--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডত টীম ইণ্ডিয়াই তিনিওটা ফৰ্মেটতে ভাল প্ৰদৰ্শন কৰিছে। প্ৰথমে পাঁচখন মেচৰ টেষ্ট শৃংখলাত ২-২ৰ ব্যৱধানত সমাপ্ত হয়। অৱশ্যে,  ভাৰতে টি-২০ আৰু এদিনীয়া শৃংখলা ২-১ৰ ব্যৱধানত শৃংখলা দখল কৰিছে।এই বিজয়ৰ লগতে  ইংলেণ্ডত অভিলেখৰ পিছত অভিলেখ গঢ়িলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। ‘হিটমেন’ৰোহিতৰ এই কীৰ্তিয়ে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে।

২০১৫ চনৰ পিছত ইংলেণ্ডৰ মাটিত এদিনীয়া শৃংখলাত পৰাস্ত কৰা তৃতীয়টো দল হিচাপে পৰিগণিত হ’ল ভাৰত। ১৯৯৯ চনত মহম্মদ আজহাৰউদ্দিনৰ নেতৃত্বত ভাৰতে ইংলেণ্ডত প্ৰথমখন এদিনীয়া শৃংখলাত জয়ী হৈছিল। ১৫ বছৰৰ পাছত এম এছ ধোনীৰ নেতৃত্বত ভাৰতে গঢ়িছিল অভিলেখ। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিপাক্ষিক এদিনীয়া শৃংখলা জয় কৰা আজহাৰ-ধোনীৰ পিছতে তৃতীয়জন অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। নিঃসন্দেহে এয়া এক অবিস্মৰণীয় সাফল্য।
 
ইংলেণ্ডত এদিনীয়া আৰু টি-২০ শৃংখলা দখল কৰা দেশৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে পৰিগণিত হয় হিটমেন ৰোহিত।  ইংলেণ্ডত দেশৰ হৈ একেৰাহে ১৪ খন টি-২০ মেচত জয়ী হৈছে ৰোহিতে। বিশ্বৰ আন কোনো অধিনায়কে এতিয়ালৈকে এই কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হোৱা নাই।

ভাৰতীয় দলৰ দায়িত্ব লোৱাৰ পাছত একেৰাহে ৭ খন শৃংখলা জয় কৰিছে ৰোহিতৰ ভাৰতে। লক্ষ্যণীয়ভাৱে ৰোহিতৰ যাত্ৰা আৰম্ভ হৈছিল তিনিখন মেচৰ টি-২০ শৃংখলাত নিউজিলেণ্ডক পৰাস্ত কৰি। পৰৱৰ্তী সময়ত ৰোহিতৰ দলে ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰে। এদিনীয়া শৃংখলা ৩-০ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত ভাৰতে কেৰিবিয়ানৰ বিৰুদ্ধে ৩-০ৰ ব্যৱধানত পুনৰ  টি-২০ শৃংখলাত জয়লাভ কৰে দলটোৱে। শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ২-০ৰ ব্যৱধানত জয়ী হোৱাৰ পাছত ৰোহিতৰ দলটোৱে শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজতো ২-০ৰ ব্যৱধানত জয়লাভ কৰে। শেষত,  সদ্যসমাপ্ত ইংলেণ্ড ছিৰিজতো অপ্ৰতিৰোধ্য হিটমেন ৰোহিত।

অধিনায়ক হিচাপে ৰোহিতৰ প্ৰদৰ্শনে এতিয়া সকলোৰে ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। এদিনীয়া ক্ৰিকেটত তেওঁৰ জয়ৰ হাৰ ৮১.২৫ শতাংশ। ক্ৰিকেটৰ আটাইতকৈ সৰু সংস্কৰণত ৮৩.৮৭ শতাংশ জয়ৰ হাৰ। ৰেড বল ক্ৰিকেটত তেওঁ এই পৰ্যন্ত দুখন মেচত অধিনায়কত্ব কৰিছে। ভাৰতে দুয়োখনতে জয়ৰ মুখ দেখিছে। সেই ক্ষেত্ৰত জয়ৰ হাৰ এতিয়া ১০০ শতাংশ। ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে অধিনায়ক হিচাপে ৰোহিতৰ জয়ৰ অভিলেখ ৮০ শতাংশ। ৰোহিতৰ দৰে এনে অভিলেখ আন কোনো অধিনায়কৰে নাই বুলি এতিয়া ক্ৰীড়া বিশ্লেষকসকলে প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement