--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঘোষণাৰ পিছতে মহানগৰত চলাচল কৰা ব্যক্তিগত খণ্ডৰ ১৬৭খন ডিজেলচালিত চিটি বাছৰ মালিক, চালক, হেণ্ডিমেনৰ মাজত হাহাকাৰ লাগিছে।

ডিজিটেল ডেস্ক : 'গ্রীন ৰ'ড' কৰাৰ নামত গুৱাহাটীৰ আটাইতকৈ ব্যস্ত পথ জি এছ ৰ'ডত ব্যক্তিগত মালিকানাধীন চিটি বাছৰ চলাচল বন্ধ কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীয়ে গভীৰ ষড়যন্ত্র চলোৱা বুলি মহানগৰ পৰিবহণ সংস্থাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।


আঞ্চলিক পৰিবহণ প্রাধিকাৰী কর্তৃপক্ষই একপক্ষীয়ভাৱে এই সিদ্ধান্ত লৈ ব্যক্তিগত খণ্ডৰ চিটি বাছৰ মালিক-কৰ্মচাৰীৰ মূৰত মাধমাৰ শোধোৱাৰ চক্রান্ত চলাইছে বুলি সংগঠনটোৰ নেতৃবর্গই তীব্র ক্ষোভ প্রকাশ কৰি ২০২৬ চনৰ জানুৱাৰীৰ পৰা জি এছ ৰ'ডৰ ২৩ আৰু ৩৬ নম্বৰ পথত কেৱল বিদ্যুৎ আৰু চি এন জিচালিত বাছ চলাচলৰহে অনুমতি প্রদান কৰিব বুলি লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ সন্থাই দাবী উত্থাপন কৰে। এই সন্দৰ্ভত মহানগৰ পৰিবহণ সন্থাই আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।


উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সভাগৃহত যোৱা ৫ জুলাইত অনুষ্ঠিত এখন বৈঠকত জি এছ ৰ'ডক 'গ্রীন ৰ'ড' কৰাৰ স্বাৰ্থত জানুৱাৰীৰ পৰা জি এছ ৰ'ডত কেৱল বিদ্যুৎচালিত আৰু চি এন জিচালিত বাছহে চলিব পাৰিব বুলি ঘোষণা কৰা হৈছিল।


কিন্তু এই ঘোষণাৰ পিছতে মহানগৰত চলাচল কৰা ব্যক্তিগত খণ্ডৰ ১৬৭খন ডিজেলচালিত চিটি বাছৰ মালিক, চালক, হেণ্ডিমেনৰ মাজত হাহাকাৰ লাগিছে। কিয়নো সদাব্যস্ত জি এছ ৰ'ডেৰে ডিজেলচালিত চিটি বাছৰ চলাচল বন্ধ কৰিলে নিশ্চিতভাৱে এইসমূহ বাছৰ মালিক-কৰ্মচাৰী আর্থিকভাৱে অনেক ক্ষতিগ্রস্ত হ'ব। সেয়েহে ১৬৭খন ডিজেলচালিত বাছৰ মালিকৰ স্বাক্ষৰ সম্বলিত স্মাৰক-পত্ৰৰ জৰিয়তে মহানগৰ পৰিবহণ সন্থাই এনে হঠকাৰী সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিবক দাবী জনাইছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ