--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে দিলীপ নাথৰ অগাধ সম্পত্তিৰ তদন্ত কৰা হ’ব।

ডিজিটেল ডেস্কঃ বিতৰ্কিত RTI কৰ্মী দিলীপ নাথৰ ঢেকিয়াজুলিৰ পাঁচনৈস্থিত বাসগৃহত সোমবাৰে নিশা পুনৰ আৰক্ষী আৰু বন বিভাগৰ যুটীয়া অভিযান চলিল৷এই অভিযানত মূল্যবান কাঠ জব্দ কৰা হৈছে। এই অভিযানত নাথৰ বাসগৃহৰ ভিতৰত অবৈধভাৱে স্থাপন কৰা এখন ফাৰ্নিচাৰ প্ৰতিষ্ঠানো উন্মোচিত হয়।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছিল যে দিলীপ নাথৰ অগাধ সম্পত্তিৰ তদন্ত কৰা হ’ব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই, আৰক্ষী আৰু বন বিভাগে এই অভিযান চলায়। অভিযানত পোৱা তথ্য অনুসৰি, নাথৰ ঘৰত কোনো বৈধ অনুমতি নোলোৱাকৈ বিপুল পৰিমাণৰ মূল্যবান কাঠ মজুত ৰখা হৈছিল, যি সম্পূৰ্ণৰূপে বন আইন উলংঘা কৰে।


উল্লেখযোগ্য যে পাঁচনৈ নৈত অবৈধ শিল-বালি খননৰ বিষয়ে বাতৰি সংগ্রহ কৰিবলৈ যোৱা ঢেকিয়াজুলিৰ এজন স্থানীয় সাংবাদিকক যোৱা ২৯জুনত এদল বালি মাফিয়াই দলবদ্ধভাৱে আক্ৰমণ কৰিছিল। এই ঘটনাত আৰক্ষীয়ে ইতিমধ্যে চাৰিজনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে। অভিযুক্ত সকলৰ সৈতে দিলীপ নাথৰ নাম জড়িত বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে।


ঘটনাটোৰ পিচতে দিলীপ নাথে পশ্চিমবংগত আত্মগোপন কৰি আছিল, যাক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ঢেকিয়াজুলিলৈ অনিছে। সাংবাদিকক দলবদ্ধ আক্ৰমণত বিতৰ্কিত RTIকৰ্মী দিলীপ নাথৰ পুত্ৰ কপিল নাথকো গ্ৰেপ্তাৰ হৈছে৷



বাতৰি সংগ্ৰহঃ দিগন্ত শৰ্মা, ঢেকিয়াজুলি


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ