--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন ভাৰতীয়ই স-গৌৰৱেৰে বুকুখন ফিন্দাই মূৰ তুলি লোৱাৰ সময় আহি পৰিছে। ভাৰতৰ বহু প্ৰত্যাশিত চন্দ্ৰ অভিযান ‘চন্দ্ৰযান-৩’ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে ‘স্থিৰ অৱতৰণ’ কৰিছে। এই অভূতপূৰ্ব আৰু অতুলনীয় কৃতিত্বৰে ভাৰতে ইতিহাসৰ সৃষ্টি কৰিছে। পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ (চন্দ্ৰ)ৰ এই অংশত অৱতৰণ কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে কাৰণ এতিয়ালৈকে চন্দ্ৰলৈ যোৱা সকলো অভিযান চন্দ্ৰ বিষুৱৰেখাৰ উত্তৰ বা দক্ষিণে কেইডিগ্ৰীমান অক্ষাংশত অৱতৰণ কৰিছে৷

কেৱল বিজ্ঞানীসকলৰ মাজতে নহয়, দেশৰ সাধাৰণ জনতাৰ মাজতো বিপুল উৎসাহ দেখা গৈছে, আৰু ‘স্থিৰ অৱতৰণ’ৰ প্ৰতি সচেতন প্ৰতিজন ভাৰতীয়ৰ মুখখন সুখেৰে জিলিকি উঠিছে৷

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ লগে লগে ভাৰত মহাকাশ শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে ইছৰ’ৰ উচ্চতা বিশ্বৰ অন্যান্য মহাকাশ সংস্থাতকৈও অধিক ওপৰলৈ গৈছে। দেশবাসীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনাই তেওঁলোকৰ কামৰ শলাগ লৈছে। ছ’চিয়েল মিডিয়াত অভিনন্দন বাৰ্তাৰ সোঁত। 

পৰিকল্পনা অনুসৰি কিছু সময়ৰ পাছত লেণ্ডাৰ বিক্ৰমৰ পেটৰ পৰা ৰভাৰ প্ৰজ্ঞান ৰেম্প হিচাপে পেনেল ব্যৱহাৰ কৰি চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিব। ৰভাৰখনত চকা আৰু নেভিগেচন কেমেৰা আছে। ই চন্দ্ৰৰ পৰিৱেশৰ বিশ্লেষণ কৰি লেণ্ডাৰ বিক্ৰমৰ সৈতে তথ্য ভাগ-বতৰা কৰিব। মাটিত থকা বিজ্ঞানীসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব লেণ্ডাৰ বিক্ৰমে। এইদৰে চন্দ্ৰৰ বিষয়ে অমূল্য তথ্য পৃথিৱীত আমাৰ ওচৰলৈ আহিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক