--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : পুনৰ বিতৰ্কৰ আৱৰ্তলৈ আহিছে ভাৰত-ফ্ৰান্সৰ ৰাফেল যুদ্ধবিমান চুক্তি। এই চুক্তিৰ নামত বৃহৎ কেলেংকাৰি হোৱা বুলি বিভিন্ন সময়ত বিৰোধী দলে অভিযোগ কৰি আহিছিল। এইবাৰ ফ্ৰান্সৰে এটা সংবাদ মাধ্যমত প্ৰকাশ পাইছে এই সম্পৰ্কীয় বিস্ফোৰক তথ্য। ভাৰত-ফ্ৰান্সৰ মাজত ৩৬খন ৰাফেল বিমানৰ বাবে চুক্তি সম্পন্ন হোৱাৰ পাছত ৰাফেল নিৰ্মাণকাৰী সংস্থা ডছাল্টে এজন মধ্যভোগীক দিছিল বৃহৎ পৰিমাণৰ ধন।

আৰু পঢ়িব পাৰিব : চত্তিছগড়ৰ মাওবাদী কাণ্ড : চোৰাংচোৱাৰ ভুল নে অভিযানৰ দুৰ্বলতা?

‘মিডিয়াপাৰ্ট’ নামৰ ফৰাচী সংবাদপত্ৰত প্ৰকাশ পোৱা মতে কোম্পানীটোৱে চুক্তি সম্পন্ন হোৱাৰ পাছতে ভাৰতৰ এজন মধ্যভোগীক ১নিযুত ইউৰো আদায় দিছিল। এই প্ৰতিবেদনখনৰ জৰিয়তে এই দুৰ্নীতিৰ তদন্ত কৰাৰো দাবী জনোৱা হৈছে। মধ্যভোগীজন আন এক সামৰিক চুক্তিত ভাৰতলৈ ধনৰ অবৈধ সৰবৰাহত অভিযুক্ত বুলিও প্ৰতিবেদনখনত অভিযোগ অনা হৈছে।

আৰু পঢ়িব পাৰিব : দেশত এদিনতে আক্ৰান্ত ১ লক্ষাধিক, বলীউডতো কৰ’নাৰ আগ্ৰাসন

কোম্পানীটোৱে এই ধন ভাৰতত ৫০খন ৰাফেলৰ অনুকৃতি নিৰ্মাণৰ বাবে নিৰ্মাণকাৰী কোম্পানীক আদায় দিয়া বুলি দাবী কৰি আহিছে যদিও এই অনুকৃতিসমূহ নিৰ্মাণ কৰাৰ কোনো প্ৰমাণ নাই বুলি মিডিয়াপাৰ্টে দাবী কৰিছে। ভাৰতে চুক্তি অনুসৰি ভালেকেইখন ৰাফেল লাভ কৰিছে যদিও এতিয়াও ৰাফেল চুক্তিৰ ধনৰ লেনদেন সম্পৰ্কীয় অস্বচ্ছতা অব্যাহত থকাটো স্পষ্ট হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ