--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আচাৰ্য চাণক্যই এনে বহু কথা কৈছে যিবোৰ যদি এজন ব্যক্তিয়ে নিজৰ জীৱনত গ্ৰহণ কৰে তেতিয়া কোনেও তাৰ প্ৰগতি ৰোধ কৰিব নোৱাৰে। জীৱনত সফল হ’ব বিচাৰিলে এজন ব্যক্তিৰ কি কি গুণ থকা উচিত সেই বিষয়েও আচাৰ্য চাণক্যই নিজৰ নীতিত প্ৰকাশ কৰিছে।

আচাৰ্য চাণক্যই কৈছে যে যেনেকৈ সোণক ঘঁহি, গৰম আৰু কাটি সুন্দৰ গহনা তৈয়াৰ কৰা হয়, ঠিক তেনেদৰে এজন সফল লোকৰ কিছু বিশেষ গুণ থাকে যিবোৰ তেওঁৰ পৰিচয় আৰু তেওঁক জীৱনত বৃহৎ সফলতা লাভ কৰাত সহায় কৰে। 

আচৰণ : আচাৰ্য চাণক্যই কৈছে যে যিজন ব্যক্তিৰ আচৰণ ভাল, তেওঁৰ প্ৰগতিত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে। এনে ব্যক্তিয়ে নিজৰ আচৰণেৰে সকলোৰে হৃদয় জয় কৰিব পাৰে। অফিচেই হওক বা ঘৰেই হওক, এনে ব্যক্তিয়ে প্ৰয়োজন সাপেক্ষে সদায় সন্মান আৰু সহায় লাভ কৰে। ভাল আচৰণ থকা ব্যক্তিৰ ভাল অভ্যাসে জীৱনত সফলতা লাভ কৰাত সহায় কৰে।

কঠোৰ পৰিশ্ৰম : আচাৰ্য চাণক্যই কৈছে যে যি ব্যক্তিয়ে কঠোৰ পৰিশ্ৰমত ব্ৰতী থাকে তেওঁ জীৱনত বহু সফলতা লাভ কৰে। কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি থকা ব্যক্তিজনে সদায় বিফলতাৰ সন্মুখীন হয়। কিন্তু কঠোৰ পৰিশ্ৰম কৰা ব্যক্তিয়ে কেতিয়াও  বিফলতাৰ মুখ দেখিবলগা নহয়।

ইতিবাচক চিন্তাধাৰা : আচাৰ্য চাণক্যৰ মতে জীৱনত ইতিবাচক চিন্তাধাৰা থকাটো অতি প্ৰয়োজন। সদায় নেতিবাচক চিন্তা কৰা ব্যক্তিয়ে সকলোতে দোষ বিচাৰি পায়। যিকোনো সিদ্ধান্ত ল’বলৈ তেওঁ ভয় কৰে। সদায় নেতিবাচক চিন্তা কৰা ব্যক্তিয়ে কেতিয়াও আগবাঢ়িব নোৱাৰে। সেয়েহে এজন ব্যক্তিয়ে জীৱনত সফলতা লাভ কৰিব হ'লে ইতিবাচক চিন্তাৰ খুবেই প্ৰয়োজন।

লক্ষ্য : আচাৰ্য চাণক্যৰ মতে জীৱনত লক্ষ্য নিৰ্ধাৰণ কৰা ব্যক্তিয়ে কেতিয়াও বিফলতাৰ সন্মুখীন নহয়। এনে ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ অহৰহ চেষ্টা কৰে যাৰ বাবে তেওঁ নিশ্চিতভাৱে সফলতা লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ