--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ ওপৰত এই শুল্কৰ প্ৰভাৱ নপৰে। কাৰণ ভাৰতে জেনেৰিক ঔষধৰ ক্ষেত্ৰত বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি আছে।

ডিজিটেল ডেস্ক : পুনৰ ৰপ্তানি শুল্ক বৃদ্ধি কৰিছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে। এইবাৰ বিদেশত প্রস্তুত কৰা ব্ৰেণ্ডেড ঔষধৰ ওপৰত ১০০% শুল্ক আৰোপ কৰিছে মার্কিন প্রশাসনে। 


ব্ৰেণ্ডেড ঔষধৰ ওপৰত ৰপ্তানি শুল্ক বৃদ্ধি কৰা সন্দৰ্ভত ট্রাম্পে উল্লেখ কৰিছে যে ঔষধ বা ঔষধ প্রস্তুতকাৰী সামগ্ৰীয়ে যাতে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি আনিব নোৱাৰে তাৰ বাবেই তেওঁ এই পদক্ষেপ গ্রহণ কৰিছে।


অৱশ্যে, যিবোৰ কোম্পানীয়ে আমেৰিকাৰ সৈতে নির্দিষ্ট চুক্তিত স্বাক্ষৰ কৰিছে আৰু আমেৰিকাতে তেওঁলোকৰ কোম্পানীৰ উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে তেনে কোম্পানীৰ বাবে এটকাও শুল্ক নির্ধাৰণ কৰা নাই। ইফালে, যিবোৰ কোম্পানীয়ে মূল্য নির্ধাৰণ চুক্তিত স্বাক্ষৰ কৰা নাই অথচ দেশখনত কোম্পানীৰ উৎপাদন কেন্দ্র গঢ়ি তুলিছে তেনে কোম্পানীৰ ওপৰত ২০% শুল্ক আৰোপ কৰা হৈছে আৰু অহা চাৰি বছৰৰ ভিতৰত এই পৰিমাণ ১০০ শতাংশকৈ বৃদ্ধি কৰা হ'ব।


ইফালে, ভাৰতৰ ওপৰত এই শুল্কৰ প্ৰভাৱ নপৰে। কাৰণ ভাৰতে জেনেৰিক ঔষধৰ ক্ষেত্ৰত বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি আছে। আমেৰিকাৰে ঔষধজাত বাণিজ্যৰ ক্ষেত্ৰতো ভাৰতৰ ৰাজহাড় স্বৰূপ হৈছে এই কম মূল্যৰ জেনেৰিক ঔষধৰ ক্ষেত্ৰখন। যাৰ বাবে ভাৰতৰ ওপৰত মার্কিন শুল্কৰ প্ৰভাৱ নপৰে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ