--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চিনেমাপ্ৰেমীয়ে অধীৰ আগ্ৰহেৰে ৰৈ আছে ‘আদিপুৰুষ’ৰ বাবে। প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানৰ ‘আদিপুৰুষ’ক ২০২৩ বৰ্ষৰ ছবিৰ সেই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে। বহু বিতৰ্ক আৰু মুক্তিৰ তাৰিখ বৃদ্ধিৰ পিছত এতিয়া ছবিখনৰ চূড়ান্ত মুক্তিৰ তাৰিখ ১৬ জুন, ২০২৩ স্থিৰ কৰা হৈছে। 

কালি ৯ মে’, ২০২৩ তাৰিখে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় আৰু টিজাৰৰ তুলনাত ছবিখনে আচৰিত ধৰণৰ সঁহাৰি লাভ কৰিছে। ৰামায়ণৰ এই অভিযোজনটো দৰ্শকে বহুত ভাল পোৱাৰ লগতে ট্ৰেইলাৰ চাই অনুৰাগীসকল ছবিখনৰ প্ৰতি আৰু অধিক আগ্ৰহী হৈ পৰিছে। আদিপুৰুষৰ ট্ৰেইলাৰে অস্কাৰ বিজয়ী আৰআৰআৰৰ অভিলেখ ভংগ কৰিছে। এই বিষয়ে বিতংভাৱে জানো আহক।

কালি পুৱাৰ পৰা অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল আদিপুৰুষৰ ট্ৰেইলাৰ মুকলিৰ বাবে। দুপৰীয়া প্ৰায় দুবজাত ইউটিউবত মুক্তি পোৱা এই ট্ৰেইলাৰটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছে। এই ছবিখনৰ সংলাপ, সংগীত, অভিনয় আৰু VFXক অনুৰাগীয়ে প্ৰশংসা কৰিছে। ছবিখনৰ ট্ৰেইলাৰ হিন্দী ভাষাৰ লগতে তেলেগু, মালয়ালম, তামিল আৰু কানাড়া ভাষাতো মুক্তি লাভ কৰে।

আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে আদিপুৰুষে ‘আৰ আৰ আৰ’ৰ অভিলেখ ভংগ কৰিলে। ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰতে আদিপুৰুষৰ ট্ৰেইলাৰটোৱে সকলো ভাষা মিলাই মুঠ ৫৭.২০ মিলিয়ন ভিউছ লাভ কৰাৰ বিপৰীতে আৰ আৰ আৰ’ৰ ২৪ ঘন্টাত ভিউজ আছিল ৫১.১২ মিলিয়ন। এই সফলতাত অনুৰাগীসকল অতি সুখী হৈ পৰিছে আৰু ছবিখন চাবলৈ ব্যগ্ৰ হৈ পৰিছে।  আদিপুৰুষ পৰিচালনা কৰিছে ওম ৰাৱটে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে