--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ধিঙলৈ আহি থকা পথতে ৰৈ বিহ পাণ কৰে দিপাংকৰে

ডিজিটেল ডেস্কঃ মৃত্যু এক শিল্প । জীৱনৰ কঠিন শিলত কটা নিৰ্লোপ ভাস্কৰ্য । মৃত্যু কাৰ কেতিয়া আহে সেয়া কোনেও নাজানে । কিন্তু সেই মৃত্যু যদি আকস্মিক হয়, সেই মৃত্যু যদি নিজ পত্নীৰ ভুলৰ বাবে হয়, সেই মৃত্যু যদি কণমানি সন্তানৰ জন্ম দিনৰ ফুৰ্তি-আনন্দৰ বিপৰীতে হয়, তেন্তে তাতোকৈ দুখজনক আৰু হৃদয়বিদাৰক আন একোৱেই হ'ব নোৱাৰে ।



ঠিক তেনে এক মৰ্মান্তিক আৰু হৃদয়বিদাৰক ঘটনা সংঘটিত হ'ল ধিঙত । পত্নীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দুই বছৰীয়া কণমানি সন্তানৰ জন্মদিনটোতে আত্মহননৰ দৰে পথ বাচি ল'লে পিতৃয়ে । অভিযোগ অনুসৰি, তিনি বছৰ পূৰ্বে ধিঙৰ নাম ডুমডুমীয়াৰ দিপাংকৰ নাথৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ধিঙৰ বৰভেটি সোনাৰি গাঁৱৰ পৰিনীতা শইকীয়া । বিবাহৰ এসপ্তাহৰ পাছৰে পৰাই দুয়োৰে মাজত আৰম্ভ হৈছিল সাংসাৰিক অশান্তিৰ। তাৰ মাজতে দুয়োৰে জীৱনলৈ আগমন ঘটিল এটি কন্যা সন্তানৰ । কিন্তু দিপাংকৰ আৰু পৰিনিতাৰ সংসাৰত ঘুৰি নহা নাছিল শান্তি । বছৰটোৰ বেছি সংখ্যক দিনেই পিতৃ গৃহত থকা পৰিনিতাই প্ৰায়েই স্বামী দিপাংকৰক চলাই আহিছিল মানসিক আৰু শাৰীৰিক অত্যাচাৰ।


 তাৰ মাজতেই উলহ-মালহেৰে দুই বছৰীয়া কণমানি সন্তানৰ জন্ম দিন পালনৰ বাবে সমগ্ৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছিল পিতৃ দিপাংকৰে । কিন্তু কণমানি জনীক লৈ পিতৃ গৃহত থকা পৰিনিতাই অমান্তি হৈছিল স্বামী গৃহত জন্ম দিন পালনৰ এই সিদ্ধান্ত । তাতেই দুয়োৰে মাজত ফোনতে সৃষ্টি হৈছিল বিতৰ্কৰ ।


পত্নীৰ মানসিক অত্যাচাৰ সহিব নোৱাৰি মৰিগাঁৱৰ পৰা ধিঙলৈ আহি থকা পথতে ৰৈ বিহ পাণ কৰে দিপাংকৰে । লগে লগে দিপাংকৰক ধিং এফ আৰ ইউত আৰু তাৰ পাছত নগাঁৱৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক সাৱটি লয় দিপাংকৰে । অৱশেষত কণমানি শিশুৰ জন্ম দিনটোতে জ্বলিল দিপাংকৰৰ চিতা। মৃত্যুৰ পাছতো দিপাংকৰক চাবলৈ এবাৰো নাহিল নিষ্ঠুৰ পত্নী।


ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে ধিঙৰ নাম ডুমডুমীয়াৰ মহিলা সমাজ । পৰিনিতা শইকীয়াৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ সহ্য কৰিব নোৱাৰি দিপাংকৰে আত্মহননৰ কৰিছে বুলি গুৰুতৰ অভিযোগ পৰিয়ালৰ লোকৰ । স্থানীয় মহিলা সকলৰ অভিযোগ অনুসৰি এই সমগ্ৰ ঘটনাৰ বাবে জগৰীয়া কেৱল পৰিনিতা শইকীয়া। ইতিমধ্যে পৰিনিতা শইকীয়াৰ বিৰুদ্ধে ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে দিপাংকৰৰ পৰিয়ালৰ লোকে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ