--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ নগাঁৱত আয়ুক্ত হিচাপে যোগদান কৰিয়েই তেওঁ জিলাখনৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহত উপস্থিত হয়।

ডিজিটেল ডেস্ক : এসময়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অ' এছ ডি হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱাশিস শৰ্মা বর্তমান নগাঁৱৰ আয়ুক্ত হিচাপে কৰ্মৰত। শেহতীয়াকৈ নগাঁৱত আয়ুক্ত হিচাপে যোগদান কৰিয়েই তেওঁ জিলাখনৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহত উপস্থিত হয়।


সংবাদ মাধ্যমেই হওক অথবা স্থানীয় জনগণেই হওক, বছৰ বছৰ জনাই থকা আহ্বানক বাস্তৱ ৰূপ দিবলৈ সংকল্প লৈছে আয়ুক্ত শৰ্মাই। তেওঁ সুধাকণ্ঠৰ কাজিৰঙাৰ কুঠৰীস্থিত বাসগৃহত উপস্থিত হৈ একপ্ৰকাৰ উঁৱলি যোৱা বাসগৃহটো সংৰক্ষণৰ আশ্বাস প্রদান কৰাৰ সমান্তৰালভাৱে যোৱা ৯ জুলাইৰ আয়ুক্ত শৰ্মাৰ নিজৰ ওপজা দিন উদযাপন কৰে।


এই অনুষ্ঠানত কাজিৰঙা-কলিয়াবৰ-কুঠৰী অঞ্চলৰ জনগণ, স্থানীয় কলা-কুশলী তথা কলিয়াবৰ সমজিলা তথা নগাঁও জিলাৰ বিভিন্নগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে। প্ৰথমতে বাসগৃহৰ চৌহদত থকা ভাৰতৰত্ন ভূপেনদাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰাৰ পাছত তেওঁলৈ শ্রদ্ধা জনাই নাম-প্ৰসংগ কৰা হয়।


ইয়াৰ পাছতেই ভূপেনদাৰ স্মৃতিত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হয়। আনকি, আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে সাংবাদিকসকলেও ভূপেনদাৰ গীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ হৈ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই ভূপেনদাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰাৰ লগতে আয়ুক্ত দেৱাশিস শৰ্মাক সম্ভাষণ জনায়। বৃহত্তৰ কাজিৰঙা অঞ্চলৰ অনুজ বেলোৱাৰ, তেজাপ চেত্রী, পল্লৱ প্রকাশ গগৈ, হিমান গোৱালা, দিলীপ ঘাটোৱাল আদি সাংবাদিকৰ উপস্থিতিত কাজিৰঙা অধ্যয়ন চক্ৰৰ তৰফৰ পৰাও আয়ুক্ত শৰ্মাক সম্ভাষণ জনোৱা হয়।


অনুষ্ঠানত সাংবাদিকসকলে কয় যে চৰকাৰী অৱহেলাৰ কৰুণ পৰিণতিতে একপ্ৰকাৰ পৰিত্যক্ত অৱস্থালৈ পর্যবসিত হৈছে বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কাজিৰঙাৰ মাজমজিয়াৰ মনোৰম কুঠৰীৰ ১৯৬৭তে সাজি উলিওৱা বাসগৃহটো। ৰাইজে বিভিন্ন সময়ত বাসগৃহটি সংৰক্ষণৰ দাবী কৰি অহাৰ পাছতো চৰকাৰীভাৱে উদাসীন হৈ আছিল। ২০১৬ চনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীত প্রথম কেবিনেট অনুষ্ঠিত কৰিয়েই এই বাসগৃহটোত উপস্থিত হৈ সংৰক্ষণৰ ঘোষণা কৰিছিল যদিও বিজেপি চৰকাৰে ৯ বছৰে কোনো গুৰুত্ব নিদিলে। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সুধাকণ্ঠৰ স্মৃতি জীয়াই ৰখাৰ যি ঘোষণা কৰিছে সেয়া আদৰণীয়। এই সংৰক্ষণৰ পদক্ষেপ হিচাপে আয়ুক্ত দেবাশিস শর্মাই যি কার্যপন্থা হাতত লৈছে সেয়া আদৰণীয় বুলি সাংবাদিকসকলে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ