--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে ‘আদিপুৰুষ’ৰ বাবে। প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানৰ ‘আদিপুৰুষ’ক ২০২৩ বৰ্ষৰ ছবিৰ সেই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বহু বিতৰ্ক আৰু মুক্তিৰ তাৰিখ বৃদ্ধিৰ পিছত এতিয়া ছবিখনৰ চূড়ান্ত মুক্তিৰ তাৰিখ ১৬ জুন, ২০২৩ স্থিৰ কৰা হৈছে। 

কালি ৯ মে’, ২০২৩ তাৰিখে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় আৰু টিজাৰৰ তুলনাত ছবিখনে আচৰিত ধৰণৰ সঁহাৰি লাভ কৰিছে। ৰামায়ণৰ এই অভিযোজনটো দৰ্শকে বহুত ভাল পোৱাৰ লগতে ট্ৰেইলাৰ চাই অনুৰাগীসকল ছবিখনৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰিছে। আদিপুৰুষৰ ট্ৰেইলাৰে অস্কাৰ বিজয়ী আৰআৰআৰৰ অভিলেখ ভংগ কৰিছে। এই বিষয়ে বিতংভাৱে জানো আহক।

কালি পুৱাৰ পৰা অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আদিপুৰুষৰ ট্ৰেইলাৰ মুকলিৰ বাবে। দুপৰীয়া প্ৰায় দুবজাত ইউটিউবত মুক্তি পোৱা এই ট্ৰেইলাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছে। এই ছবিখনৰ সংলাপ, সংগীত, অভিনয় আৰু VFXক অনুৰাগীয়ে প্ৰশংসা কৰিছে। ছবিখনৰ ট্ৰেইলাৰ হিন্দী ভাষাৰ লগতে তেলেগু, মালয়ালম, তামিল আৰু কানাড়া ভাষাতো মুক্তি লাভ কৰে।

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আদিপুৰুষে ‘আৰ আৰ আৰ’ৰ অভিলেখ ভংগ কৰিলে। ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে আদিপুৰুষৰ ট্ৰেইলাৰটোৱে সকলো ভাষা মিলাই মুঠ ৫৭.২০ মিলিয়ন ভিউছ লাভ কৰাৰ বিপৰীতে আৰ আৰ আৰ’ৰ ২৪ ঘন্টাত ভিউজ আছিল ৫১.১২ মিলিয়ন। এই সফলতাত অনুৰাগীসকল অতি সুখী হৈ পৰিছে আৰু ছবিখন চাবলৈ ব্যগ্ৰ হৈ পৰিছে।  আদিপুৰুষ পৰিচালনা কৰিছে ওম ৰাৱটে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?