--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দুয়োখন দেশে সাৰ উৎপাদনক লৈ কৰা চুক্তিৰ অধীনত ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে ইউৰিয়া উৎপাদন কৰিব।

ডিজিটেল ডেস্ক: প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা গুৰুত্বপূৰ্ণ আলোচনাৰ পাছত দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। বিদেশ সচিব বিক্রম মিছৰীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয় যে ভাৰত-ৰাছিয়াৰ কৌশলগত সহযোগিতাৰ ২৫ বর্ষ উপলক্ষে পুটিনে কৰা ভাৰত ভ্ৰমণ অতি বিশেষ ভ্রমণ। 


তেওঁ জনোৱা মতে, দুয়োখন দেশৰ মাজত মুঠ ১৬খন চুক্তি স্বাক্ষৰ কৰা হয়। এই চুক্তিসমূহৰ ভিতৰত সহযোগ আৰু প্ৰব্ৰজন চুক্তি, অস্থায়ী শ্রম গতিবিধি চুক্তি, স্বাস্থ্য সেৱা আৰু চিকিৎসা সেৱা চুক্তি, খাদ্য সুৰক্ষা আৰু মানক চুক্তি, ধ্রুবীয় জাহাজ চুক্তি, সামুদ্রিক সহযোগিতা চুক্তি, সাৰ চুক্তি-ভাৰতৰ বন্দৰ, পোতাশ্রয় আৰু জলপথ মন্ত্ৰ্যালয়ৰ ৰাছিয়াৰ পৰিবহণ মন্ত্ৰ্যালয়ৰ সৈতে চুক্তি, ভাৰতৰ যোগাযোগ মন্ত্ৰ্যালয়ৰ ডাক বিভাগৰ সৈতে জে এছ চি ৰাছিয়ান প'ষ্টৰ সৈতে কৰা চুক্তি উল্লেখযোগ্য। দুয়োখন দেশে সাৰ উৎপাদনক লৈ কৰা চুক্তিৰ অধীনত ভাৰত আৰু ৰাছিয়াই যুটীয়াভাৱে ইউৰিয়া উৎপাদন কৰিব। 


উল্লেখযোগ্য যে ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ ইউৰিয়া আমদানি কৰে। আনহাতে, ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাক্ষৰিত চুক্তিয়ে বিদেশত কাম কৰিবলৈ বিচৰা শ্ৰমিকসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে। ইয়াৰ অধীনত এতিয়া ভাৰতীয় শ্রমিকে সব্যৱস্থিত উপায়েৰে ৰাছিয়ালৈ আহ-যাহ কৰিব পাৰে আৰু উন্নত বেতনত কাম কৰিব পাৰিব। ভাৰতীয় শ্রমিকৰ কানাডা, ব্রিটেইন তথা ইউৰোপলৈ হোৱা প্ৰব্ৰজনৰ সময়তে এই চুক্তিয়ে ভাৰতীয় শ্রমিকক যথেষ্ট সকাহ দিব। ইয়াৰ উপৰি ভাৰত আৰু ৰাছিয়াৰ পৰা অনা-নিয়া সামগ্ৰীৰ ক্ষেত্ৰত সামগ্ৰী সংশ্লিষ্ট দেশত উপস্থিত হোৱাৰ আগতেই ইয়াৰ বিষয়ে আগতীয়াকৈ জনোৱা হ'ব। ভাৰতৰ প্ৰসাৰ ভাৰতী আৰু ৰাছিয়াৰ জইন্ট ষ্টক কোম্পানীৰ গজপ্ৰম-নিডিয়া হল্ডিঙৰ মাজত প্ৰসাৰণত সহযোগ আৰু সমন্বয়ৰ বাবে চুক্তিত স্বাক্ষৰ কৰা হয়। উল্লেখযোগ্য যে পুটিনে চাৰি বছৰৰ পাছত ভাৰত ভ্ৰমণ কৰে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ