--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিৰ সন্তানে সাধাৰণতে মাক-দেউতাকৰ পদাংক অনুসৰণ কৰি চলচ্চিত্ৰ জগতত ভৰি দিয়ে। জনপ্ৰিয় অভিনেতা আৰ মাধৱনৰ পুত্ৰ এইখিনিতে যেন ব্যতিক্ৰম। আৰ মাধৱনৰ পুত্ৰ বেদান্ত মাধৱনে গ্লেমাৰ জগতৰ পৰা আঁতৰি সাঁতোৰত কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়। বেদান্তই সাঁতোৰৰ বহু প্ৰতিযোগিতাত পদক লাভ কৰিছে। মাধৱনে নিজৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগী আৰু ফ’ল’ৱাৰৰ সৈতে পুত্ৰৰ সাফল্যৰ বতৰা শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ বেদান্ত মাধৱনে জুনিয়ৰ নেচনেল ছুইমিং চেম্পিয়নশ্বিপত গ্ৰুপ এৰ ল’ৰাৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। 

বেদান্তই ১৬:০১.৭৩ ছেকেণ্ডত নিজৰ লক্ষ্যত উপনীত হৈ ২০১৭ চনত তেওঁৰ সতীৰ্থ অদ্বৈত পেজে গঢ়ি থোৱা ১৬:০৬.৪৩ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে। মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি বেদান্তই কৰ্ণাটকৰ অমোঘ আনন্দ ভেংকটেশক (১৬:২১.৯৮ ছেকেণ্ড) আৰু বংগৰ শুভ্ৰজিত গুপ্তক(১৬:৩৪.০৬) পৰাস্ত কৰি ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। কৰ্ণাটকৰ হৰ্ষিকা ৰামচন্দ্ৰনে ৪০০ মিটাৰ ফ্ৰীষ্টাইল গ্ৰুপ ২ ছোৱালীৰ ৪:২৯.২৫ ছেকেণ্ডত নতুন মিট অভিলেখ গঢ়ে। বেদান্তই অংশগ্ৰহণ কৰা সাঁতোৰ প্ৰতিযোগিতাখনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰ মাধৱনে। ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত ৰাষ্ট্ৰীয় জুনিয়ৰ অভিলেখ ভংগ কৰা বাবে শুভেচ্ছা জনাই মাধৱনে নিজৰ টুইটত বেদান্তক টেগ কৰিছে। অনুৰাগীসকলে শুভেচ্ছা জনাই আৰ.মাধৱনৰ কমেণ্ট বক্স ভৰাই তুলিছে। এজন অনুৰাগীয়ে ক’লে, ‘‘বেদান্তক অভিনন্দন। এটা পৰিয়ালৰ বাবে এয়া গৌৰৱৰ সময়।’’ 

এজন ব্যৱহাৰকাৰীয়ে কয়, ‘‘সেইসকল অভিভাৱক ভাগ্যৱান যিসকল সন্তানৰ বাবেই চিনাকি হয়। আপুনি এজন উপযুক্ত অভিভাৱক।’’ আন এজনে লিখিছে, ‘আপোনাৰ দৰে আৰু অধিক অভিভাৱক বিচাৰি পাম বুলি আশা কৰিলোঁ, বিশেষকৈ চলচ্চিত্ৰ উদ্যোগৰ পৰা।’’ 


উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত বেদান্ত মাধৱনে ডেনিছ অ’পেনত ৮০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক লাভ কৰিছিল। পুত্ৰৰ সাফল্যত আৰ মাধৱনে টুইট কৰি কয় ‘‘বেদান্ত মাধৱনৰ সফলতাৰ বাবে প্ৰদীপ ছাৰ (প্ৰশিক্ষক), ছুইমিং ফেডাৰেচন অৱ ইণ্ডিয়া সকলোকে আপোনালোকৰ অবিৰত আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছো।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু