--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • শেহতীয়াকৈ নগাঁৱত আয়ুক্ত হিচাপে যোগদান কৰিয়েই তেওঁ জিলাখনৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহত উপস্থিত হয়।

ডিজিটেল ডেস্ক : এসময়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অ' এছ ডি হিচাপে কাৰ্যনিৰ্বাহ কৰা দেৱাশিস শৰ্মা বর্তমান নগাঁৱৰ আয়ুক্ত হিচাপে কৰ্মৰত। শেহতীয়াকৈ নগাঁৱত আয়ুক্ত হিচাপে যোগদান কৰিয়েই তেওঁ জিলাখনৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত কুঠৰীত থকা সুধাকণ্ঠৰ বাসগৃহত উপস্থিত হয়।


সংবাদ মাধ্যমেই হওক অথবা স্থানীয় জনগণেই হওক, বছৰ বছৰ জনাই থকা আহ্বানক বাস্তৱ ৰূপ দিবলৈ সংকল্প লৈছে আয়ুক্ত শৰ্মাই। তেওঁ সুধাকণ্ঠৰ কাজিৰঙাৰ কুঠৰীস্থিত বাসগৃহত উপস্থিত হৈ একপ্ৰকাৰ উঁৱলি যোৱা বাসগৃহটো সংৰক্ষণৰ আশ্বাস প্রদান কৰাৰ সমান্তৰালভাৱে যোৱা ৯ জুলাইৰ আয়ুক্ত শৰ্মাৰ নিজৰ ওপজা দিন উদযাপন কৰে।


এই অনুষ্ঠানত কাজিৰঙা-কলিয়াবৰ-কুঠৰী অঞ্চলৰ জনগণ, স্থানীয় কলা-কুশলী তথা কলিয়াবৰ সমজিলা তথা নগাঁও জিলাৰ বিভিন্নগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে। প্ৰথমতে বাসগৃহৰ চৌহদত থকা ভাৰতৰত্ন ভূপেনদাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণ কৰাৰ পাছত তেওঁলৈ শ্রদ্ধা জনাই নাম-প্ৰসংগ কৰা হয়।


ইয়াৰ পাছতেই ভূপেনদাৰ স্মৃতিত ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা হয়। আনকি, আয়ুক্ত দেৱাশিস শৰ্মাৰ লগতে সাংবাদিকসকলেও ভূপেনদাৰ গীত পৰিৱেশন কৰে। এই অনুষ্ঠানতে বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চৰ হৈ কাৰ্যকৰী সভাপতি ধ্ৰুৱজ্যোতি সাহাই ভূপেনদাৰ প্রতিমূর্তিত পুষ্পাঞ্জলি অর্পণ কৰাৰ লগতে আয়ুক্ত দেৱাশিস শৰ্মাক সম্ভাষণ জনায়। বৃহত্তৰ কাজিৰঙা অঞ্চলৰ অনুজ বেলোৱাৰ, তেজাপ চেত্রী, পল্লৱ প্রকাশ গগৈ, হিমান গোৱালা, দিলীপ ঘাটোৱাল আদি সাংবাদিকৰ উপস্থিতিত কাজিৰঙা অধ্যয়ন চক্ৰৰ তৰফৰ পৰাও আয়ুক্ত শৰ্মাক সম্ভাষণ জনোৱা হয়।


অনুষ্ঠানত সাংবাদিকসকলে কয় যে চৰকাৰী অৱহেলাৰ কৰুণ পৰিণতিতে একপ্ৰকাৰ পৰিত্যক্ত অৱস্থালৈ পর্যবসিত হৈছে বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কাজিৰঙাৰ মাজমজিয়াৰ মনোৰম কুঠৰীৰ ১৯৬৭তে সাজি উলিওৱা বাসগৃহটো। ৰাইজে বিভিন্ন সময়ত বাসগৃহটি সংৰক্ষণৰ দাবী কৰি অহাৰ পাছতো চৰকাৰীভাৱে উদাসীন হৈ আছিল। ২০১৬ চনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীত প্রথম কেবিনেট অনুষ্ঠিত কৰিয়েই এই বাসগৃহটোত উপস্থিত হৈ সংৰক্ষণৰ ঘোষণা কৰিছিল যদিও বিজেপি চৰকাৰে ৯ বছৰে কোনো গুৰুত্ব নিদিলে। শেহতীয়াকৈ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সুধাকণ্ঠৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি সুধাকণ্ঠৰ স্মৃতি জীয়াই ৰখাৰ যি ঘোষণা কৰিছে সেয়া আদৰণীয়। এই সংৰক্ষণৰ পদক্ষেপ হিচাপে আয়ুক্ত দেবাশিস শর্মাই যি কার্যপন্থা হাতত লৈছে সেয়া আদৰণীয় বুলি সাংবাদিকসকলে মন্তব্য কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰন্ধন গেছৰ সংযোগত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্ধাৰিত সময় হ’ব অন্ত; উত্তৰ-পূৰ্বাঞ্চলত ৬০ শতাংশ উপভোক্তাৰ নহ’ল KYC
পানী মটৰৰ চুইচ অফ কৰিবলৈ গৈ অঘটন! বিদ্যুৎস্পৃষ্ট হৈ একেলগে মৃত্যুক সাবটিলে চামগুৰিৰ এহাল পতি-পত্নীয়ে
১৮ আগষ্টত আকৌ ১০০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
গোৰেশ্বৰত চাঞ্চল্য; বেংকলৈ গৈ সন্ধানহীন ৩ সন্তানৰ মাতৃ বিনীতা ৰাজবংশী
স্বাধীনতাৰ গৌৰৱোজ্জ্বল দিন: দেশজুৰি উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন
এমাহত ভাৰতৰ বাণিজ্যিক ঘাটি ১৫৫ কোটি ডলাৰ বৃদ্ধি; ৰপ্তানিতকৈ বাঢ়িছে আমদানিৰ পৰিমাণ
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী