--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী নে বাবৰ আজম - কোন শ্ৰেষ্ঠ বেটছমেন? এই অন্তহীন যুক্তিতৰ্ক আৰম্ভণি আছে কিন্তু অন্ত? সেই বিষয়ে কোৱাটো কঠিন যদিও মুলতঃ এটা কথা নিশ্চিত যে, বিশ্ব ক্ৰিকেটৰ দুয়োগৰাকী ছুপাৰষ্টাৰৰে ইজনৰ প্ৰতি সিজনৰ আছে সন্মান। বাবৰে যেন এই কথাকে পুনৰ বাৰ প্ৰমাণ কৰি দিলে।

বিৰাটৰ বিফলতাৰ পিছত বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে বাবৰে। ছ’চিয়েল মিডিয়াত বিৰাটৰ সৈতে নিজৰ এখন ছবি পোষ্ট কৰি পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে লিখিছে, ‘বেয়া সময় আঁতৰিব। মনোবল বজাই ৰাখক।’

অৰ্থাৎ বাবৰৰ বাৰ্তাই যেন  স্পষ্ট কৰি দিছে যে, বিৰাট হয়তো তেওঁৰ প্ৰতিদ্বন্দ্বী। কিন্তু এই যুঁজখন কেৱল খেলপথাৰতহে। বাকীখিনি মাথোঁ অপৰিসীম সন্মান। স্বাভাৱিকতে, শ্ৰেষ্ঠ খেলুৱৈৰ প্ৰতি থকা অপৰিসীম সন্মান সম্ভৱতঃ ইয়াৰ আগলৈকে কেৱল টেনিছতহে দেখিবলৈ পোৱা গৈছিল। ক্ৰিকেট বিশ্বৰ বাবে এয়া এক আশাৰ বতৰা।

সেয়েহে, বাবৰে আন্তৰিকতাৰে আশা কৰিছে বিশ্ব ক্ৰিকেটৰ অন্যতম স্তম্ভ বিৰাট পুনৰ ফৰ্মলৈ ঘূৰি অহাটো। তেতিয়াহে বাকী স্তম্ভবোৰৰ ওপৰত ভিত্তি কৰি বিশ্ব ক্ৰিকেটৰ ‘প্ৰসাদ’ জীয়াই থাকিব। এটা স্তম্ভ লৰচৰ হ’লে সপোনৰ প্ৰাসাদতো নপৰিব জানো ইয়াৰ চাপ!

ইফালে, শেহতীয়াকৈ ছন্দত নাই বিৰাট কোহলী। টেষ্ট, এদিনীয়া বা টি-২০ – আগৰ সেইগৰাকী কোহলীক দেখিবলৈ নোপোৱা বহুদিনেই হ’ল। কেতিয়াবা আৰম্ভণিতে ওলাই অহা। কেতিয়াবা ভাল আৰম্ভণিৰ পিছত বিৰাটে ড্ৰেছিং ৰুমলৈ ঘূৰি আহিবলগীয়া হয়। আনকি দলৰ পৰা বিৰাটক বাদ দিবলৈও দাবী উত্থাপন হৈছে। যদিও বহু বিশেষজ্ঞই ইয়াৰ সৈতে একমত নহয়, তথাপি বিৰাটৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা হেঁচা স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ