--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুয়োখন দেশে সাৰ উৎপাদনক লৈ কৰা চুক্তিৰ অধীনত ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে ইউৰিয়া উৎপাদন কৰিব।

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা গুৰুত্বপূৰ্ণ আলোচনাৰ পাছত দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। বিদেশ সচিব বিক্রম মিছৰীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়াৰ কৌশলগত সহযোগিতাৰ ২৫ বর্ষ উপলক্ষে পুটিনে কৰা ভাৰত ভ্ৰমণ অতি বিশেষ ভ্রমণ। 


তেওঁ জনোৱা মতে, দুয়োখন দেশৰ মাজত মুঠ ১৬খন চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিসমূহৰ ভিতৰত সহযোগ আৰু প্ৰব্ৰজন চুক্তি, অস্থায়ী শ্রম গতিবিধি চুক্তি, স্বাস্থ্য সেৱা আৰু চিকিৎসা সেৱা চুক্তি, খাদ্য সুৰক্ষা আৰু মানক চুক্তি, ধ্রুবীয় জাহাজ চুক্তি, সামুদ্রিক সহযোগিতা চুক্তি, সাৰ চুক্তি-ভাৰতৰ বন্দৰ, পোতাশ্রয় আৰু জলপথ মন্ত্ৰ্যালয়ৰ ৰাছিয়াৰ পৰিবহণ মন্ত্ৰ্যালয়ৰ সৈতে চুক্তি, ভাৰতৰ যোগাযোগ মন্ত্ৰ্যালয়ৰ ডাক বিভাগৰ সৈতে জে এছ চি ৰাছিয়ান প'ষ্টৰ সৈতে কৰা চুক্তি উল্লেখযোগ্য। দুয়োখন দেশে সাৰ উৎপাদনক লৈ কৰা চুক্তিৰ অধীনত ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে ইউৰিয়া উৎপাদন কৰিব। 


উল্লেখযোগ্য যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ ইউৰিয়া আমদানি কৰে। আনহাতে, ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত চুক্তিয়ে বিদেশত কাম কৰিবলৈ বিচৰা শ্ৰমিকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। ইয়াৰ অধীনত এতিয়া ভাৰতীয় শ্রমিকে সব্যৱস্থিত উপায়েৰে ৰাছিয়ালৈ আহ-যাহ কৰিব পাৰে আৰু উন্নত বেতনত কাম কৰিব পাৰিব। ভাৰতীয় শ্রমিকৰ কানাডা, ব্রিটেইন তথা ইউৰোপলৈ হোৱা প্ৰব্ৰজনৰ সময়তে এই চুক্তিয়ে ভাৰতীয় শ্রমিকক যথেষ্ট সকাহ দিব। ইয়াৰ উপৰি ভাৰত আৰু ৰাছিয়াৰ পৰা অনা-নিয়া সামগ্ৰীৰ ক্ষেত্ৰত সামগ্ৰী সংশ্লিষ্ট দেশত উপস্থিত হোৱাৰ আগতেই ইয়াৰ বিষয়ে আগতীয়াকৈ জনোৱা হ'ব। ভাৰতৰ প্ৰসাৰ ভাৰতী আৰু ৰাছিয়াৰ জইন্ট ষ্টক কোম্পানীৰ গজপ্ৰম-নিডিয়া হল্ডিঙৰ মাজত প্ৰসাৰণত সহযোগ আৰু সমন্বয়ৰ বাবে চুক্তিত স্বাক্ষৰ কৰা হয়। উল্লেখযোগ্য যে পুটিনে চাৰি বছৰৰ পাছত ভাৰত ভ্ৰমণ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু