--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্য প্রাচ্যত বর্ধিত উত্তেজনাই ৰন্ধন গেছৰ যোগানত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই নির্দেশ জাৰি কৰে।

ডিজিটেল ডেস্ক: ইৰান আৰু ইজৰাইল-আমেৰিকাৰ যুদ্ধ অধিক দীঘলীয়া হ'লে ভাৰতত ৰন্ধন গেছৰ সংকটৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে জৰুৰী ক্ষমতা ব্যৱহাৰ কৰি দেশৰ সকলো তেল শোধন কৰা কোম্পানীক ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰে। 


ৰয়টাৰে প্ৰকাশ কৰা এটা বাতৰিত কোৱা হৈছে যে মধ্য প্রাচ্যত বর্ধিত উত্তেজনাই ৰন্ধন গেছৰ যোগানত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই নির্দেশ জাৰি কৰে। নিৰ্দেশটোত লগতে কোৱা হৈছে যে এতিয়াৰ পৰা শোধনাগাৰসমূহে বিউটেন আৰু প্ৰপেইনৰ ব্যৱহাৰ কেৱল ৰন্ধন গেছৰ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। চৰকাৰী নিৰ্দেশ অনুসৰি সকলো কোম্পানীয়ে প্রপেইন আৰু বিউটেন কেৱল চৰকাৰী তেল কোম্পানীসমূহক যোগান ধৰিব লাগিব। এই চৰকাৰী কোম্পানীবোৰৰ ভিতৰত ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন (আই অ'চি), হিন্দুস্তান পেট্রলিয়াম (এইচ পি চি এল), ভাৰত পেট্রলিয়ামো (বিপি চি এল) আছে। ইয়াৰ উদ্দেশ্য হ'ল উপভোক্তাসকলক কোনো ধৰণৰ বাধাৰ সৃষ্টি নোহোৱাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ যোগান ধৰা। 


ভাৰতত ৰন্ধন গেছৰ মুঠ উপভোক্তাৰ সংখ্যা হ'ল ৩৩.২ কোটি। দেশত ৰন্ধন গেছৰ চাহিদা ৩.৩১৫ কোটি মেট্রিক টন। ইয়াৰ ভিতৰত মধ্য প্রাচ্যৰ অংশ হ'ল প্রায় ৮৫-৯০%। ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল প্রায় ১৬৭ কিল মিটাৰ দৈৰ্ঘ্যৰ হৰমুজ প্রণালী জলপথ বন্ধ হৈ পৰাটো। এই প্রণালীয়ে আৰব সাগৰক পাৰস্য উপসাগৰৰ সৈতে সংযোজিত কৰিছে। বিশ্বৰ মুঠ খাৰুৱা তেলৰ ২০% এই জলপথেৰে সৰবৰাহ কৰা হয়। ভাৰতৰ মুঠ চাহিদাৰ ৫০% খাৰুৱা তেল আৰু ৫৪% তৰল প্রাকৃতিক গেছ (এল এন জি) এই পথেৰে আহে। 


উল্লেখযোগ্য যে ইৰানৰ ড্ৰ'ন আক্ৰমণত কুৱেইটৰ সৰ্ববৃহৎ প্রাকৃতিক গেছ উৎপাদন প্ৰকল্পৰ ক্ষতি হোৱাৰ পাছত ইয়াত উৎপাদন বন্ধ ৰখা হৈছে। ইয়াৰ ফলত কুৱেইটে ভাৰতলৈ তৰল প্রাকৃতিক গেছৰ যোগানো বন্ধ ৰাখিছে। ভাৰতৰ মুঠ চাহিদাৰ ৪০% (বছৰি ২.৭ কোটি টন) এল এন জি কাটাৰৰ পৰা অনা হয়। গেছৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি এছ'চিয়েশ্যন অব্ চিজিডি এন্টিটিজে (এ চিই) চৰকাৰী কোম্পানী গেইললৈ পত্র লিখি এই বিষয়ত স্পষ্টতা বিচাৰে। কোম্পানীসমূহে কয় যে কাটাৰৰ পৰা এল এন জিৰ যোগান বন্ধ হ'লে তেওঁলোকে বজাৰৰ পৰা অধিক দামত গেছ ক্ৰয় কৰিব লাগিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু