--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেটা গেৰৱিগৰ পৰিচালনাত নিৰ্মিত ‘বাৰ্বি’ চিনেমাখনে মুক্তি পোৱাৰ লগে লগে ধুমুহাৰ সৃষ্টি কৰিছে। ‘লেডী বাৰ্ড’, লিটন ৱমেন-ৰ পিছত গ্ৰেটাৰ তৃতীয়খন ছবি  হৈছে ‘বাৰ্বি’। এই ছবিখনৰ জৰিয়তে গ্ৰেটাই পিতৃতন্ত্ৰৰ বিৰুদ্ধে নাৰীবাদৰ পাঠ দিছে। তেওঁ সৰল ভাষাত গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে।

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মাৰ্গট ৰবি আৰু অভিনেতা ৰিয়ান গছলিঙে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে। নাৰীবাদৰ লগতে এলজিবিটিকিউ গোটৰ সম অধিকাৰৰ বিষয়েও ছবিখনত স্থান লাভ কৰিছে।

২১ জুলাইত ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিৰ সমান্তৰালভাৱে চিনেমাগৃহত মুক্তি পালে গ্ৰেটাৰ ছবি ‘বার্বি’। ভাৰতত ‘অপেনহাইমাৰ’ক লৈ যথেষ্ট চৰ্চা চলিছে যদিও ‘বাৰ্বি’ই সমগ্ৰ বিশ্বতে নোলানৰ ছবিখনৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে। বক্স অফিচত প্ৰশংসনীয়ভাৱে স্থান লাভ কৰিছে।

পাকিস্তান আৰু ইৰানে ছবিখন প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল এইবোৰ দেশেই নহয়, ৰাছিয়া, ভিয়েটনাম আৰু ফিলিপাইনছতো ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। ইৰাণত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে পাকিস্তানত বাৰ্বিক সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পাকিস্তানৰ পঞ্জাৱ চেন্সৰ ব’ৰ্ডে জনাইছে যে ছবিখনৰ পৰা “আপত্তিজনক” বিষয়বস্তু আঁতৰাই দিলেহে ছবিখন পুনৰ চিনেমাগৃহত প্ৰদৰ্শিত হ’ব। বৰ্তমান পঞ্জাৱ চেন্সৰ ব’ৰ্ডৰ কৰ্তৃপক্ষই ছবিখন পৰীক্ষা কৰাত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ