--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰেটা গেৰৱিগৰ পৰিচালনাত নিৰ্মিত ‘বাৰ্বি’ চিনেমাখনে মুক্তি পোৱাৰ লগে লগে ধুমুহাৰ সৃষ্টি কৰিছে। ‘লেডী বাৰ্ড’, লিটন ৱমেন-ৰ পিছত গ্ৰেটাৰ তৃতীয়খন ছবি  হৈছে ‘বাৰ্বি’। এই ছবিখনৰ জৰিয়তে গ্ৰেটাই পিতৃতন্ত্ৰৰ বিৰুদ্ধে নাৰীবাদৰ পাঠ দিছে। তেওঁ সৰল ভাষাত গুৰুত্বপূৰ্ণ বিষয় অৱতাৰণা কৰিছে।

হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী মাৰ্গট ৰবি আৰু অভিনেতা ৰিয়ান গছলিঙে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে। নাৰীবাদৰ লগতে এলজিবিটিকিউ গোটৰ সম অধিকাৰৰ বিষয়েও ছবিখনত স্থান লাভ কৰিছে।

২১ জুলাইত ক্রিষ্টোফাৰ নোলানৰ ‘অপেনহাইমাৰ’ ছবিৰ সমান্তৰালভাৱে চিনেমাগৃহত মুক্তি পালে গ্ৰেটাৰ ছবি ‘বার্বি’। ভাৰতত ‘অপেনহাইমাৰ’ক লৈ যথেষ্ট চৰ্চা চলিছে যদিও ‘বাৰ্বি’ই সমগ্ৰ বিশ্বতে নোলানৰ ছবিখনৰ সৈতে প্ৰতিদ্বন্দিতা কৰি আছে। বক্স অফিচত প্ৰশংসনীয়ভাৱে স্থান লাভ কৰিছে।

পাকিস্তান আৰু ইৰানে ছবিখন প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল এইবোৰ দেশেই নহয়, ৰাছিয়া, ভিয়েটনাম আৰু ফিলিপাইনছতো ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছে। ইৰাণত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ বিপৰীতে পাকিস্তানত বাৰ্বিক সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পাকিস্তানৰ পঞ্জাৱ চেন্সৰ ব’ৰ্ডে জনাইছে যে ছবিখনৰ পৰা “আপত্তিজনক” বিষয়বস্তু আঁতৰাই দিলেহে ছবিখন পুনৰ চিনেমাগৃহত প্ৰদৰ্শিত হ’ব। বৰ্তমান পঞ্জাৱ চেন্সৰ ব’ৰ্ডৰ কৰ্তৃপক্ষই ছবিখন পৰীক্ষা কৰাত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?