--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে দিলীপ নাথৰ অগাধ সম্পত্তিৰ তদন্ত কৰা হ’ব।

ডিজিটেল ডেস্কঃ বিতৰ্কিত RTI কৰ্মী দিলীপ নাথৰ ঢেকিয়াজুলিৰ পাঁচনৈস্থিত বাসগৃহত সোমবাৰে নিশা পুনৰ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান চলিল৷এই অভিযানত মূল্যবান কাঠ জব্দ কৰা হৈছে। এই অভিযানত নাথৰ বাসগৃহৰ ভিতৰত অবৈধভাৱে স্থাপন কৰা এখন ফাৰ্নিচাৰ প্ৰতিষ্ঠানো উন্মোচিত হয়।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে দিলীপ নাথৰ অগাধ সম্পত্তিৰ তদন্ত কৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই, আৰক্ষী আৰু বন বিভাগে এই অভিযান চলায়। অভিযানত পোৱা তথ্য অনুসৰি, নাথৰ ঘৰত কোনো বৈধ অনুমতি নোলোৱাকৈ বিপুল পৰিমাণৰ মূল্যবান কাঠ মজুত ৰখা হৈছিল, যি সম্পূৰ্ণৰূপে বন আইন উলংঘা কৰে।


উল্লেখযোগ্য যে পাঁচনৈ নৈত অবৈধ শিল-বালি খননৰ বিষয়ে বাতৰি সংগ্রহ কৰিবলৈ যোৱা ঢেকিয়াজুলিৰ এজন স্থানীয় সাংবাদিকক যোৱা ২৯জুনত এদল বালি মাফিয়াই দলবদ্ধভাৱে আক্ৰমণ কৰিছিল। এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। অভিযুক্ত সকলৰ সৈতে দিলীপ নাথৰ নাম জড়িত বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।


ঘটনাটোৰ পিচতে দিলীপ নাথে পশ্চিমবংগত আত্মগোপন কৰি আছিল, যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঢেকিয়াজুলিলৈ অনিছে। সাংবাদিকক দলবদ্ধ আক্ৰমণত বিতৰ্কিত RTIকৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথকো গ্ৰেপ্তাৰ হৈছে৷



বাতৰি সংগ্ৰহঃ দিগন্ত শৰ্মা, ঢেকিয়াজুলি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক