৃত্যু যদি কণমানি সন্তানৰ জন্ম দিনৰ ফুৰ্তি-আনন্দৰ বিপৰীতে হয়, তেন্তে তাতোকৈ দুখজনক আৰু হৃদয়বিদাৰক আন একোৱেই হ'ব নোৱাৰে ।



ঠিক তেনে এক মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হ'ল ধিঙত । পত্নীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দুই বছৰীয়া কণমানি সন্তানৰ জন্মদিনটোতে আত্মহননৰ দৰে পথ বাচি ল'লে পিতৃয়ে । অভিযোগ অনুসৰি, তিনি বছৰ পূৰ্বে ধিঙৰ নাম ডুমডুমীয়াৰ দিপাংকৰ নাথৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ধিঙৰ বৰভেটি সোনাৰি গাঁৱৰ পৰিনীতা শইকীয়া । বিবাহৰ এসপ্তাহৰ পাছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল সাংসাৰিক অশান্তিৰ। তাৰ মাজতে দুয়োৰে জীৱনলৈ আগমন ঘটিল এটি কন্যা সন্তানৰ । কিন্তু দিপাংকৰ আৰু পৰিনিতাৰ সংসাৰত ঘুৰি নহা নাছিল শান্তি । বছৰটোৰ বেছি সংখ্যক দিনেই পিতৃ গৃহত থকা পৰিনিতাই প্ৰায়েই স্বামী দিপাংকৰক চলাই আহিছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ।


 তাৰ মাজতেই উলহ-মালহেৰে দুই বছৰীয়া কণমানি সন্তানৰ জন্ম দিন পালনৰ বাবে সমগ্ৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছিল পিতৃ দিপাংকৰে । কিন্তু কণমানি জনীক লৈ পিতৃ গৃহত থকা পৰিনিতাই অমান্তি হৈছিল স্বামী গৃহত জন্ম দিন পালনৰ এই সিদ্ধান্ত । তাতেই দুয়োৰে মাজত ফোনতে সৃষ্টি হৈছিল বিতৰ্কৰ ।


পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ধিঙলৈ আহি থকা পথতে ৰৈ বিহ পাণ কৰে দিপাংকৰে । লগে লগে দিপাংকৰক ধিং এফ আৰ ইউত আৰু তাৰ পাছত নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় দিপাংকৰে । অৱশেষত কণমানি শিশুৰ জন্ম দিনটোতে জ্বলিল দিপাংকৰৰ চিতা। মৃত্যুৰ পাছতো দিপাংকৰক চাবলৈ এবাৰো নাহিল নিষ্ঠুৰ পত্নী।


ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে ধিঙৰ নাম ডুমডুমীয়াৰ মহিলা সমাজ । পৰিনিতা শইকীয়াৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দিপাংকৰে আত্মহননৰ কৰিছে বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ । স্থানীয় মহিলা সকলৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কেৱল পৰিনিতা শইকীয়া। ইতিমধ্যে পৰিনিতা শইকীয়াৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দিপাংকৰৰ পৰিয়ালৰ লোকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ