--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলী নে বাবৰ আজম - কোন শ্ৰেষ্ঠ বেটছমেন? এই অন্তহীন যুক্তিতৰ্ক আৰম্ভণি আছে কিন্তু অন্ত? সেই বিষয়ে কোৱাটো কঠিন যদিও মুলতঃ এটা কথা নিশ্চিত যে, বিশ্ব ক্ৰিকেটৰ দুয়োগৰাকী ছুপাৰষ্টাৰৰে ইজনৰ প্ৰতি সিজনৰ আছে সন্মান। বাবৰে যেন এই কথাকে পুনৰ বাৰ প্ৰমাণ কৰি দিলে।

বিৰাটৰ বিফলতাৰ পিছত বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে বাবৰে। ছ’চিয়েল মিডিয়াত বিৰাটৰ সৈতে নিজৰ এখন ছবি পোষ্ট কৰি পাকিস্তান ক্ৰিকেট দলৰ অধিনায়কগৰাকীয়ে লিখিছে, ‘বেয়া সময় আঁতৰিব। মনোবল বজাই ৰাখক।’

অৰ্থাৎ বাবৰৰ বাৰ্তাই যেন  স্পষ্ট কৰি দিছে যে, বিৰাট হয়তো তেওঁৰ প্ৰতিদ্বন্দ্বী। কিন্তু এই যুঁজখন কেৱল খেলপথাৰতহে। বাকীখিনি মাথোঁ অপৰিসীম সন্মান। স্বাভাৱিকতে, শ্ৰেষ্ঠ খেলুৱৈৰ প্ৰতি থকা অপৰিসীম সন্মান সম্ভৱতঃ ইয়াৰ আগলৈকে কেৱল টেনিছতহে দেখিবলৈ পোৱা গৈছিল। ক্ৰিকেট বিশ্বৰ বাবে এয়া এক আশাৰ বতৰা।

সেয়েহে, বাবৰে আন্তৰিকতাৰে আশা কৰিছে বিশ্ব ক্ৰিকেটৰ অন্যতম স্তম্ভ বিৰাট পুনৰ ফৰ্মলৈ ঘূৰি অহাটো। তেতিয়াহে বাকী স্তম্ভবোৰৰ ওপৰত ভিত্তি কৰি বিশ্ব ক্ৰিকেটৰ ‘প্ৰসাদ’ জীয়াই থাকিব। এটা স্তম্ভ লৰচৰ হ’লে সপোনৰ প্ৰাসাদতো নপৰিব জানো ইয়াৰ চাপ!

ইফালে, শেহতীয়াকৈ ছন্দত নাই বিৰাট কোহলী। টেষ্ট, এদিনীয়া বা টি-২০ – আগৰ সেইগৰাকী কোহলীক দেখিবলৈ নোপোৱা বহুদিনেই হ’ল। কেতিয়াবা আৰম্ভণিতে ওলাই অহা। কেতিয়াবা ভাল আৰম্ভণিৰ পিছত বিৰাটে ড্ৰেছিং ৰুমলৈ ঘূৰি আহিবলগীয়া হয়। আনকি দলৰ পৰা বিৰাটক বাদ দিবলৈও দাবী উত্থাপন হৈছে। যদিও বহু বিশেষজ্ঞই ইয়াৰ সৈতে একমত নহয়, তথাপি বিৰাটৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা হেঁচা স্পষ্ট হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু