--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঘোষণাৰ পিছতে মহানগৰত চলাচল কৰা ব্যক্তিগত খণ্ডৰ ১৬৭খন ডিজেলচালিত চিটি বাছৰ মালিক, চালক, হেণ্ডিমেনৰ মাজত হাহাকাৰ লাগিছে।

ডিজিটেল ডেস্ক : 'গ্রীন ৰ'ড' কৰাৰ নামত গুৱাহাটীৰ আটাইতকৈ ব্যস্ত পথ জি এছ ৰ'ডত ব্যক্তিগত মালিকানাধীন চিটি বাছৰ চলাচল বন্ধ কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গভীৰ ষড়যন্ত্র চলোৱা বুলি মহানগৰ পৰিবহণ সংস্থাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।


আঞ্চলিক পৰিবহণ প্রাধিকাৰী কর্তৃপক্ষই একপক্ষীয়ভাৱে এই সিদ্ধান্ত লৈ ব্যক্তিগত খণ্ডৰ চিটি বাছৰ মালিক-কৰ্মচাৰীৰ মূৰত মাধমাৰ শোধোৱাৰ চক্রান্ত চলাইছে বুলি সংগঠনটোৰ নেতৃবর্গই তীব্র ক্ষোভ প্রকাশ কৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎ আৰু চি এন জিচালিত বাছ চলাচলৰহে অনুমতি প্রদান কৰিব বুলি লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ সন্থাই দাবী উত্থাপন কৰে। এই সন্দৰ্ভত মহানগৰ পৰিবহণ সন্থাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।


উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত যোৱা ৫ জুলাইত অনুষ্ঠিত এখন বৈঠকত জি এছ ৰ'ডক 'গ্রীন ৰ'ড' কৰাৰ স্বাৰ্থত জানুৱাৰীৰ পৰা জি এছ ৰ'ডত কেৱল বিদ্যুৎচালিত আৰু চি এন জিচালিত বাছহে চলিব পাৰিব বুলি ঘোষণা কৰা হৈছিল।


কিন্তু এই ঘোষণাৰ পিছতে মহানগৰত চলাচল কৰা ব্যক্তিগত খণ্ডৰ ১৬৭খন ডিজেলচালিত চিটি বাছৰ মালিক, চালক, হেণ্ডিমেনৰ মাজত হাহাকাৰ লাগিছে। কিয়নো সদাব্যস্ত জি এছ ৰ'ডেৰে ডিজেলচালিত চিটি বাছৰ চলাচল বন্ধ কৰিলে নিশ্চিতভাৱে এইসমূহ বাছৰ মালিক-কৰ্মচাৰী আর্থিকভাৱে অনেক ক্ষতিগ্রস্ত হ'ব। সেয়েহে ১৬৭খন ডিজেলচালিত বাছৰ মালিকৰ স্বাক্ষৰ সম্বলিত স্মাৰক-পত্ৰৰ জৰিয়তে মহানগৰ পৰিবহণ সন্থাই এনে হঠকাৰী সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবক দাবী জনাইছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ