--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • দুটা দশকৰ ভিতৰত দেশত শিশুৰ বিৰুদ্ধে অপৰাধ প্রায় ১২গুণ বৃদ্ধি হৈছে। প্রতিদিনে দেশত গড় হিচাপত যোৱা দুটা দশকৰ ভিতৰত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০টাৰ পৰা ৫০০টালৈ বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: ভাৰতৰ শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ২০০৪ চনত দেশত কোনো এখন ৰাজ্যত সর্বাধিক ১৪,৪২৩টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। কিন্তু দুটা দশকৰ পাছত ২০২৩ চনত দেশৰ মধ্য প্রদেশত সর্বাধিক ১.৭৭লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছে।


দুটা দশকৰ ভিতৰত দেশত শিশুৰ বিৰুদ্ধে অপৰাধ প্রায় ১২গুণ বৃদ্ধি হৈছে। প্রতিদিনে দেশত গড় হিচাপত যোৱা দুটা দশকৰ ভিতৰত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০টাৰ পৰা ৫০০টালৈ বৃদ্ধি পাইছে। 


নেশ্যনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ' (এন চি আৰ বি)এ ২০০৪ আৰু ২০২৩ চনৰ ভিতৰত দেখুওৱা পৰিসংখ্যা অনুসৰি, শিশুৰ বিৰুদ্ধে অপৰাধ দেশত ক্রমান্বয়ে বৃদ্ধি পাইছে। ২০২০ চনত শিশুৰ বিৰুদ্ধে অপৰাধ কিছু হ্রাস হৈছিল যদিও ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ বৃদ্ধি হ'বলৈ ধৰে। ২০২০ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ক'ভিড-১৯ মহামাৰীৰ পাছত শিশুৰ বিৰুদ্ধে অপৰাধ ৪০% লৈ বৃদ্ধি পায়। ২০২৩ চনত প্রতিদিনে ৫০০টা শিশুৰ বিৰুদ্ধে গড় হিচাপত অপৰাধ সংঘটিত হৈছে। ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কৰা


বিশ্লেষণত দেখুওৱা পৰিসংখ্যা অনুসৰি, দেশৰ মাত্র ছখন ৰাজ্য- মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, অসম আৰু বিহাৰত দেশৰ আধা সংখ্যক শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। মধ্য প্রদেশত সর্বাধিক ১.৭৭ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা হয়। উত্তৰ প্ৰদেশত ১.৭০ লাখ টা, মহাৰাষ্ট্ৰত ১.৬৬ লাখ টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হৈছিল। 


কেৱল ২০২৩ চনতে মধ্য প্রদেশত ২২.৩৯৩টা, মহাৰাষ্ট্ৰত ২২,৩৯০টা, উত্তৰ প্রদেশত ১৮,৮৫২টা, ৰাজস্থানত ১০,৫৭৭টা, অসমত ১০,১৭৪টা আৰু বিহাৰত ৯,৯০৬টা শিশুৰ বিৰুদ্ধে অপৰাধ সংঘটিত হয়। অসম আৰু বিহাৰত শিশুৰ বিৰুদ্ধে অপৰাধ উদ্বেগজনকভাৱে বৃদ্ধি হোৱাটো পৰিসংখ্যাটোত দেখুওৱা হৈছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু