--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মঙলবাৰে নিশা এই আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱাই ২০ জনতকৈ অধিক লোক আহত হয়। উৎসৱমুখৰ মনোভাৱ, নাচ-গান আৰু উদযাপনৰ পৰিৱেশ আছিল যদিও পিছৰ মুহূৰ্তত গুলী আৰু চিঞৰ-বাখৰেৰে গোটেই দৃশ্যটো সলনি হৈ গ’ল।

ডিজিটেল ডেস্ক : চৌদিশে আনন্দ-উল্লাস,হঠাতে দুৰ্বৃত্তৰ এটা দলে অবিৰাম গুলীবৰ্ষণ আৰম্ভ কৰে ১২ গৰাকীকৈ নিৰীহ লোকৰ ওপৰত । ধাৰাসাৰ গুলীবৰ্ষণ কৰিয়েই দুৰ্বৃত্তৰ দলটো সেই ঠাইৰ পৰা পলায়ন কৰে ৷


মঙলবাৰে নিশা এই আক্ৰমণত ১২ জন লোকে প্ৰাণ হেৰুৱাই ২০ জনতকৈ অধিক লোক আহত হয়। উৎসৱমুখৰ মনোভাৱ, নাচ-গান আৰু উদযাপনৰ পৰিৱেশ আছিল যদিও পিছৰ মুহূৰ্তত গুলী আৰু চিঞৰ-বাখৰেৰে গোটেই দৃশ্যটো সলনি হৈ গ’ল।


এই ঘটনাৰ বহু ভিডিঅ’ও ভাইৰেল হৈ আছে। উল্লেখ্য যে আমেৰিকাৰ এই ৰাজ্যখন ড্ৰাগছ সৰবৰাহ আৰু গেং ৱাৰৰ বাবে পৰিচিত।


সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২৪ জুন মঙলবাৰে নিশা মেক্সিকোৰ গুয়ানাজুয়াটোত সংঘটিত হয় এই গুলীচালনাৰ কাণ্ড। মানুহে চেণ্ট জন দ্য বেপ্টিষ্টৰ কেথলিক বন্ধৰ দিনটো উদযাপন কৰি আছিল। ৰাস্তাত গোট খাই নাচি আছিল। মদ খাই আছিল। পটভূমিত সংগীত বাজি আছিল। ইফালে হঠাৎ মানুহৰ ওপৰত নিৰ্বিচাৰে গুলীচালনা কৰা হয় ।


জৰুৰীকালীন সেৱাই নিহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। বহু লোকৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। ৰাজহুৱা অনুষ্ঠান আৰু উচ্চ বিপদজনক অঞ্চলত টহল দিবলৈ অতিৰিক্ত আৰক্ষী আৰু সামৰিক জোৱান নিয়োগ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ