--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডত টীম ইণ্ডিয়াই তিনিওটা ফৰ্মেটতে ভাল প্ৰদৰ্শন কৰিছে। প্ৰথমে পাঁচখন মেচৰ টেষ্ট শৃংখলাত ২-২ৰ ব্যৱধানত সমাপ্ত হয়। অৱশ্যে,  ভাৰতে টি-২০ আৰু এদিনীয়া শৃংখলা ২-১ৰ ব্যৱধানত শৃংখলা দখল কৰিছে।এই বিজয়ৰ লগতে  ইংলেণ্ডত অভিলেখৰ পিছত অভিলেখ গঢ়িলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। ‘হিটমেন’ৰোহিতৰ এই কীৰ্তিয়ে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

২০১৫ চনৰ পিছত ইংলেণ্ডৰ মাটিত এদিনীয়া শৃংখলাত পৰাস্ত কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হ’ল ভাৰত। ১৯৯৯ চনত মহম্মদ আজহাৰউদ্দিনৰ নেতৃত্বত ভাৰতে ইংলেণ্ডত প্ৰথমখন এদিনীয়া শৃংখলাত জয়ী হৈছিল। ১৫ বছৰৰ পাছত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে গঢ়িছিল অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলা জয় কৰা আজহাৰ-ধোনীৰ পিছতে তৃতীয়জন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। নিঃসন্দেহে এয়া এক অবিস্মৰণীয় সাফল্য।
 
ইংলেণ্ডত এদিনীয়া আৰু টি-২০ শৃংখলা দখল কৰা দেশৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হয় হিটমেন ৰোহিত।  ইংলেণ্ডত দেশৰ হৈ একেৰাহে ১৪ খন টি-২০ মেচত জয়ী হৈছে ৰোহিতে। বিশ্বৰ আন কোনো অধিনায়কে এতিয়ালৈকে এই কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হোৱা নাই।

ভাৰতীয় দলৰ দায়িত্ব লোৱাৰ পাছত একেৰাহে ৭ খন শৃংখলা জয় কৰিছে ৰোহিতৰ ভাৰতে। লক্ষ্যণীয়ভাৱে ৰোহিতৰ যাত্ৰা আৰম্ভ হৈছিল তিনিখন মেচৰ টি-২০ শৃংখলাত নিউজিলেণ্ডক পৰাস্ত কৰি। পৰৱৰ্তী সময়ত ৰোহিতৰ দলে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে। এদিনীয়া শৃংখলা ৩-০ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত ভাৰতে কেৰিবিয়ানৰ বিৰুদ্ধে ৩-০ৰ ব্যৱধানত পুনৰ  টি-২০ শৃংখলাত জয়লাভ কৰে দলটোৱে। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-০ৰ ব্যৱধানত জয়ী হোৱাৰ পাছত ৰোহিতৰ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজতো ২-০ৰ ব্যৱধানত জয়লাভ কৰে। শেষত,  সদ্যসমাপ্ত ইংলেণ্ড ছিৰিজতো অপ্ৰতিৰোধ্য হিটমেন ৰোহিত।

অধিনায়ক হিচাপে ৰোহিতৰ প্ৰদৰ্শনে এতিয়া সকলোৰে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এদিনীয়া ক্ৰিকেটত তেওঁৰ জয়ৰ হাৰ ৮১.২৫ শতাংশ। ক্ৰিকেটৰ আটাইতকৈ সৰু সংস্কৰণত ৮৩.৮৭ শতাংশ জয়ৰ হাৰ। ৰেড বল ক্ৰিকেটত তেওঁ এই পৰ্যন্ত দুখন মেচত অধিনায়কত্ব কৰিছে। ভাৰতে দুয়োখনতে জয়ৰ মুখ দেখিছে। সেই ক্ষেত্ৰত জয়ৰ হাৰ এতিয়া ১০০ শতাংশ। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে অধিনায়ক হিচাপে ৰোহিতৰ জয়ৰ অভিলেখ ৮০ শতাংশ। ৰোহিতৰ দৰে এনে অভিলেখ আন কোনো অধিনায়কৰে নাই বুলি এতিয়া ক্ৰীড়া বিশ্লেষকসকলে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু