--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ভাৰতীয়ই স-গৌৰৱেৰে বুকুখন ফিন্দাই মূৰ তুলি লোৱাৰ সময় আহি পৰিছে। ভাৰতৰ বহু প্ৰত্যাশিত চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-৩’ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ‘স্থিৰ অৱতৰণ’ কৰিছে। এই অভূতপূৰ্ব আৰু অতুলনীয় কৃতিত্বৰে ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ (চন্দ্ৰ)ৰ এই অংশত অৱতৰণ কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে কাৰণ এতিয়ালৈকে চন্দ্ৰলৈ যোৱা সকলো অভিযান চন্দ্ৰ বিষুৱৰেখাৰ উত্তৰ বা দক্ষিণে কেইডিগ্ৰীমান অক্ষাংশত অৱতৰণ কৰিছে৷

কেৱল বিজ্ঞানীসকলৰ মাজতে নহয়, দেশৰ সাধাৰণ জনতাৰ মাজতো বিপুল উৎসাহ দেখা গৈছে, আৰু ‘স্থিৰ অৱতৰণ’ৰ প্ৰতি সচেতন প্ৰতিজন ভাৰতীয়ৰ মুখখন সুখেৰে জিলিকি উঠিছে৷

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ লগে লগে ভাৰত মহাকাশ শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে ইছৰ’ৰ উচ্চতা বিশ্বৰ অন্যান্য মহাকাশ সংস্থাতকৈও অধিক ওপৰলৈ গৈছে। দেশবাসীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই তেওঁলোকৰ কামৰ শলাগ লৈছে। ছ’চিয়েল মিডিয়াত অভিনন্দন বাৰ্তাৰ সোঁত। 

পৰিকল্পনা অনুসৰি কিছু সময়ৰ পাছত লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ৰভাৰ প্ৰজ্ঞান ৰেম্প হিচাপে পেনেল ব্যৱহাৰ কৰি চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব। ৰভাৰখনত চকা আৰু নেভিগেচন কেমেৰা আছে। ই চন্দ্ৰৰ পৰিৱেশৰ বিশ্লেষণ কৰি লেণ্ডাৰ বিক্ৰমৰ সৈতে তথ্য ভাগ-বতৰা কৰিব। মাটিত থকা বিজ্ঞানীসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লেণ্ডাৰ বিক্ৰমে। এইদৰে চন্দ্ৰৰ বিষয়ে অমূল্য তথ্য পৃথিৱীত আমাৰ ওচৰলৈ আহিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু