--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবছৰৰ পাছত টেনিছ নেটলৈ ঘূৰি অহাটো ছেৰেনা উইলিয়ামছৰ বাবে সুখৰ কথা নাছিল। সাতবাৰৰ চেম্পিয়নগৰাকীয়ে উইম্বলডনৰ আৰম্ভণিতে ল’লে বিদায়। ২৩টা গ্ৰেণ্ড শ্লেম জয় কৰা ৪০ বছৰীয়া ছেৰেনা অল ইংলেণ্ড ক্লাৱত প্ৰথম ৰাউণ্ডত পৰাস্ত হয়। তেওঁ বিশ্বৰ ১১৫ নম্বৰ স্থানত থকা ফ্ৰান্সৰ হাৰমনী টেনৰ হাতত পৰাস্ত হয়। ৩ ঘণ্টা ১০ মিনিটৰ যুঁজত পৰাজিত হয় প্ৰসিদ্ধ টেনিছ তাৰকা ছেৰেনা। টেনে ছেৰেনাক ৫-৭, ৬-১, ৬-৭ (৭-১০)ৰ ব্যৱধানত পৰাস্ত কৰে।

টেনিছ তাৰকাৰ শীৰ্ষ স্থানত থকা ছেৰেনা বৰ্তমান ৰেংকিঙ তালিকাৰ ১২০৪ নম্বৰত আছে। উইম্বলডনত ৱাইল্ড কাৰ্ড প্ৰৱেশ আছিল তেওঁৰ। তথাপি, অখ্যাত টেনেৰ সন্মুেখত থমকি ৰ’ল ছেৰেনাৰ ৰেকেট। মন কৰিবলগীয়া যে, এবছৰ ধৰি ক্ৰীজৰ পৰা বাহিৰত আছিল তেওঁ। খেলৰ প্ৰথমাৰ্দ্ধত ছেৰেনাৰ খেল দেখি তেনে অনুভৱ হোৱা নাছিল অনুৰাগীৰ। টেনিছ কিংবদন্তিগৰাকীয়ে চিনাকি ছন্দত উপস্থিত দৰ্শকক দিছিল চমক। ছেৰেনা আৰু টেনৰ মাজত যুঁজ হৈছিল তীব্ৰ প্ৰতিদ্বন্দ্বীতামূলক। কিন্তু শেষত ছেৰেনাই টেনৰ ওচৰত পৰাজয় স্বীকাৰ কৰিবলগীয়া হয়।

মেচখনৰ পিছত ছেৰেনাক প্ৰশ্ন কৰা হৈছিল যে,  পুনৰ টেনিছ খেলা দেখা যাব নে তেওঁক?  উইম্বলডনৰ পিছতে আছে ইউনাইটেড ষ্টেটছ অ’পেন। ছেৰেনাই কয়, ‘চাওক, ইউ এছ অ'পেনত মই মোৰ প্ৰথম শ্লেম জিকিছিলোঁ। এই টুৰ্ণামেণ্টটো মোৰ বাবে ছুপাৰ স্পেচিয়েল। মই ঘৰত খেলিবলৈ ইমানেই প্ৰেৰণা পাইছো। মই এই মুহূৰ্তটো উপভোগ কৰি আছো। চাওঁ কেনেকুৱা লাগে।কোনে জানে ক’ত গৈ জিৰণি লম!’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ