--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অহা ১ জুলাইৰ পৰা এজবাষ্টনত অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অন্তিমখন টেষ্টৰ পূৰ্বে ভাৰতীয় শিবিৰত লাগিছে এক বৃহৎ আঘাত। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা শেহতীয়াকৈ ক'ভিডত আক্ৰান্ত হোৱাৰ পিছত নিৰ্ণায়ক টেষ্টত অৱতীৰ্ণ হ'ব পাৰিব নে নোৱাৰে সেই লৈ ব্যাপক চৰ্চা চলিছিল। আজি বিচিচিআই- ৰ এগৰাকী জেষ্ঠ বিষয়াই কৰা মন্তব্য অনুসৰি টেষ্টখনৰ পূৰ্বে ৰোহিত শৰ্মা  ক'ভিডৰ  পৰা সুস্থ হৈ উঠাৰ সম্ভাৱনা নাই আৰু সেয়ে তেওঁ দলৰ পৰা বাহিৰ হৈছে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰা হৈছে যশপ্ৰীত বুমৰাহক। এইদৰে কপিল দেৱৰ পিছত বুমৰাহে টেষ্ট ক্ৰিকেটত ভাৰতক নেতৃত্ব দিয়া প্ৰথমজন পেচ বলাৰ হোৱাৰ কৃতিত্ব অৰ্জন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 

উল্লেখ্য যে লিচেষ্টাৰশায়াৰৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতি মেচৰ সময়ত ৰোহিত শৰ্মাৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছিল। খেলখনৰ প্ৰথম ইনিংছত ৰোহিতে দলৰ বেটিং মুকলি  কৰিছিল যদিও দ্বিতীয় ইনিংছত বেটিং কৰা নাছিল। আনহাতে আজি ভাৰতীয় দলটোৱে বাৰ্মিংহামৰ এজবাষ্টন ক্ৰিকেট গ্ৰাউণ্ডত অনুশীলন কৰি থকাৰ সময়তো দলৰ সৈতে ৰোহিত শৰ্মা অনুশীলনত উপস্থিত নাছিল।

বিচিচিআই- ৰ জেষ্ঠ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ৰোহিত শৰ্মা ১ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া টেষ্টৰ পৰা বাহিৰ হৈছে। ক’ভিডৰ আৰটি-পিচিআৰ পৰীক্ষাত ৰোহিতৰ পুনৰ ক’ভিড পজিটিভ ধৰা পৰিছে বুলি তেওঁ লগতে কয়। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে ৰোহিত শৰ্মা এতিয়াও আইচ’লেশ্যনত আছে। আনহাতে দলৰ নিয়মীয়া সহ-অধিনায়ক কে এল ৰাহুলো শৃংখলাত অনুপস্থিত বাবে যশপ্ৰীত বুমৰাহে দলটোক নেতৃত্ব দিব বুলি বিচিচিআইৰ জ্যেষ্ঠ বিষয়া বিষয়াগৰাকীয়ে সংবাদ সংস্থা পিটিআইক জনায়।

ভাৰতে ১৯৩২ চনত প্ৰথমবাৰৰ টেষ্ট ক্ৰিকেটত আত্মপ্ৰকাশ কৰাৰ পিছত ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটটোত ভাৰতক নেতৃত্ব দিয়া ৩৬ তম ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব বুমৰাহ। বৰ্তমানৰ ভাৰতীয় ক্ৰিকেট দলৰ বলিং বিভাগৰ মেৰুদণ্ড স্বৰূপ বুমৰাহে বৰ্তমানলৈকে ২৯ খন টেষ্টত ১২৩ টা উইকেট লাভ কৰিছে। 

আনহাতে ৰোহিত শৰ্মা দলৰ পৰা বাহিৰ হোৱাৰ পিছত শুভমন গিলৰ সৈতে ভাৰতীয় দলৰ ইনিংছ মুকলি কৰাৰ দায়িত্বত কোন গৰাকী খেলুৱৈ থাকিব সেই লৈও চৰ্চা আৰম্ভ হৈছে। ৰোহিত শৰ্মাৰ স্থানত মায়াংক আগৰৱালক দললৈ আমন্ত্ৰণ জনোৱা হৈছে যদিও বিচিচিআইৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে আগৰৱালক কেৱল এক বিকল্প হিচাপেহে দলত অন্তৰ্ভুক্ত কৰা হৈছে। মূল একাদশত তেওঁক স্থান দিয়াৰ সম্ভাৱনা কম। এনে পৰিস্থিতিত অভিজ্ঞ চেতেশ্বৰ পূজাৰাই গিলৰ সৈতে ইনিংছ আৰম্ভ কৰাৰ ভাল সম্ভাৱনা আছে। 

পূজাৰাৰ লগতে অপেনাৰ হিচাপে হনুমা বিহাৰীৰ নামো চৰ্চালৈ আহিছে। ২০১৮ চনৰ অষ্ট্ৰেলিয়া ভ্ৰমণত এটা ইনিংছত হনুমা বিহাৰীয়ে ইনিংছ আৰম্ভ কৰাৰ অভিজ্ঞতা আছে। অৱশ্যে এই ক্ষেত্ৰত পূজাৰাৰ সম্ভাৱনা অধিক আছে বুলি বিচিচিআইৰ বিষয়া গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এই টেষ্টখন যোৱা বছৰৰ ভাৰতৰ ইংলেণ্ড ভ্ৰমণৰ অৰ্ধসমাপ্ত টেষ্ট শৃংখলাৰ অংশ। ভাৰতীয় শিবিৰত ক’ভিডৰ সংক্ৰমণৰ পিছত শৃংখলাৰ অন্তিমখন টেষ্ট পিছুৱাই দিয়া হৈছিল। পাঁচখনীয়া মেচৰ শৃংখলাটোত ভাৰত ২-১ ব্যৱধানত আগবাঢ়ি আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ