--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া)ই কেৰালাৰ এনাকুলামৰ নিয়াৰ বিশেষ আদালতত দাখিল কৰা এই সম্পর্কীয় গোচৰৰ নথি-পত্ৰত এই দাবী কৰিছে

ডিজিটেল ডেস্ক : ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰৱৰ্তন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নিষিদ্ধ ঘোষিত 'পপুলাৰ ফ্ৰণ্ট অব্ ইণ্ডিয়া' নামৰ সংগঠনটোৱে। এই বৃহৎ ষড়যন্ত্ৰৰ অংশ হিচাপে সংগঠনটোৱে দেশৰ ৯৫০জনৰো অধিক ব্যক্তিক হত্যা কৰাৰ বাবে আঁচনি লৈ এখন 'হিট লিষ্ট' তৈয়াৰ কৰিছিল।


ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (নিয়া)ই কেৰালাৰ এনাকুলামৰ নিয়াৰ বিশেষ আদালতত দাখিল কৰা এই সম্পর্কীয় গোচৰৰ নথি-পত্ৰত এই দাবী কৰিছে। অভিযুক্ত স্থানীয় পি এফ আই নেতা মহম্মদ বিলাল, ৰিয়াচুদ্দিন, আনচাৰ কে পি আৰু চাহীৰ কে ভিয়ে দাখিল কৰা জামিন আৱেদনৰ বিৰোধিতাত সাক্ষ্য-প্ৰমাণৰূপে নিয়াই এই নথি-পত্র দাখিল কৰিছিল। কেন্দ্ৰীয় সংস্থাটোৱে কয় যে পি এফ আইৰ গোপন 'ৰিপ'ৰ্টাৰ্ছ উইং'-এ প্রাক্তন জিলা ন্যায়াধীশ, অধিকাৰ কৰ্মী আৰু ৰাজনৈতিক কর্মীকে ধৰি ৯৫০জনতকৈ অধিক লোকৰ এখন তালিকা তৈয়াৰ কৰিছিল।


নিয়াই পুনৰ কয় যে এই নথি-পত্ৰবোৰ (তালিকা আদি) হৈছে পি এফ আইৰ 'ইন্ডিয়া ২০৪৭' ষড়যন্ত্ৰৰ অংশ, যি ষড়যন্ত্ৰৰ লক্ষ্য হ'ল ভাৰতত ইছলামী শাসন প্রতিষ্ঠা কৰা। নিয়াই দাবী কৰে যে জনসাধাৰণক সন্ত্ৰক্ত কৰা আৰু পি এফ আইৰ আদৰ্শৰ বিৰোধিতা কৰা ব্যক্তিক হত্যা কৰাৰ এক বৃহৎ ষড়যন্ত্ৰৰ অংশৰূপে ২০২২ চনৰ ১৬ এপ্ৰিলত পালাক্কাড়ৰ মেলামুৰি জংছনত আৰ এছ এছৰ নেতা কে এছ শ্রীনিবাসনক হত্যা কৰা হৈছিল। নিয়াই সম্প্রতি দাখিল কৰা নথি-পত্ৰ আৰু সাক্ষ্য প্ৰমাণৰ উক্ত হত্যাৰ সৈতেও সম্পর্ক আছে। নিয়াৰ মতে তদন্তকাৰী বিষয়াসকলে জব্দ কৰা ৰিপ'ৰ্টাৰ্ছ উইঙৰ নথি-পত্ৰত তেওঁলোকে হত্যাৰ লক্ষ্য কৰি লোৱা লোকৰ নাম, ফটো, বয়স, ঠিকনা আৰু দৈনিক ৰুটিনকে ধৰি ব্যক্তিগত বিশদ বিৱৰণ আছে।


নিয়াই দাবী কৰে যে বিভিন্ন স্থানত চলোৱা তালাচীত সংস্থাটোরে এই তালিকাবোৰ লাভ কৰে। ৰিপ'ৰ্টাৰ্ছ উইঙৰ সদস্য অভিযুক্ত চিৰাজুদ্দিনৰ পৰা প্ৰায় ২৪০টা নাম পোৱা হয়। মহম্মদ চাদিক নামৰ ৰাজসাক্ষীজনৰ পৰা জব্দ কৰা এটা পে'ন ড্রাইভত ১৯৭জন ব্যক্তিৰ এখন পৃথক তালিকা পোৱা হয়। আনহাতে, পলাতক অভিযুক্ত আয়ুব টি এৰ ঘৰত পোৱা হয় ৫০০জনতকৈ অধিক ব্যক্তিৰ বিস্তৃত বিৱৰণেৰে এখন অতিৰিক্ত হিট লিস্ট।


পেৰিয়েৰ ভেলীৰূপে জনাজাত আলুৱাত থকা পি এফ আইৰ প্ৰশিক্ষণ কেন্দ্ৰত কৰা তালাচীত কেৰালাৰ এজন প্ৰাক্তন জিলা ন্যায়াধীশকে ধৰি ৫জন ব্যক্তিৰ এখন তালিকা পোৱা হয়। নিয়াই আৰু কয় যে পেৰিয়াৰ ভেলী চৌহদ হৈছে পি এফ আইৰ এটা অস্ত্র প্রশিক্ষণ কেন্দ্র, যিটো নিয়াই ২০২২ চনত বাজেয়াপ্ত কৰে। নিয়াই আদালতক জনোৱা মতে পি এফ আইৰ বিষয়ববীয়া, নেতা আৰু সদস্যৰ উপৰি সহযোগী সংগঠনে ভাৰতত গণতন্ত্ৰ আঁতৰাই ২০৪৭ চনৰ ভিতৰত ইছলামী শাসন প্ৰৱৰ্তনৰ কর্মসূচীৰে যোৱা কিছু বছৰ কেৰালাৰ ভিতৰে-বাহিৰে ষড়যন্ত্ৰ কৰি আছে। অভিযুক্তসকলে এই অভিযোগ অস্বীকাৰ কৰে যদিও আদালতে তেওঁলোকৰ জামিন আৱেদন নাকচ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
ইতিহাস হ'ল জুবিন
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চিতাত মুখাগ্নি কৰাৰ পূৰ্বে জী উঠিল মহিলা! পৰিয়ালৰ মাজত হাহাকাৰ
বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৫ ; আজি ফাইনেলত যুঁজিব নীৰজ চোপ্ৰা আৰু আৰ্ছাদ নাদীম
ধিঙত ভয়ংকৰ দুৰ্ঘটনা! স্কুটীত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ; ভাতৃ-ভগ্নীৰ অৱস্থা সংকটজনক
দিশা পাটানীৰ ঘৰত গুলীচালনা কৰা দুয়োজন আৰক্ষীৰ এনকাউণ্টাৰত নিহত ; গেংষ্টাৰ ৰোহিত গোদাৰাৰ ভাবুকি
ই-নিলাম আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ১৩০০টা উপহাৰৰ!  ই-নিলামৰ ধন যাব গংগা পৰিষ্কৰণ প্ৰকল্পলৈ
'নিউয়র্ক টাইমছ'ৰ বিৰুদ্ধে ট্রাম্পৰ মানহানিৰ গোচৰ
জীৱনদায়িনী ঔষধ অধিক দামত বিক্ৰী কৰিলে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব চৰকাৰে
অৰুণাচলত নতুন প্ৰজাতিৰ অৰ্কিড আৱিষ্কাৰ