--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্য প্রাচ্যত বর্ধিত উত্তেজনাই ৰন্ধন গেছৰ যোগানত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই নির্দেশ জাৰি কৰে।

ডিজিটেল ডেস্ক: ইৰান আৰু ইজৰাইল-আমেৰিকাৰ যুদ্ধ অধিক দীঘলীয়া হ'লে ভাৰতত ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জৰুৰী ক্ষমতা ব্যৱহাৰ কৰি দেশৰ সকলো তেল শোধন কৰা কোম্পানীক ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰে। 


ৰয়টাৰে প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে মধ্য প্রাচ্যত বর্ধিত উত্তেজনাই ৰন্ধন গেছৰ যোগানত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই নির্দেশ জাৰি কৰে। নিৰ্দেশটোত লগতে কোৱা হৈছে যে এতিয়াৰ পৰা শোধনাগাৰসমূহে বিউটেন আৰু প্ৰপেইনৰ ব্যৱহাৰ কেৱল ৰন্ধন গেছৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। চৰকাৰী নিৰ্দেশ অনুসৰি সকলো কোম্পানীয়ে প্রপেইন আৰু বিউটেন কেৱল চৰকাৰী তেল কোম্পানীসমূহক যোগান ধৰিব লাগিব। এই চৰকাৰী কোম্পানীবোৰৰ ভিতৰত ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন (আই অ'চি), হিন্দুস্তান পেট্রলিয়াম (এইচ পি চি এল), ভাৰত পেট্রলিয়ামো (বিপি চি এল) আছে। ইয়াৰ উদ্দেশ্য হ'ল উপভোক্তাসকলক কোনো ধৰণৰ বাধাৰ সৃষ্টি নোহোৱাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান ধৰা। 


ভাৰতত ৰন্ধন গেছৰ মুঠ উপভোক্তাৰ সংখ্যা হ'ল ৩৩.২ কোটি। দেশত ৰন্ধন গেছৰ চাহিদা ৩.৩১৫ কোটি মেট্রিক টন। ইয়াৰ ভিতৰত মধ্য প্রাচ্যৰ অংশ হ'ল প্রায় ৮৫-৯০%। ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল প্রায় ১৬৭ কিল মিটাৰ দৈৰ্ঘ্যৰ হৰমুজ প্রণালী জলপথ বন্ধ হৈ পৰাটো। এই প্রণালীয়ে আৰব সাগৰক পাৰস্য উপসাগৰৰ সৈতে সংযোজিত কৰিছে। বিশ্বৰ মুঠ খাৰুৱা তেলৰ ২০% এই জলপথেৰে সৰবৰাহ কৰা হয়। ভাৰতৰ মুঠ চাহিদাৰ ৫০% খাৰুৱা তেল আৰু ৫৪% তৰল প্রাকৃতিক গেছ (এল এন জি) এই পথেৰে আহে। 


উল্লেখযোগ্য যে ইৰানৰ ড্ৰ'ন আক্ৰমণত কুৱেইটৰ সৰ্ববৃহৎ প্রাকৃতিক গেছ উৎপাদন প্ৰকল্পৰ ক্ষতি হোৱাৰ পাছত ইয়াত উৎপাদন বন্ধ ৰখা হৈছে। ইয়াৰ ফলত কুৱেইটে ভাৰতলৈ তৰল প্রাকৃতিক গেছৰ যোগানো বন্ধ ৰাখিছে। ভাৰতৰ মুঠ চাহিদাৰ ৪০% (বছৰি ২.৭ কোটি টন) এল এন জি কাটাৰৰ পৰা অনা হয়। গেছৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি এছ'চিয়েশ্যন অব্ চিজিডি এন্টিটিজে (এ চিই) চৰকাৰী কোম্পানী গেইললৈ পত্র লিখি এই বিষয়ত স্পষ্টতা বিচাৰে। কোম্পানীসমূহে কয় যে কাটাৰৰ পৰা এল এন জিৰ যোগান বন্ধ হ'লে তেওঁলোকে বজাৰৰ পৰা অধিক দামত গেছ ক্ৰয় কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ