--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১ জুলাইৰ পৰা এজবাষ্টনত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত লাগিছে এক বৃহৎ আঘাত। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত নিৰ্ণায়ক টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰে সেই লৈ ব্যাপক চৰ্চা চলিছিল। আজি বিচিচিআই- ৰ এগৰাকী জেষ্ঠ বিষয়াই কৰা মন্তব্য অনুসৰি টেষ্টখনৰ পূৰ্বে ৰোহিত শৰ্মা  ক'ভিডৰ  পৰা সুস্থ হৈ উঠাৰ সম্ভাৱনা নাই আৰু সেয়ে তেওঁ দলৰ পৰা বাহিৰ হৈছে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰা হৈছে যশপ্ৰীত বুমৰাহক। এইদৰে কপিল দেৱৰ পিছত বুমৰাহে টেষ্ট ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়া প্ৰথমজন পেচ বলাৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 

উল্লেখ্য যে লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতি মেচৰ সময়ত ৰোহিত শৰ্মাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছিল। খেলখনৰ প্ৰথম ইনিংছত ৰোহিতে দলৰ বেটিং মুকলি  কৰিছিল যদিও দ্বিতীয় ইনিংছত বেটিং কৰা নাছিল। আনহাতে আজি ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন কৰি থকাৰ সময়তো দলৰ সৈতে ৰোহিত শৰ্মা অনুশীলনত উপস্থিত নাছিল।

বিচিচিআই- ৰ জেষ্ঠ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ৰোহিত শৰ্মা ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টৰ পৰা বাহিৰ হৈছে। ক’ভিডৰ আৰটি-পিচিআৰ পৰীক্ষাত ৰোহিতৰ পুনৰ ক’ভিড পজিটিভ ধৰা পৰিছে বুলি তেওঁ লগতে কয়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ৰোহিত শৰ্মা এতিয়াও আইচ’লেশ্যনত আছে। আনহাতে দলৰ নিয়মীয়া সহ-অধিনায়ক কে এল ৰাহুলো শৃংখলাত অনুপস্থিত বাবে যশপ্ৰীত বুমৰাহে দলটোক নেতৃত্ব দিব বুলি বিচিচিআইৰ জ্যেষ্ঠ বিষয়া বিষয়াগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনায়।

ভাৰতে ১৯৩২ চনত প্ৰথমবাৰৰ টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছত ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ভাৰতক নেতৃত্ব দিয়া ৩৬ তম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব বুমৰাহ। বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ বলিং বিভাগৰ মেৰুদণ্ড স্বৰূপ বুমৰাহে বৰ্তমানলৈকে ২৯ খন টেষ্টত ১২৩ টা উইকেট লাভ কৰিছে। 

আনহাতে ৰোহিত শৰ্মা দলৰ পৰা বাহিৰ হোৱাৰ পিছত শুভমন গিলৰ সৈতে ভাৰতীয় দলৰ ইনিংছ মুকলি কৰাৰ দায়িত্বত কোন গৰাকী খেলুৱৈ থাকিব সেই লৈও চৰ্চা আৰম্ভ হৈছে। ৰোহিত শৰ্মাৰ স্থানত মায়াংক আগৰৱালক দললৈ আমন্ত্ৰণ জনোৱা হৈছে যদিও বিচিচিআইৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে আগৰৱালক কেৱল এক বিকল্প হিচাপেহে দলত অন্তৰ্ভুক্ত কৰা হৈছে। মূল একাদশত তেওঁক স্থান দিয়াৰ সম্ভাৱনা কম। এনে পৰিস্থিতিত অভিজ্ঞ চেতেশ্বৰ পূজাৰাই গিলৰ সৈতে ইনিংছ আৰম্ভ কৰাৰ ভাল সম্ভাৱনা আছে। 

পূজাৰাৰ লগতে অপেনাৰ হিচাপে হনুমা বিহাৰীৰ নামো চৰ্চালৈ আহিছে। ২০১৮ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত এটা ইনিংছত হনুমা বিহাৰীয়ে ইনিংছ আৰম্ভ কৰাৰ অভিজ্ঞতা আছে। অৱশ্যে এই ক্ষেত্ৰত পূজাৰাৰ সম্ভাৱনা অধিক আছে বুলি বিচিচিআইৰ বিষয়া গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই টেষ্টখন যোৱা বছৰৰ ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অংশ। ভাৰতীয় শিবিৰত ক’ভিডৰ সংক্ৰমণৰ পিছত শৃংখলাৰ অন্তিমখন টেষ্ট পিছুৱাই দিয়া হৈছিল। পাঁচখনীয়া মেচৰ শৃংখলাটোত ভাৰত ২-১ ব্যৱধানত আগবাঢ়ি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু