--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহত্‍ জয়। অতিথি দলটোৱে দুয়োখন মেচতে জয়ৰ মুখ দেখিবলৈ সক্ষম হৈছে। আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ শৃংখলাত ভাৰতে জয়লাভ কৰাৰ লগতে ৰচিলে একাধিক নজিৰ। মঙলবাৰে ডাবলিনৰ মালাহাইড ক্ৰিকেট ক্লাব ওৰফে দ্য ভিলেজত অনুষ্ঠিত দুখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয় আৰু অন্তিমখন মেচ আছিল। ভাৰতে দ্বিতীয় টি-২০ মেচত ৪ ৰানত জয়লাভ কৰি ২-০ ৰ ব্যৱধানত শৃংখলা সমাপ্ত কৰে।

প্ৰথমে বেটিং কৰি ভাৰতে ৭টা উইকেট হেৰুৱাই ২২৫ ৰান সংগ্ৰহ কৰে। এই ৰানৰ চোঁচা লোৱা আয়াৰলেণ্ডে ২২১ ৰাণত ইনিংছৰ মোখনি মাৰে। দীপক হুডা আৰু সঞ্জু ছেমছনে আইৰিছ বলাৰসকলক ক্লাবৰ স্তৰলৈ নমাই আনে। দ্বিতীয়টো উইকেটৰ বাবে হুডা-ছেমছনে ১৭৬ ৰান সংযোজন কৰে। ভাৰতৰ টি-২০ৰ ইতিহাসত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলে শৈশৱৰ দুই বন্ধুৱে।

ভাৰতৰ টি-২০ ইতিহাসত যিকোনো উইকেটৰ বাবে সৰ্বাধিক ৰান স্ক’ৰ কৰা যুটি হিচাপে বিবেচিত হয় সঞ্জু ছেমছন আৰু দীপক হুডা। ডাবলিনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় উইকেটৰ বাবে ১৭৬ ৰান সংগ্ৰহ কৰে দুয়ো। ২০২২চনত ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে শ্ৰীলংকাৰ বিৰুদ্ধে ইন্দোৰত ১৬৫ৰানৰ অংশিদ্বাৰীত্ব আগবঢ়ায়। ২০১৭ চনত ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম উইকেটৰ বিনিময়ত ১৬০ৰানৰ পাৰ্টনাৰশ্বিপেৰে দৃষ্টি কাঢ়িছিল ক্ৰীড়াপ্ৰেমীৰ।

ইয়াৰোপৰি,  ডাবলিনত ঈশান কিষানে অ’পেনাৰ হিচাপে দেশৰ হৈ টি-২০ ফৰ্মেটত ৫০০ ৰান সম্পূৰ্ণ কৰিছে। ইনিংছ মুকলি কৰি পঞ্চমজন ভাৰতীয় হিচাপে ঈশানে দেশৰ বাবে এই নজিৰ গঢ়ি তুলিবলৈ সক্ষম হৈছে।

ইফালে, টি-২০ ইণ্টাৰনেশ্যনেলত শতক অৰ্জন কৰা টিম ইণ্ডিয়াৰ চতুৰ্থজন বেটছমেন হিচাপে পৰিগণিত হয় দীপক হুদা। সুৰেশ ৰাইনাই টি-২০ ফৰ্মেটত দেশৰ জাৰ্ছীত প্ৰথম শতক অৰ্জন কৰিছিল। ইয়াৰোপৰি ৰোহিত শৰ্মা আৰু কে এল ৰাহুলেও শতক অৰ্জন কৰিছিল। ৰোহিতৰ ৪টা আৰু ৰাহুলৰ দুটাকৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় শতক আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ