--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • লোক সভাৰ প্ৰশ্নকালত পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে জনায় যে নতুন এই ব্যৱস্থা ১০ ঠাইত চলাই থকা হৈছে আৰু দেশজুৰি ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব।

ডিজিটেল ডেস্ক : কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰিয়ে বৃহস্পতিবাৰে কয় যে বর্তমান থকা টোল (পথ পৰিবহণ মাচুল) সংগ্ৰহৰ ব্যৱস্থা এবছৰৰ ভিতৰতে অন্ত পৰিব আৰু তাৰ ঠাইত হ'ব ঘাইপথত গাড়ী নৰখোৱাকৈ মাচুল লোৱা বৈদ্যুতিন ব্যৱস্থা। 


লোক সভাৰ প্ৰশ্নকালত পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে জনায় যে নতুন এই ব্যৱস্থা ১০ ঠাইত চলাই থকা হৈছে আৰু দেশজুৰি ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। 


তেওঁ কয়, 'পথ পৰিবহণ মাচুলক সংগ্ৰহৰ বৰ্তমানৰ ব্যৱস্থাৰ অন্ত পৰিব। মাচুলৰ নামত গাড়ী ৰখাবলৈ কোনোৱেই নাথাকিব। এবছৰৰ ভিতৰত বৈদ্যুতিন মাচুল সংগ্ৰহ ব্যৱস্থা দেশজুৰি প্ৰয়োগ কৰা হ'ব।' গডকাৰিয়ে সদনক আৰু জনায় যে বর্তমান দেশত ১০ লাখ কোটি টকা ব্যয়সাপেক্ষ ঘাইপথ প্ৰকল্পৰ ৪,৫০০ টা কাম চলি আছে। 


অলপতে জাৰি কৰা চৰকাৰী বিজ্ঞপ্তি মতে, নেশ্যনেল পেমেন্ট কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়াই (এন পি চি আই) নেশ্যনেল ইলেকট্রনিক ট'ল কালেকশ্যন (এন ই টি চি) ব্যৱস্থাৰ বিকাশ ঘটাইছে। এইটো হৈছে ভাৰতৰ ঘাইপথবোৰত বৈদ্যুতিন মাচুল সংগ্ৰহৰ বাবে সংহত, আন্তঃসঞ্চালিত (ইণ্টেৰ'পেৰাবল) ব্যৱস্থা। এই এন ই টি চিৰ বাবে মূল প্রয়োজন ফাষ্ট টেগ নামৰ ৰেডিঅ' তৰংগ চিনাক্তকৰণ (আৰ এফ আই ডি) ভিত্তিক যন্ত্র, যিটো গাড়ীৰ সমুখৰ আইনাত (উইণ্ডস্ক্রীন) লগোৱা থাকে।



উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু