--°C
Loading...
Listen to Article
2 min read
80%

কাবুল : আফগানিস্তানৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। তালিবান সন্ত্ৰাসবাদীৰ আগ্ৰাসন বৃদ্ধি পোৱাৰ পাছত দেশখনত হিংসা বৃদ্ধি পাইছে ব্যাপক ৰূপত। আফগান চৰকাৰৰ নেতাৰ বিৰুদ্ধে এইবাৰ অধিক আক্ৰমণ সংঘটিত কৰাৰ হুংকাৰ দিছে তালিবান সন্ত্ৰাসবাদীয়ে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাই প্ৰবল ৰক্তক্ষয়ৰ ইংগিত দিছে তালিবানে।

তালিবানৰ এক ভয়ংকৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰাৰ এদিনৰ পাছতে এই সতৰ্কবাণী জাৰি কৰিছে তালিবানে। বুধবাৰে এই সতৰ্কবাণী জাৰি কৰে তালিবানে। মাৰ্কিন সেনাই দেশখনত অভিযান সামৰাৰ পাছতে এতিয়া তালিবানে দেশখনত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ প্ৰবল চেষ্টা চলাইছে। দেশখনৰ বিভিন্ন ঠাইত আফগান সামৰিক বাহিনী আৰু তালিবানৰ মাজত যুদ্ধ চলি থকাৰ সময়তে মঙলবাৰে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী বিছমিল্লাহ মোহম্মদীৰ ওপৰত বোমা আক্ৰমণ চলোৱাৰ লগতে প্ৰৱল গুলীবৰ্ষণ কৰে তালিবানে।

ইয়াৰ পাছতে তালিবান সন্ত্ৰাসবাদীয়ে এক বিজ্ঞপ্তি জাৰি কৰিছে ইয়াক চৰকাৰৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ আৰম্ভণিহে বুলি অভিহিত কৰে। দেশখনৰ বিভিন্ন প্ৰান্তত বোমা বৰ্ষণেৰে আক্ৰমণ চলাবলৈ নিৰ্দেশ দিয়া চৰকাৰৰ প্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ আৰু অধিক অনুৰূপ আক্ৰমণ চলোৱাৰ হুংকাৰ দিছে মৌলবাদী সন্ত্ৰাসবাদী সংগঠনটোৱে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ