--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহত্‍ জয়। অতিথি দলটোৱে দুয়োখন মেচতে জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত ভাৰতে জয়লাভ কৰাৰ লগতে ৰচিলে একাধিক নজিৰ। মঙলবাৰে ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত অনুষ্ঠিত দুখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন মেচ আছিল। ভাৰতে দ্বিতীয় টি-২০ মেচত ৪ ৰানত জয়লাভ কৰি ২-০ ৰ ব্যৱধানত শৃংখলা সমাপ্ত কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে ৭টা উইকেট হেৰুৱাই ২২৫ ৰান সংগ্ৰহ কৰে। এই ৰানৰ চোঁচা লোৱা আয়াৰলেণ্ডে ২২১ ৰাণত ইনিংছৰ মোখনি মাৰে। দীপক হুডা আৰু সঞ্জু ছেমছনে আইৰিছ বলাৰসকলক ক্লাবৰ স্তৰলৈ নমাই আনে। দ্বিতীয়টো উইকেটৰ বাবে হুডা-ছেমছনে ১৭৬ ৰান সংযোজন কৰে। ভাৰতৰ টি-২০ৰ ইতিহাসত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলে শৈশৱৰ দুই বন্ধুৱে।

ভাৰতৰ টি-২০ ইতিহাসত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ৰান স্ক’ৰ কৰা যুটি হিচাপে বিবেচিত হয় সঞ্জু ছেমছন আৰু দীপক হুডা। ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে ১৭৬ ৰান সংগ্ৰহ কৰে দুয়ো। ২০২২চনত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে শ্ৰীলংকাৰ বিৰুদ্ধে ইন্দোৰত ১৬৫ৰানৰ অংশিদ্বাৰীত্ব আগবঢ়ায়। ২০১৭ চনত ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম উইকেটৰ বিনিময়ত ১৬০ৰানৰ পাৰ্টনাৰশ্বিপেৰে দৃষ্টি কাঢ়িছিল ক্ৰীড়াপ্ৰেমীৰ।

ইয়াৰোপৰি,  ডাবলিনত ঈশান কিষানে অ’পেনাৰ হিচাপে দেশৰ হৈ টি-২০ ফৰ্মেটত ৫০০ ৰান সম্পূৰ্ণ কৰিছে। ইনিংছ মুকলি কৰি পঞ্চমজন ভাৰতীয় হিচাপে ঈশানে দেশৰ বাবে এই নজিৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে।

ইফালে, টি-২০ ইণ্টাৰনেশ্যনেলত শতক অৰ্জন কৰা টিম ইণ্ডিয়াৰ চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হয় দীপক হুদা। সুৰেশ ৰাইনাই টি-২০ ফৰ্মেটত দেশৰ জাৰ্ছীত প্ৰথম শতক অৰ্জন কৰিছিল। ইয়াৰোপৰি ৰোহিত শৰ্মা আৰু কে এল ৰাহুলেও শতক অৰ্জন কৰিছিল। ৰোহিতৰ ৪টা আৰু ৰাহুলৰ দুটাকৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু