--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • কংগ্রেছ-বিজেপি বুলি কোনো কথা নাই, প্রায়সংখ্যক জ্যেষ্ঠ নেতাই নিজৰ সন্তানক ৰাজনীতিৰ ক্ষেত্ৰখনত সংস্থাপিত কৰিবলৈ উঠি-পৰি লাগিছে।

ডিজিটেল ডেস্ক: পৰিয়ালকেন্দ্রিক ৰাজনীতিৰ প্ৰৱণতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে ৰাজ্যত। ইজনৰ পাছত সিজনকৈ ৰাজনৈতিক নেতাৰ পুত্র-কন্যা ঢাপলি মেলি আহিছে ৰাজনীতিৰ পথাৰখনলৈ। 


কংগ্রেছ-বিজেপি বুলি কোনো কথা নাই, প্রায়সংখ্যক জ্যেষ্ঠ নেতাই নিজৰ সন্তানক ৰাজনীতিৰ ক্ষেত্ৰখনত সংস্থাপিত কৰিবলৈ উঠি-পৰি লাগিছে। ৰাজনীতিত ধন-জন আৰু ক্ষমতাৰ যি প্ৰভাৱ সেয়া দেখি-শুনিয়েই পিতৃ-মাতৃৰ পদাংক অনুকৰণ কৰিব খুজিছে তেওঁলোকৰ সন্তানসকলেও। 


উল্লেখযোগ্য যে পূর্বতে অসমত প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া, প্রয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, বদৰুদ্দিন আজমলৰ ভাতৃ-পুত্ৰ আৰু বৰাকৰ গৌতম ৰায়ৰ পত্নী, পুত্ৰৰ লগতে পৱন সিং ঘাটোৱাৰৰ পত্নী জীৱনতাৰা ঘাটোৱাৰ, ভৰত নৰহৰ পত্নী ৰাণী নৰহ, ৰূপম কুৰ্মিৰ পুত্ৰ ৰূপজ্যোতি কুর্মি, প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল মহন্তৰ পত্নী জয়শ্রী গোস্বামী মহন্ত আদি ৰাজনীতিৰ পথাৰখনলৈ আহিছিল। কিন্তু এইবাৰ কংগ্ৰেছ আৰু বিজেপিৰ দুয়োটা দলৰে জ্যেষ্ঠ নেতাৰ সন্তান তথা নতুন প্ৰজন্মৰ বহুসংখ্যক যুবক-যুৱতীয়ে পিতৃ-মাতৃৰ পৰিচয়েৰে প্রার্থিত্ব বিচাৰি ওলাই আহিছে। 


জানিব পৰা মতে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকাই এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। সৌ সিদিনা বিজেপিত যোগদান কৰা আয়ুস্মিতাই পিতৃৰ পৰিচয়েৰে পলাশবাৰী সমষ্টিৰ পৰা দলীয় টিকট বিচাৰিছে। আনহাতে, প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেত্রী বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়াৰো এইবাৰ লক্ষ্য হৈছে পলাশবাৰী। 


পূৰ্বতে দুবাৰকৈ মাতৃৰ বাবে দলীয় টিকট লাভ কৰা সুমন হৰিপ্রিয়াই প্রতিনিধিত্ব কৰা হাজো সমষ্টিটো এইবাৰ সমষ্টি পুনৰ গঠনৰ সময়ত সংৰক্ষিত হোৱাত সমষ্টি হেৰুওৱা হৰিপ্রিয়াই পলাশবাৰী সমষ্টিলৈ ঢাপলি মেলিছে। ইতিমধ্যে কন্যাক প্রার্থিত্ব প্রদানৰ বাবে মাতৃ বিজয়া চক্রৱতীয়ে দিল্লীলৈ গৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি দলৰ বহুকেইগৰাকী শীর্ষ নেতাক সাক্ষাৎ কৰি খাটনি ধৰিছে। 


উল্লেখযোগ্য যে বিজেপিয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰি থাকিলেও যোৱা সময়ছোৱাত দলটোরে প্রয়াত কেন্দ্রীয় মন্ত্ৰী কবীন্দ্ৰ পূৰকায়স্থৰ পুত্র কনাদ পুৰকায়স্থক ৰাজ্য সভাৰ সাংসদ হিচাপে নির্বাচিত কৰি দিল্লীলৈ প্ৰেৰণ কৰিছিল। যাক লৈ সেই সময়ত ব্যাপক চর্চা হৈছিল। ইফালে কংগ্ৰেছৰ পৰা গৈ বিজেপিত যোগদান কৰা এসময়ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা প্রাক্তন মন্ত্রী অঞ্জন দত্তৰ কন্যা অংকিতা দত্তয়ো এইবাৰ শিৱসাগৰৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। পিতৃ জীয়াই থাকোঁতেই ৰাজনীতিত প্রৱেশ কৰা অংকিতা দত্তই যোৱা বিধানসভাৰ নিৰ্বাচনত আমগুৰিত কংগ্ৰেছৰ প্রার্থী হিচাপে থিয় দি পৰাজয়বৰণ কৰিছিল। 


অংকিতা দত্তৰ দৰেই জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্রাক্তন মন্ত্রী অকণ বৰাৰ পুত্ৰ মানস বৰাই বিজেপিত যোগদান কৰাৰ পাছত এইবাৰ দিছপুৰ সমষ্টিৰ পৰা প্রার্থিত্ব বিচাৰিছে। বৰাই আনকি সমষ্টিটোত বিভিন্ন স্থানত বেনাৰ, প'ষ্টাৰ লগোৱা কামো আৰম্ভ কৰিছে। 


ইফালে কংগ্ৰেছত এইবাৰ পিতৃৰ পথ অনুসৰণ কৰি বহুসংখ্যকেই দলীয় টিকট বিচাৰি আবেদন কৰিছে। ইয়াৰে ভিতৰত সাংসদ প্রদ্যুৎ বৰদলৈৰ পুত্ৰ প্রতীক বৰদলৈয়ে দেউতাকৰ পূৰ্বৰ সমষ্টি মাৰ্ঘেৰিটাৰ পৰা প্রার্থিত্ব বিচাৰিছে। একেদৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্র তানজিন হুছেইনে পুনৰ চামগুৰিৰ পৰা দলৰ টিকট বিচাৰিছে। চামগুৰিত পূৰ্বতে উপ নির্বাচনতে ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি পৰাজিত হৈছিল তানজিল। জ্যেষ্ঠ কংগ্ৰেছ-নেতা পরসিং ঘাটোৱাৰৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰেও চাবুৱা-লাহোৱালৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে। সেইদৰে প্ৰাক্তন সাংসদ কিৰিপ চলিহাৰ পুত্র অর্কিলিয়াছ চলিহাই গুৱাহাটী চেষ্ট্ৰেলৰ পৰা দলীয় প্রার্থিত্ব বিচৰাই নহয়, সমষ্টিটোত প্রাক্ নির্বাচনী প্রচাৰো আৰম্ভ কৰিছে। 



কংগ্ৰেছৰ প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ কংগ্রেছী নেতা পংকজ বৰাৰ পুত্র শান্তনু বৰায়ো নিউ গুৱাহাটীৰ পৰা দলীয় প্রার্থিত্ব বিচাৰি আৱেদন কৰিছে। নতুনকৈ গঠন হোৱা বীৰচিং জৰুৱা সমষ্টিৰ পৰা আকৌ এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৱাজেদ আলী চৌধুৰীৰ পুত্ৰ স্বাৱাব চৌধুৰীয়ে। 


উল্লেখযোগ্য যে লাহৰীঘাটৰ বৰ্তমানৰ বিধায়ক ড' আছিফ মহম্মদ নাজাৰ হৈছে প্রাক্তন কংগ্ৰেছী মন্ত্রী নজৰুল ইছলামৰ পুত্র। দেউতাকৰ পথেৰেই ৰাজনীতিলৈ অহা কংগ্ৰেছী বিধায়ক গৰাকীয়ে দ্বিতীয় বাৰৰ বাবে বিধায়ক হোৱাৰ মানসেৰে এইবাৰো লাহৰীঘাটৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আৱেদন কৰিছে। এনে পৰিস্থিতিত কংগ্ৰেছে যদি প্রার্থিত্ব বিচৰা এইসকল লোকক দলীয় টিকট প্রদান কৰে তেনেহ'লে এইবাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত কংগ্রেছে অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। 


মন কৰিব লগীয়া যে নিজৰ সন্তানক এনেদৰে ৰাজনীতিলৈ আনি মন্ত্রী-বিধায়ক কৰিব খোজাৰ কথা ওলালেই সাংসদ ৰকিবুল হুছেইনৰ দৰে নেতাই আকৌ ওলোটাইহে প্রশ্ন উত্থাপন কৰে। তেওঁলোকৰ মতে, ডাক্তৰৰ পুত্র-কন্যা যদি ডাক্তৰ হ'ব পাৰে তেনেহ'লে বিধায়কৰ পুত্র-কন্যা বিধায়ক হোৱাত আপত্তি ক'ত? কিন্তু ডাক্তৰৰ পুত্র ডাক্তৰ হ'বলৈ হ'লে পৰীক্ষা দি যোগ্যতা অর্জন কৰিব লাগে। কিন্তু মন্ত্রী-বিধায়কৰ পুত্র-কন্যা ৰাজনীতিলৈ আহি মন্ত্রী-বিধায়ক, সাংসদ হ'বলৈ হ'লে কোনো পৰীক্ষা দিব নালাগে। যাৰ বাবে ৰাজ্যখনত এতিয়া পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ মাত্রা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement