--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে নিশা এই আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱাই ২০ জনতকৈ অধিক লোক আহত হয়। উৎসৱমুখৰ মনোভাৱ, নাচ-গান আৰু উদযাপনৰ পৰিৱেশ আছিল যদিও পিছৰ মুহূৰ্তত গুলী আৰু চিঞৰ-বাখৰেৰে গোটেই দৃশ্যটো সলনি হৈ গ’ল।

ডিজিটেল ডেস্ক : চৌদিশে আনন্দ-উল্লাস,হঠাতে দুৰ্বৃত্তৰ এটা দলে অবিৰাম গুলীবৰ্ষণ আৰম্ভ কৰে ১২ গৰাকীকৈ নিৰীহ লোকৰ ওপৰত । ধাৰাসাৰ গুলীবৰ্ষণ কৰিয়েই দুৰ্বৃত্তৰ দলটো সেই ঠাইৰ পৰা পলায়ন কৰে ৷


মঙলবাৰে নিশা এই আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱাই ২০ জনতকৈ অধিক লোক আহত হয়। উৎসৱমুখৰ মনোভাৱ, নাচ-গান আৰু উদযাপনৰ পৰিৱেশ আছিল যদিও পিছৰ মুহূৰ্তত গুলী আৰু চিঞৰ-বাখৰেৰে গোটেই দৃশ্যটো সলনি হৈ গ’ল।


এই ঘটনাৰ বহু ভিডিঅ’ও ভাইৰেল হৈ আছে। উল্লেখ্য যে আমেৰিকাৰ এই ৰাজ্যখন ড্ৰাগছ সৰবৰাহ আৰু গেং ৱাৰৰ বাবে পৰিচিত।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৪ জুন মঙলবাৰে নিশা মেক্সিকোৰ গুয়ানাজুয়াটোত সংঘটিত হয় এই গুলীচালনাৰ কাণ্ড। মানুহে চেণ্ট জন দ্য বেপ্টিষ্টৰ কেথলিক বন্ধৰ দিনটো উদযাপন কৰি আছিল। ৰাস্তাত গোট খাই নাচি আছিল। মদ খাই আছিল। পটভূমিত সংগীত বাজি আছিল। ইফালে হঠাৎ মানুহৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা হয় ।


জৰুৰীকালীন সেৱাই নিহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। বহু লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ৰাজহুৱা অনুষ্ঠান আৰু উচ্চ বিপদজনক অঞ্চলত টহল দিবলৈ অতিৰিক্ত আৰক্ষী আৰু সামৰিক জোৱান নিয়োগ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু