--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • লোক সভাৰ প্ৰশ্নকালত পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে জনায় যে নতুন এই ব্যৱস্থা ১০ ঠাইত চলাই থকা হৈছে আৰু দেশজুৰি ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব।

ডিজিটেল ডেস্ক : কেন্দ্রীয় মন্ত্রী নীতিন গডকাৰিয়ে বৃহস্পতিবাৰে কয় যে বর্তমান থকা টোল (পথ পৰিবহণ মাচুল) সংগ্ৰহৰ ব্যৱস্থা এবছৰৰ ভিতৰতে অন্ত পৰিব আৰু তাৰ ঠাইত হ'ব ঘাইপথত গাড়ী নৰখোৱাকৈ মাচুল লোৱা বৈদ্যুতিন ব্যৱস্থা। 


লোক সভাৰ প্ৰশ্নকালত পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্রী গডকাৰিয়ে জনায় যে নতুন এই ব্যৱস্থা ১০ ঠাইত চলাই থকা হৈছে আৰু দেশজুৰি ইয়াৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। 


তেওঁ কয়, 'পথ পৰিবহণ মাচুলক সংগ্ৰহৰ বৰ্তমানৰ ব্যৱস্থাৰ অন্ত পৰিব। মাচুলৰ নামত গাড়ী ৰখাবলৈ কোনোৱেই নাথাকিব। এবছৰৰ ভিতৰত বৈদ্যুতিন মাচুল সংগ্ৰহ ব্যৱস্থা দেশজুৰি প্ৰয়োগ কৰা হ'ব।' গডকাৰিয়ে সদনক আৰু জনায় যে বর্তমান দেশত ১০ লাখ কোটি টকা ব্যয়সাপেক্ষ ঘাইপথ প্ৰকল্পৰ ৪,৫০০ টা কাম চলি আছে। 


অলপতে জাৰি কৰা চৰকাৰী বিজ্ঞপ্তি মতে, নেশ্যনেল পেমেন্ট কৰ্প'ৰেশ্যন অব্ ইণ্ডিয়াই (এন পি চি আই) নেশ্যনেল ইলেকট্রনিক ট'ল কালেকশ্যন (এন ই টি চি) ব্যৱস্থাৰ বিকাশ ঘটাইছে। এইটো হৈছে ভাৰতৰ ঘাইপথবোৰত বৈদ্যুতিন মাচুল সংগ্ৰহৰ বাবে সংহত, আন্তঃসঞ্চালিত (ইণ্টেৰ'পেৰাবল) ব্যৱস্থা। এই এন ই টি চিৰ বাবে মূল প্রয়োজন ফাষ্ট টেগ নামৰ ৰেডিঅ' তৰংগ চিনাক্তকৰণ (আৰ এফ আই ডি) ভিত্তিক যন্ত্র, যিটো গাড়ীৰ সমুখৰ আইনাত (উইণ্ডস্ক্রীন) লগোৱা থাকে।



উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ