--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিৰ সন্তানে সাধাৰণতে মাক-দেউতাকৰ পদাংক অনুসৰণ কৰি চলচ্চিত্ৰ জগতত ভৰি দিয়ে। জনপ্ৰিয় অভিনেতা আৰ মাধৱনৰ পুত্ৰ এইখিনিতে যেন ব্যতিক্ৰম। আৰ মাধৱনৰ পুত্ৰ বেদান্ত মাধৱনে গ্লেমাৰ জগতৰ পৰা আঁতৰি সাঁতোৰত কেৰিয়াৰ গঢ়িবলৈ সিদ্ধান্ত লয়। বেদান্তই সাঁতোৰৰ বহু প্ৰতিযোগিতাত পদক লাভ কৰিছে। মাধৱনে নিজৰ ছ’চিয়েল মিডিয়া পেজত অনুৰাগী আৰু ফ’ল’ৱাৰৰ সৈতে পুত্ৰৰ সাফল্যৰ বতৰা শ্বেয়াৰ কৰি থাকে। শেহতীয়াকৈ বেদান্ত মাধৱনে জুনিয়ৰ নেচনেল ছুইমিং চেম্পিয়নশ্বিপত গ্ৰুপ এৰ ল’ৰাৰ ১৫০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। 

বেদান্তই ১৬:০১.৭৩ ছেকেণ্ডত নিজৰ লক্ষ্যত উপনীত হৈ ২০১৭ চনত তেওঁৰ সতীৰ্থ অদ্বৈত পেজে গঢ়ি থোৱা ১৬:০৬.৪৩ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে। মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰি বেদান্তই কৰ্ণাটকৰ অমোঘ আনন্দ ভেংকটেশক (১৬:২১.৯৮ ছেকেণ্ড) আৰু বংগৰ শুভ্ৰজিত গুপ্তক(১৬:৩৪.০৬) পৰাস্ত কৰি ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। কৰ্ণাটকৰ হৰ্ষিকা ৰামচন্দ্ৰনে ৪০০ মিটাৰ ফ্ৰীষ্টাইল গ্ৰুপ ২ ছোৱালীৰ ৪:২৯.২৫ ছেকেণ্ডত নতুন মিট অভিলেখ গঢ়ে। বেদান্তই অংশগ্ৰহণ কৰা সাঁতোৰ প্ৰতিযোগিতাখনৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে আৰ মাধৱনে। ১৫০০ মিটাৰ ফ্ৰীষ্টাইলত ৰাষ্ট্ৰীয় জুনিয়ৰ অভিলেখ ভংগ কৰা বাবে শুভেচ্ছা জনাই মাধৱনে নিজৰ টুইটত বেদান্তক টেগ কৰিছে। অনুৰাগীসকলে শুভেচ্ছা জনাই আৰ.মাধৱনৰ কমেণ্ট বক্স ভৰাই তুলিছে। এজন অনুৰাগীয়ে ক’লে, ‘‘বেদান্তক অভিনন্দন। এটা পৰিয়ালৰ বাবে এয়া গৌৰৱৰ সময়।’’ 

এজন ব্যৱহাৰকাৰীয়ে কয়, ‘‘সেইসকল অভিভাৱক ভাগ্যৱান যিসকল সন্তানৰ বাবেই চিনাকি হয়। আপুনি এজন উপযুক্ত অভিভাৱক।’’ আন এজনে লিখিছে, ‘আপোনাৰ দৰে আৰু অধিক অভিভাৱক বিচাৰি পাম বুলি আশা কৰিলোঁ, বিশেষকৈ চলচ্চিত্ৰ উদ্যোগৰ পৰা।’’ 


উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহত বেদান্ত মাধৱনে ডেনিছ অ’পেনত ৮০০ মিটাৰ ফ্ৰীষ্টাইলত সোণৰ পদক লাভ কৰিছিল। পুত্ৰৰ সাফল্যত আৰ মাধৱনে টুইট কৰি কয় ‘‘বেদান্ত মাধৱনৰ সফলতাৰ বাবে প্ৰদীপ ছাৰ (প্ৰশিক্ষক), ছুইমিং ফেডাৰেচন অৱ ইণ্ডিয়া সকলোকে আপোনালোকৰ অবিৰত আশীৰ্বাদৰ বাবে ধন্যবাদ জনাইছো।’’




FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement