--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ক্রমশঃ সংকুচিত হৈ অহা গছ-বিৰিখৰ সমানে সমানে আজি চৌদিশে কংক্রিটৰ নগৰীত ঘনচিৰিকা উমলিবলৈ চোতালো প্রায় নোহোৱাৰ দৰেই হৈছে।

ডিজিটেল ডেস্ক: 'মুখত দুডাল দূবৰি বন/ দুডাল খৰিকা/ মোৰ চোতালত ওমলহি অ' ঘনচিৰিকা...' পুৰোধা কণ্ঠশিল্পী প্রয়াত ড° বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ এই কালজয়ী গীতটো গীত ভাল পোৱা প্ৰত্যেকগৰাকী লোকৰ হৃদয়ত স্থায়ী আসন লাভ কৰিলেও আমাৰ প্ৰকৃতিৰ অন্যতম অংগ হিচাপে পৰিগণিত হোৱা অতি সৰু সামাজিক চৰাই হিচাপে পৰিগণিত 'ঘনচিৰিকা' আজি প্রায় লুপ্ত হোৱাৰ পথত। 


ক্রমশঃ সংকুচিত হৈ অহা গছ-বিৰিখৰ সমানে সমানে আজি চৌদিশে কংক্রিটৰ নগৰীত ঘনচিৰিকা উমলিবলৈ চোতালো প্রায় নোহোৱাৰ দৰেই হৈছে। অভিযন্তা চৰাই হিচাপে পৰিগণিত টোকোৰা চৰাই আজি যেনেদৰে দেখিবলৈ পোৱা নাযায়, একেদৰে এসময়ত সকলোৰে পৰিচিত ঘনচিৰিকাও ক্ৰমশঃ লুপ্তপ্রায় হ'বলৈ ধৰাৰ সময়তে 'নেচাৰ ফৰেভাৰ ছ'চাইটিৰ অব্ ইণ্ডিয়া'ৰ উদ্যোগত প্ৰতি বছৰে ২০ মার্চ তাৰিখটো বিশ্ব ঘনচিৰিকা দিৱস হিচাপে পালন কৰি অহা হৈছে। এই সৰু চৰাইবিধৰ বাসস্থানৰ সংকট, চৌদিশে বৃদ্ধি পোৱা প্ৰদূষণ আৰু বৰ্তমান মানৱ সমাজৰ জীৱন শৈলীৰ বাবে হেৰাই যাবলৈ ধৰা সেই সৰু চৰাইবিধক বচোৱাৰ লগতে পৰিৱেশৰ সৈতে ভাৰসাম্য ৰক্ষা কৰাত ঘনচিৰিকাৰ ভূমিকাৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ লক্ষ্যৰেই ২০ মাৰ্চৰ দিনটোত সমগ্র বিশ্বতে এই দিৱস আয়োজন কৰি অহা হৈছে। 


ঘনচিৰিকা বা ঘৰচিৰিকাৰ ইংৰাজী নাম House Sparrow। বৈজ্ঞানিক নাম Passer domesticus। বিশ্বৰ সকলো ঠাইতে পোৱা সৰু আকাৰৰ এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত অভ্যস্ত। গাঁও কি চহৰ সকলোতে এই চৰাইবিধ পোৱা যায়। পোক-পৰুৱা, গছৰ গুটি আদি খাই জীয়াই থকা ঘনচিৰিকা আকৌ এবিধ সামাজিক চৰাই। জাকপাতি থাকি ভাল পোৱা আৰু পানী- ধূলিৰে গা ধোৱা ঘনচিৰিকাই আকৌ সদায় সেৱন কৰে পৰিষ্কাৰ পানী। এসময়ত প্রত্যেক ঘৰতে থকা এই সামাজিক চৰাইবিধ সংৰক্ষণৰ বাবে তেজপুৰ চহৰৰ কংক্রিটৰ মাজতেই এক দৃষ্টান্তমূলক পদক্ষেপ গ্রহণ কৰা এগৰাকী প্রকৃতিপ্রেমীৰ প্ৰয়াসৰ বাবেই অতি আশাব্যঞ্জকভাৱে তেজপুৰৰ সেই বিশেষ অঞ্চলটিত এতিয়াও জাকে জাকে জীয়াই আছে চৌদিশে লুপ্ত হ'বলৈ ধৰা ঘনচিৰিকা। 


সেয়েহে আজি বিশ্ব ঘনচিৰিকা দিৱসৰ দিনটোত পাঠক সমাজৰ কাষ চপাই আনিছোঁ এই বিশেষ বাতৰি। তেজপুৰ চানমাৰী নিৱাসী পশু-পক্ষী প্রেমী আৰু প্রকৃতিপ্রেমী বল বাহাদুৰ চেত্রী যোৱা নৱেম্বৰ মাহত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিল যদিও এইগৰাকী প্রকৃতিপ্রেমীৰ বিৰল পক্ষী প্রেম আমাৰ সমাজৰ বাবে দৃষ্টান্ত হৈ ৰ'ল। কিয়নো এখন বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক গৰাকীয়ে ক্রমশঃ লুপ্ত হ'বলৈ ধৰা ঘনচিৰিকাৰ সংৰক্ষণৰ বাবে নিজৰ কংক্রিটৰ বাসগৃহতে প্রায় ২০ বছৰৰ পূৰ্বে সাজি উলিয়াইছিল ঘনচিৰিকা থাকিব পৰা একো একোটা কাঠৰ বাহ। 


ঘৰখনৰ চাৰিওফালে নিজে নিৰ্মাণ কৰি দিয়া কাঠৰ বাহ সাজিয়েই দায়িত্ব সামৰা নাছিল পুৱা-গধূলি ঘনচিৰিকাই খাবলৈ বজাৰৰ পৰা ক্ৰয় কৰি আনিছিল বস্তাই বস্তাই ধান। খাবলৈ ধান দিয়াৰ লগতে পৰিষ্কাৰ পানীহে সেৱন কৰা ঘনচিৰিকাই খাবলৈ নিতৌ পৰিষ্কাৰ পানীৰ ব্যৱস্থা কৰিছিল বিভিন্ন পাত্ৰত। এনেদৰে শ শ ঘনচিৰিকাৰ পৰা হাজাৰ হাজাৰ ঘনচিৰিকাৰ আৱাসস্থলী হৈ পৰিছিল বল বাহাদুৰ চেত্ৰীৰ সেই ঘৰখন। আজি এই সন্দৰ্ভত তেওঁৰ পত্নীয়ে চকুলো টুকি এই প্রতিনিধিক জনোৱা এক ঘটনাই বল বাহাদুৰ চেত্ৰীৰ পক্ষী প্রেম কিমান গাঢ় আছিল সেই কথা পুনৰ প্ৰতিপন্ন কৰি তোলে। 


উল্লেখ্য যে কৰ্কট ৰোগত আক্ৰান্ত হৈ বেংগালুৰুৰ চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি চিকিৎসাধীন হৈ থকা সময়ছোৱাতো ঘৰত থকা লোকে ঘনচিৰিকাক খাদ্য খাবলৈ দিছে নে নাই, সময়ত পানী খাবলৈ দিছে নে নাই তাৰ খবৰ লৈ থকাই নহয় ভিডিঅ' কল কৰি দেখুৱাবলৈও বাধ্য কৰাইছিল পৰিয়ালৰ লোকক। এনে বিৰল পক্ষী প্ৰেমৰ বাবেই আজি অতি আশাব্যঞ্জকভাৱে তেজপুৰৰ সেই চানমাৰী অঞ্চলত প্ৰচুৰ পৰিমাণে ঘনচিৰিকা পোৱা যায়। এতিয়াও জাকে জাকে ঘনচিৰিকা আহি বল বাহাদুৰৰ সেই ঘৰখনক আপোন ঘৰ হিচাপে আঁকোৱালি লোৱাৰ বাবেই তেওঁৰ কন্যা আৰু পুত্ৰৰ লগতে পত্নী আৰু ভাতৃয়েও অতি সযতনৰে জাক জাক ঘনচিৰিকাক পোহপাল দি আহাৰ লগতে সেৱন কৰিবলৈ পানীও যোগান ধৰি আহিছে। এনে বিৰল পক্ষী প্ৰেমৰ বাবেই বিভিন্ন সময়ত বিভিন্ন সামাজিক অনুষ্ঠানৰ দ্বাৰা সমাদৃত আৰু বন্দিত হোৱাৰ পিছত ২০১৫ চনৰ ৬৯ সংখ্যক দেশৰ স্বাধীনতা দিৱসত শোণিতপুৰ জিলা প্রশাসনে বিশেষভাৱে সন্মান জনোৱাৰ লগতে ২০১৮ চনৰ বিশ্ব ঘনচিৰিকা দিৱসৰ দিনটোত অসম কৃষি বিশ্ববিদ্যালয়ে 'পক্ষী মিত্র' উপাধিৰে বিভূষিত কৰিছিল এইগৰাকী পক্ষী প্রেমীক । 


আজিৰ বস্তুবাদী সমাজৰ যান্ত্ৰিক জীৱন যাত্ৰাত বল বাহাদুৰৰ দৰে আন কোনো লোকেও যদি এনে পদক্ষেপ গ্রহণ কৰিব পাৰে তেতিয়া ড° বীৰেন্দ্ৰ নাথ দত্তৰ কণ্ঠৰ সেই কালজয়ী গীতটোৰ দৰে এই সৰু চৰাইবিধো আমাৰ মাজত জীয়াই থাকিবলৈ সক্ষম নিশ্চয় হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement